শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি এ আৰ ৰহমানকঃ কেনে আছে সংগীতজ্ঞগৰাকী!

চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দেশৰ সংগীত জগতৰ ভোটাতৰা স্বৰূপ, বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক। বুকুৰ বিষৰ বাবে সংগীতজ্ঞগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে। অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীক সম্প্ৰতি এটি বিশেষজ্ঞ চিকিৎসকৰ দলে চোৱা-চিতা কৰি আছে।

শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি এ আৰ ৰহমানকঃ কেনে আছে সংগীতজ্ঞগৰাকী!

এ আৰ ৰহমানক চিকিৎসালয়ত ভৰ্তি

Updated On: 

16 Mar 2025 12:11 PM

হঠাতে শাৰীৰিক অসুস্থতাত ভোগাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দেশৰ সংগীত জগতৰ ভোটাতৰা স্বৰূপ, বিশিষ্ট সংগীতজ্ঞ এ আৰ ৰহমানক। বুকুৰ বিষৰ বাবে সংগীতজ্ঞগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি এ আৰ ৰহমানে আজি পুৱা তীব্ৰ বুকুৰ বিষ অুভৱ কৰাৰ পিছতে চেন্নাইৰ গ্রীমছ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি এই চিকিৎসালয়তে ভৰ্তি হৈ আছে এ আৰ ৰহমান। বৰ্তমানলৈকে অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই।

প্ৰতিবেদন অনুসৰি, পুৱা প্ৰায় ৭:৩০ বজাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু ইয়াৰ পিছতে চিকিৎসকে তেওঁৰ ইচিজি আৰু ইকোকাৰ্ডিঅ’কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্বাস্থ্য পৰীক্ষা কৰে। চিকিৎসালয়খনৰ ঘনিষ্ঠ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদন মতে স্বাস্থ্যৰ অৱস্থালৈ চাই তেওঁৰ এঞ্জিওগ্ৰাম পৰীক্ষাও কৰিবলগীয়া হ’ব পাৰে। অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীক সম্প্ৰতি এটি বিশেষজ্ঞ চিকিৎসকৰ দলে চোৱা-চিতা কৰি আছে।

সংবাদ সংস্থা পিটিআইৰ মতে, শেহতীয়াকৈ বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতে এ আৰ ৰহমানে ডিঙিৰ তীব্ৰ বিষত ভুগিছিল। ইয়াৰ পিছত তেওঁ বুকুৰ বিষতো ভোগা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সম্প্ৰতি এ আৰ ৰহমানক গ্রীমছ ৰোডস্থিত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰা হৈছে বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনত। উল্লেখ্য যে অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীৰ বৰ্তমান বয়স ৫৮ বছৰ।

বিগত কিছুদিনত প্ৰাক্তন পত্নীৰ সৈতে সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল এ আৰ ৰহমানে। শেহতীয়াকৈ তেওঁৰ প্ৰাক্তন পত্নী ছাইৰা বানুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল। সেই সময়ছোৱাত প্ৰাক্তন পত্নীলৈ সহায় আগবঢ়াইছিল এ আৰ ৰহমানে। অস্ত্ৰোপচাৰৰ পিছত ছাইৰা বানুৱে ৰহমানক বিপদৰ সময়ত এই সহায়ৰ বাবে ধন্যবাদ জনাইছিল।

উল্লেখ্য যে ১৯৯৫ চনত এ আৰ ৰহমান আৰু ছাইৰা বানুৰ বিবাহ সম্পন্ন হৈছিল। দুয়ো বৈবাহিক সম্পৰ্কৰ চিন স্বৰূপে দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানৰ অভিভাৱকত্ব অৰ্জন কৰিছিল। অৱশ্যে সুদীৰ্ঘ প্ৰায় তিনি দশকজোৰা সম্পৰ্কৰ পিছত সকলোকে আচৰিত কৰি বিগত বৰ্ষৰ নৱেম্বৰ মাহত দুয়ো পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension