ছলমান খানৰ সৈতে যোগাযোগত আছে নেকি আৰাধ্যা বচ্চন? জানক সত্য কি…

বলীউডৰ বিভিন্ন খবৰ বিভিন্ন সময়ত বিয়পি পৰে। এনে এক খবৰ হ'ল আৰাধ্য বচ্চন অভিনেতা ছলমান খানৰ সৈতে যোগাযোগত আছে নেকি?

ছলমান খানৰ সৈতে যোগাযোগত আছে নেকি আৰাধ্যা বচ্চন? জানক সত্য কি...

ছলমান-আৰাধ্যা

Published: 

30 Jun 2025 | 01:36 PM

বলীউডৰ দুটা চৰ্চিত নাম ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চন। দুয়োৰে প্ৰেমৰ কথা সকলোৱে জানে, কিন্তু দুয়োৰে সম্পৰ্কৰ বিচ্ছেদ ঘটা আজি বহু সময় হ’ল।  ইজনে সিজনৰ লগত সম্পৰ্কত নাথাকিব বুলি বহু আগতেই সিদ্ধান্ত লৈছিল। অৱশ্যে এই সিদ্ধান্ত প্ৰথমে ঐশ্বৰ্য ৰায়ে লোৱা বুলি কোৱা হয়। সম্পৰ্ক বিচ্ছেদ হ’লেও দুয়োৰে কথা যেন কোনোৱে পাহৰিব নোৱাৰে। আজিও বহুতে অপেক্ষা কৰি আছে কেতিয়া দুয়োকে একেলগে পৰ্দাত দেখা যাব? অৱশ্যে ইয়াৰ উত্তৰ যেন কাৰো ওচৰত নাই।

কিন্তু কেতিয়াবা কিছুমানে দুয়োকে কিছুমান দিশেৰে সংযোগ কৰাৰ চেষ্টা কৰে, আৰু এই সংযোগক আৰাধ্যা বচ্চন বুলি কোৱা হয়।  এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত কেইবাখনো ছবি ভাইৰেল হৈ পৰিছে, য’ত ছলমান খান আৰু আৰাধ্যাক দেখা পোৱা গৈছে। একাংশই দাবী কৰিছিল যে কণমানি আৰাধ্যাই স্কুলৰ বিৰতিৰ সময়ত ছলমানক লগ পায়।

ভাইৰেল হোৱা ফটো

ঐশ্বৰ্য ৰায় বচ্চনৰ কন্যা আৰাধ্যাৰ সৈতে ছলমান খানৰ ছবিখন কিছুদিন পূৰ্বে ইণ্টাৰনেটত ধুমুহাৰ দৰে বিয়পি পৰিছিল। এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। কেতিয়াবা ছলমানক সাৱটি ধৰা হয়, কেতিয়াবা দুয়ো কথা পতা আদি বিভিন্ন ভংগীমা ছবিত দেখা গৈছে। কেতিয়াবা চেলফিৰ বাবে পোজ দিয়া, কেতিয়াবা আন কিবা। কিন্তু আৰাধ্যাই গোপনে ছলমানৰ সৈতে সংযোগ গঢ়ি তুলিছে এই কথা সঁচা নেকি!

এই খবৰ সম্পূৰ্ণ মিছা। এই ছবিবোৰ ভালদৰে চালে বুজিব যে ছবিখনত থকা ছোৱালীজনী আৰাধ্যা বচ্চন নহয়। এই ছবিখন মৰ্ফ কৰা হৈছে। আৰাধ্যাৰ মুখখন জাৰিন খানৰ মুখত লগাই দিছে কোনোয়ে। ‘চিকান্দৰ’ ছবিৰ চেটৰ পৰা ভাইৰেল হৈ পৰা ছবিখনৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই। এই সকলোবোৰ কোনো দুষ্ট চক্ৰই তৈয়াৰ কৰিছে। কিন্তু বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।

 

অন্য খবৰ পঢ়কঃ হঠাৎ মৃত্যু হ’ব! কেইমাহমান পূৰ্বে শ্বেফালী সন্দৰ্ভত কোনে কৰিছিল ভৱিষ্যদ্বাণী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...