Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ’ল!

চলমান খানৰ জনপ্ৰিয় টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ৰ পিছত ‘বিগ বছ কানাড়া’ৰ ১১ সংখ্যক ছিজনৰ বিজয়ী ঘোষণা কৰিছে। হনুমন্ত লামানীয়ে এই অনুষ্ঠানটোত নিজৰ নাম উজলাই তুলিছে। ইয়াৰ জৰিয়তে তেওঁ এনে এক অভিলেখ গঢ়ি তুলিছে, যিটো টিভিত চলমানৰ অনুষ্ঠানত কেতিয়াও হোৱা নাছিল।

Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গল!

‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ'ল!

Published: 

27 Jan 2025 15:21 PM

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ কিচ্চা সুদীপৰ টিভি ৰিয়েলিটি শ্ব’ ‘বিগ বছ কানাড়া ছিজন ১১’ৰ বিজয়ীৰ নাম ঘোষণা হৈছে। ২৬ জানুৱাৰীত এই অনুষ্ঠানটোৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হৈছিল, য’ত জনসাধাৰণৰ ভোটৰ ভিত্তিত বিজয়ীক নিৰ্বাচিত কৰা হয়। এই অনুষ্ঠানৰ খিতাপ দখল কৰে হনুমন্ত লামানীয়ে।

প্ৰথম দিনাৰ পৰাই হনুমন্ত লামানীয়ে শ্ব’টোৰ অংশ নাছিল যদিও তেওঁৰ বাইল্ড কাৰ্ডৰ জৰিয়তে প্ৰৱেশ কৰিছিল। ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে যোগদান কৰাৰ পিছতো তেওঁ খেলখন এনেদৰে খেলিছিল যে বিজয়ী মুকুট তেওঁহে পিন্ধিব। ‘বিগ বছ কানাড়া’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বাইল্ড কাৰ্ড প্ৰতিযোগীয়ে এই শ্ব’ত জয়লাভ কৰিছে।

চলমানৰ ‘বিগ বছ’ত কেতিয়াও এনেকুৱা হোৱা নাই

কেৱল ‘বিগ বছ কানাড়া’তেই নহয়, হিন্দী ভাষাত প্ৰচলিত চলমান খানৰ ‘বিগ বছ’তো এনেকুৱা কেতিয়াও হোৱা নাই। চলমানৰ অনুষ্ঠানটোৱে এই পৰ্যন্ত ১৮টা ছিজন সম্পূৰ্ণ কৰিছে যদিও কোনো ৱাইল্ড কাৰ্ড প্ৰতিযোগীয়ে এই খিতাপ লাভ কৰিব পৰা নাই। অৱশ্যে হনুমন্তৰ আগতে এলভিছেও তেওঁৰ নামত অভিলেখ গঢ়িছিল।

এই অভিলেখ ‘বিগ বছ OTT’ত গঢ়িছিল

‘বিগ বছ কানাড়া’ আৰু হিন্দীৰ চলমানৰ ‘বিগ বছ’ত হয়তো এনেকুৱা হোৱা নাছিল, কিন্তু ‘বিগ বছ OTT’ত এইটো নিশ্চিতভাৱে হৈছে। ‘‘বিগ বছ OTT’ৰ ছিজন ২ ৰ খিতাপ লাভ কৰিছিল ইউটিউবাৰ এলভিছ যাদৱে।

ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?
শোৱাৰ সময়ত বিচনাৰ তলত ৰাখক এগিলা পানী, লাভ কৰিব এনে চমৎকাৰী ফল…
ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে শিৱলিঙ্গত কি আগবঢ়াব লাগে, জানেনে আপুনি?
ৰে'লৰ ভিতৰত থাকিব বাথটাব, চিনেমা ৰুম! ক'ত চলিব এই বিলাসী ৰে'লখন?