ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছে জুবিন গাৰ্গৰ, শ্যামকানু মহন্তই জনালে প্ৰকৃত সত্য…

জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ দুদিন পূৰ্বে গৈছিল জুবিন গাৰ্গ।

ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছে জুবিন গাৰ্গৰ, শ্যামকানু মহন্তই জনালে প্ৰকৃত সত্য...

ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছে জুবিন গাৰ্গৰ, জানক প্ৰকৃত কাৰণ...

Updated On: 

19 Sep 2025 | 07:23 PM

মৃত্যু এতিয়া সহজ! জুবিনৰ সুৰীয়া যাত্ৰা ছিংগাপুৰত অন্ত পৰে। জুবিনৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।বৃহস্পতিবাৰে শেষৰ বাবে সংগীত পৰিৱেশন কৰে জুবিনে। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাঙি পৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ দুদিন পূৰ্বে গৈছিল জুবিন গাৰ্গ।

জুবিনে কেইজনমান বন্ধুৰ সৈতে য়ট লৈ সাগৰলৈ গৈছিল। আটাইকেইজন বন্ধু লাইফ জেকেট পিন্ধি লগ হৈ সাগৰত সাঁতুৰিছিল। জুবিনৰ সৈতে সেই য়ট খনত আছিল ১৬ গৰাকী ব্যক্তি। তাত ১১ গৰাকী আছিল ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া লোক।
সাঁতুৰি থকাৰ সময়তে জুবিনৰ seizure attack আহিছিল। শিল্পীগৰাকীৰ মুখেৰে অলপ ফেন আৰু নাকেৰে তেজ ওলাইছিল। লগে লগে সকলো জুবিনৰ ওচৰলৈ দৌৰি গৈছিল আৰু জুবিনক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু প্ৰায় দুইঘন্টামান ৰখা হৈছিল শিল্পীগৰাকীক। অৱশেষত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত জুবিন গাৰ্গৰ মৃত্যু হয়।

একাংশই এই মৃত্যুৰ বাবে শ্যামকানু মহন্তক জগৰীয়া কৰিছে। জুবিনৰ মৃত্যু সন্দৰ্ভত এটা ব্যক্তিগত চেনেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শ্যামকানু মহন্তই। তেওঁ কয়, কালি ধুনীয়াকৈ সংগীত পৰিৱেশন কৰিছিল জুবিনে। অসম এছ’চিয়েছনৰ দুজনমানে জুবিন আৰু তেওঁৰ সংগীসকলক ফুৰাবলৈ লৈ যায়। তাতে পানীত পৰে আৰু জুবিনৰ seizure attack আহে। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আমি লগে লগে চিকিৎসালয়লৈ দৌৰি আহো আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয়। তেনেকৈ থাকি জুবিনৰ ৫ঃ১০ মানত মৃত্যু হয়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব