Dharmendra Net Worth: কিমান টকাৰ সম্পত্তি এৰি গ’ল ধৰ্মেন্দ্ৰই? কোনে হ’ব নতুন মালিক…
Dharmendra Net Worth: ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰই। ইয়াৰ পাছতে চৰ্চালৈ আহিছে তেওঁৰ সম্পত্তিৰ। কোটি কোটি টকা সম্পত্তিৰ মালিক আছিল ধৰ্মেন্দ্ৰ।

ধৰ্মেন্দ্ৰ
জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত ২৪ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পাছতে এতিয়া বলীউডত শোকৰ ছাঁ পৰিছে। হি-মেন হিচাপে খ্যাত ধৰ্মেন্দ্ৰই ছবি প্ৰেমী ৰাইজক বহু উপহাৰ দি গৈছে। অৱশ্যে কেৱল সাংস্কৃতিক জগতখনতে নহয়, ৰাজনৈতিক জগততো ভৰি থৈছিল ধৰ্মেন্দ্ৰই।
এই অভিনেতাগৰাকীৰ সম্পত্তিৰ পৰিমাণ অধিক। ২০২৪ চনত হেমা মালিনীয়ে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি ধৰ্মেন্দ্ৰৰ হাতত ৪৩ লাখতকৈ অধিক মূল্যৰ নগদ ধন, ৪.৫০ কোটিতকৈ অধিক মূল্যৰ শ্বেয়াৰ, ১ কোটিতকৈ অধিক মূল্যৰ অলংকাৰ আছিল।
কিমান আছে
হেমা মালিনীৰ নিৰ্বাচনী শপতনামা অনুসৰি ২০২৪ চনত ধৰ্মেন্দ্ৰৰ নগদ ধন ৪৩,১৯,০১৬ টকা আছিল। বেংক, এনবিএফচি, আৰু বিত্তীয় প্ৰতিষ্ঠানত জমা ধনৰ পৰিমাণ আছিল মুঠ ৩,৫২,৯৯,৩৭১ টকা। বহু কোম্পানীত তেওঁ বিনিয়োগ কৰিছিল, যাৰ পৰিমাণ প্ৰায় ৪,৫৫,১৪,৮১৭ টকা। এই সম্পত্তি এতিয়া আৰু অধিক হোৱাৰ সম্ভাৱনা আছে।
ধৰ্মেন্দ্ৰৰ গহনাৰ প্ৰতি আকৰ্ষণ আছিল। ১ কোটিতকৈ অধিক টকাৰ গহনা তেওঁ ওচৰত আছিল। ইয়াৰ পৰিমাণ এতিয়া বৃদ্ধি পাব। নিৰ্বাচনী শপতনামা অনুসৰি ধৰ্মেন্দ্ৰৰ স্থাৱৰ সম্পত্তিৰ মূল্য আছিল ১৭.১৫ কোটিতকৈ অধিক।
মুম্বাইত বাংলো
ধৰ্মেন্দ্ৰৰ মুম্বাইৰ জুহুত ১২৬ কোটি টকা মূল্যৰ এটা বাংলো আছে। ইয়াৰোপৰি তেওঁৰ নামত মাটিও আছে। যাৰ দাম প্ৰায় ৯.৩৭ কোটি টকা। ইয়াৰ অৰ্থ ধৰ্মেন্দ্ৰৰ ওচৰত প্ৰায় ১৩৬ কোটিতকৈ অধিক অস্থাৱৰ সম্পত্তি আছে। এয়া কেৱল সাধাৰণ তথ্য, ইয়াতকৈ আৰু অধিক সম্পত্তি ধৰ্মেন্দ্ৰৰ থাকিব পাৰে। ধৰ্মেন্দ্ৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩০০ কোটিৰ অধিক হোৱাৰ সম্ভাৱনা।
উল্লেখ্য যে, হেমা মালিনীতকৈ ধৰ্মেন্দ্ৰ ধনী। সেই সময়ত দাখিল কৰা শপতনামা অনুসৰি ধৰ্মেন্দ্ৰৰ মুঠ সম্পত্তি প্ৰায় ১৫৩ কোটিতকৈ অধিক, ইফালে হেমা মালিনীৰ সম্পত্তিৰ পৰিমাণ ১,২৫,৭০,৩৯,৯৬১ টকা। গতিকে এতিয়া চৰ্চা হৈ আছে যে মৃত্যুৰ পাছত ধৰ্মেন্দ্ৰৰ সম্পত্তি কোনে পাব? অৱশ্যে এতিয়ালৈকে এয়া স্পষ্ট হোৱা নাই। পাছত সবিশেষ প্ৰকাশ পাব পাৰে।
অন্য খবৰ পঢ়কঃ এটা যুগৰ অৱসান! বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ শেষ নিশ্বাস ত্যাগ…