অশ্লীল এপৰ বিৰুদ্ধে কঠোৰ চৰকাৰ! Ullu , Altt সহ ২৪ টা এপ নিষিদ্ধ…
এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। শেহতীয়াকৈ মন্ত্ৰালয়ে ২৫ টাকৈ মোবাইল এপ নিষিদ্ধ কৰিছে। এই এপকেইটাৰ বিৰুদ্ধে দীৰ্ঘসময় ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।

সামাজিক মাধ্যম
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধান্ত অনুসৰি মন্ত্ৰালয়ে ২৫টা মোবাইল এপ নিষিদ্ধ কৰিছে। অভিযোগ অনুসৰি, এই এপসমূহে অশ্লীল আৰু আপত্তিজনক বিষয়বস্তু প্ৰচাৰ কৰাৰ লগতে আই টি আইনকে ধৰি অন্যান্য আইন উলংঘা কৰিছে।
এই এপসমূহৰ সন্দৰ্ভত চৰকাৰে কয় যে তেওঁলোকে ডিজিটেল প্লেটফৰ্মত অশ্লীল আৰু অনুপযুক্ত বিষয়বস্তু পৰিবেশন কৰি আছে। এনেসমূহ বিষয়বস্তুৱে সমাজত নেতিবাচক প্ৰভাৱ পেলায়। এই এপসমূহ চেঞ্চৰশ্বিপ বা নিৰীক্ষণ অবিহনে চলাই আছিল, যিয়ে আই টি এক্ট ২০০০ আৰু অন্যান্য চাইবাৰ আইন বিৰোধী।
নিষিদ্ধ ২৫টা এপৰ নাম
চৰকাৰে নিষিদ্ধ কৰা ২৫টা এপসমূহৰ ভিতৰত আছে ALTT, ULLU, Big Shots App, Desiflix, Boomex, Navarasa Lite, Gulab App, Kangan App, Bull App, Jalva App, Wow Entertainment, Look Entertainment, Hit Prime, Feneo, ShowX, Sol Talkies, Adda TV, HotX VIP, Hulchal App, MoodX, NeonX VIP, ShowHit, Fugi, Mojflix আৰু ট্ৰিফ্লিকছ।
অভিযোগ কি
এই এপসমূহৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ ভিতৰত পৰ্ণগ্ৰাফিক ভিডিঅ’ আৰু ৱেব চিৰিজ প্ৰচাৰ কৰা, নাবালক ব্যৱহাৰকাৰীক লক্ষ্য কৰি লোৱা, বয়সৰ পৰীক্ষণ অবিহনে বিষয়বস্তু প্ৰদান কৰা, তথ্য সুৰক্ষা আৰু গোপনীয়তাৰ নিয়ম উলংঘা কৰা, আই টি আইন আৰু তথ্য সম্প্ৰচাৰৰ নিয়মৰ বিৰুদ্ধে যোৱা আদি।
এই পদক্ষেপ কিয় প্ৰয়োজনীয়?
আজিকালি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা বিষয়বস্তুবোৰ প্ৰায়ভাগেই অশ্লীল। এনে বিষয়বস্তুবোৰ সহজে শিশু, যুৱক-যুৱতী আদি সকলোৱে চাব পাৰে। ই সমাজত এক নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰোপৰি চেন্সৰশ্বিপ অবিহনে ডিজিটেল প্লেটফৰ্মত পৰ্ণগ্ৰাফিক ৱেব ছিৰিজ প্ৰচাৰ কৰি আহিছে। সমাজত ক্ৰমাৎ বৃদ্ধি পোৱা মানসিক আৰু নৈতিক অৱনতিত এইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে এই পদক্ষেপ অতিকে প্ৰয়োজনীয় আছিল।
এতিয়া কি হ’ব?
এই এপসমূহ প্লেষ্ট’ৰ আৰু এপ ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হ’ব। আইন মানি নচলা প্লেটফৰ্মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। চৰকাৰে কয় যে ডিজিটেল ক্ষেত্ৰতখনত ভাল বিষয়বস্তু প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ দিয়া হ’ব।
অন্য খবৰ পঢ়কঃ EPFO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…