Highest Paid Villain: অক্ষয় খান্না নহয়! ২০২৫ চনৰ সবাতোকৈ দামী খলনায়ক কোন?

Highest Paid Villain: ২০২৫ চনটোত কেইবাখনো জনপ্ৰিয় ছবি মুক্তি লাভ কৰে। এইবাৰ নায়কতকৈ খলনায়কৰ চৰিত্ৰই বেছি জনপ্ৰিয় হোৱা দেখা যায়। তাৰ ভিতৰত অক্ষয় খান্না অন্যতম। পিছে প্ৰশ্ন হয়, এইবাৰ সবাতোকৈ দামী খলনায়ক কোন?

Highest Paid Villain: অক্ষয় খান্না নহয়! ২০২৫ চনৰ সবাতোকৈ দামী খলনায়ক কোন?

খলনায়ক

Published: 

30 Dec 2025 11:14 AM

২০২৫ চনটোত মনোৰঞ্জন জগতত নায়কতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰে খলনায়কসকলে। বছৰৰ শেষত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা এজন খলনায়ক হ’ল অক্ষয় খান্না। ‘ধুৰন্ধৰ’ নামৰ ছবিখনত অক্ষয় খান্নাৰ চৰিত্ৰ আৰু অভিনয়ে বহু দৰ্শকৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ‘চাবা’ত তেওঁ কৰিছিল দুৰ্দান্ত অভিনয়। ইয়াৰোপৰি খলনায়ক হিচাপে ববী দেউলেও যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছে। পিছে প্ৰশ্ন হয়, ২০২৫ চনৰ সবাতোকৈ দামী খলনায়ক কোন?

এই বছৰ বহু অভিনেতাই খলনায়ক চৰিত্ৰৰে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। ‘ধুৰন্ধৰ’ত অক্ষয় খান্না, ছানী দেউলৰ ‘জাত’ত ৰণদ্বীপ হুডাৰ ৰানাটুংগাৰ চৰিত্ৰই যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইফালে ‘ৰেইড ২’ত ৰিতেশ দেশমুখ, ‘কান্তাৰা চেপ্তাৰ ১’ত ৰুক্মিনী বসন্তৰ অভিনয়ে চিনেমাক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল।”জলী এল এল বি ৩” ছবিখনতো গজৰাজ ৰাৱৰ চৰিত্ৰই ভাল প্ৰদৰ্শন কৰিছিল। ইয়াৰোপৰি ববী দেউলৰ দুখনকৈ চিনেমা, জয়দীপ আহলাৱতৰ অ’টিটিত “ফেমিলি মেন ৩”ত অভিনয় প্ৰশংসাৰ যোগ্য আছিল।

২০২৫ চনৰ আটাইতকৈ দামী খলনায়ক কোন আছিল?

২০২৫ চনত কেইবাখনো বিগ বাজেটৰ ছবি মুক্তি লাভ কৰে।  কিন্তু কম বাজেটৰ ছবিবোৰ বেছি হিট হোৱা দেখা গৈছিল। বিগ বাজেটৰ ছবিৰ ভিতৰত এখন আছিল হৃত্বিৰ ৰোশনৰ ‘ৱাৰ ২’। এই ছবিখন ফ্লপ হৈছিল যদিও অভিনেতাসকলৰ অভিনয় আছিল অতুলনীয়। এই ছবিখনত এইবাৰ মেকাৰে দক্ষিণ ভাৰতৰ এজন বিশিষ্ট তাৰকা জুনিয়ৰ এন টি আৰ (Junior NTR) ক লৈছিল। ছবিখনত তেওঁ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল।

তথ্য অনুসৰি, এই ছবিখনৰ বাজেট আছিল ৪০০ কোটি টকা।এই ছবিখনে বিশ্বজুৰি ৩৬৪.৩৫ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে ভাৰতত ২৩৬.৫৫ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰোপৰি অভাৰছীজৰ পৰা ৮০ কোটি আৰু ভাৰতীয় গ্ৰছ কালেকশ্যন ২৮২ কোটি টকা।

এই ছবিখনৰ বাবদ জুনিয়ৰ এন টি আৰে (NTR) ৬০-৭০ কোটি টকা লাভ কৰিছিল, ইয়াৰ বিপৰীতে হৃত্বিক ৰোশনে লাভ কৰিছিল প্ৰায় ৪০-৫০ কোটি টকা।

অক্ষয় খান্না

চলিত বৰ্ষত অক্ষয় খান্নাৰ দুটাই চৰিত্ৰই জনতাৰ মন মুহিছে। “চাবা”ত ঔৰংজেবৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে অভিনেতাগৰাকীক ২.৫ কোটি টকা লৈছিল, ইয়াৰ বিপৰীতে “ধুৰন্ধৰ”ত ডাক’ট ৰেহমানৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ মাত্ৰ ৩ কোটি টকা লয়।ইফালে নন্দমুৰি বালকৃষ্ণৰ ডাকু মহাৰাজৰ চৰিত্ৰত অভিনয় কৰি ববি দেউলে লাভ কৰে ৪ কোটি টকা।

 

 

অন্য খবৰ পঢ়কঃ বিশ্বৰ শীৰ্ষ ১০ সুদৰ্শন পুৰুষৰ তালিকাত কোন কোন? আছে এজন ভাৰতীয়ৰ নাম…

চুলি সৰা সমস্যা ৰোধ কৰে এইসমূহ খাদ্যই, অধিকাংশই হয়তো আছে আপোনাৰ নিজ ঘৰতে
নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...