পূৰ্বতে পিতৃ-মাতৃৰ পৰা পিটন খাইছিলো, এতিয়া সন্তানে…নিজৰ ল’ৰা-ছোৱালী সন্দৰ্ভত কি ক’লে আমিৰ খানে…
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা আমিৰ খান। তেওঁক মিষ্টাৰ পাৰফেকচনিষ্ট বুলি জনা যায়। বহুতকে তেওঁ বহু পৰামৰ্শ দিয়ে। কিন্তু তেওঁৰ পৰা সন্তানে কোনো পৰামৰ্শ লয়নে? তেওঁৰ প্ৰতি সন্তানৰ ব্যৱহাৰ কেনেকুৱা?

আমিৰ খান
আমিৰ খান, যাক বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট বুলি জনা যায়। তেওঁৰ অভিনয় দক্ষতাত প্ৰায় সকলোৱে প্ৰশংসা কৰে। অভিনয়ৰ লগত জড়িত বিভিন্ন পৰামৰ্শ বাবে বহু তাৰকাৰ ল’ৰা-ছোৱালীয়ে তেওঁৰ ওচৰলৈ যায়। কিন্তু তেওঁৰ সন্তানে পৰামৰ্শ বিচাৰেনে? পিতৃৰ পৰা কিবা পৰামৰ্শ লয় নে সন্তানে? শেহতীয়াকৈ আমিৰ খানে ‘দ্য কপিল শৰ্মা শ্ব’ত এই বিষয়ে মুকলিকৈ কয়। শ্ব’টোৰ আয়োজক কপিলে ধেমালিতে আমিৰ খানক সোধে, “এটা বাক্য আছে যে ‘ঘৰ কা মুৰ্গী দাল কে বৰাবৰ, আপোনাৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো এনেকুৱা হয় নেকি? তেওঁলোকে কিবা কৰাৰ আগতে আপোনাৰ পৰা পৰামৰ্শ লয় নে?”
এই প্ৰশ্ন শুনি আমিৰ খানে ডাঙৰকৈ হাঁহে। কপিল শৰ্মাৰ কথাত সন্মতি প্ৰদান কৰি খানে কয় যে, “আপুনি এটা ডাঙৰ প্ৰশ্ন সুধিছে। মোৰ ল’ৰা-ছোৱালীয়ে মোৰ কথা নুশুনে। কেতিয়াবা মোৰ ভাব হয় যে আমাৰ প্ৰজন্মটো কৰবাত আৱদ্ধ হৈ পৰিছে। আমি আগতে পিতৃ-মাতৃৰ কথা শুনিছিলো, আৰু ভাবিছিলো যে আমাৰ সন্তানেও আমাৰ কথা শুনিব। অপনা টাইম আয়েগা, ৰনবীৰ সিঙৰ দৰে। কিন্তু আমি পিতৃ-মাতৃ হোৱাৰ সময়লৈকে আমাৰ ল’ৰা-ছোৱালী বহু সলনি হৈ গ’ল। তেওঁলোকে মুঠেও আমাৰ কথা শুনিব নিবিচাৰে”।
আৰু কয়, “আগতে আমাত পিতৃ-মাতৃয়ে পিটিছিল আৰু এতিয়া সন্তানে আমাৰ লগত মাৰপিট কৰে। আমি দুয়োফালৰ পৰা আৱদ্ধ। আমি মাজৰ প্ৰজন্ম”।
ইণ্ডাষ্ট্ৰীৰ আন লোকে তেওঁৰ পৰামৰ্শ বিচৰাৰ উদাহৰণ দি কয় যে, “যেতিয়া জেকী শ্ৰফৰ পুত্ৰ টাইগাৰ ইণ্ডাষ্ট্ৰীলৈ আহিছিল, তেতিয়া জগুৱে মোক কৈছিল, টাইগাৰক এবাৰ লগ কৰি কথা পাতক। জানিবলৈ চেষ্টা কৰক টাইগাৰ কেনেকুৱা। ইণ্ডাষ্ট্ৰীৰ বহু লোক আছে যিয়ে বিচাৰে মই তেওঁলোকৰ ল’ৰা-ছোৱালীক লগ কৰো। ভাল পৰামৰ্শ আগবঢ়াও। তেওঁলোকক কেইটামান দিন নিজৰ লগত ৰাখো। তেওঁলোকক চাবলৈ দিও যে মই কেনেকৈ কাম কৰো। কিন্তু নিজৰ সন্তানে মোক গুৰুত্ব নিদিয়ে। তেওঁলোকে মোৰ পৰামৰ্শ ল’ব নিবিচাৰে। যেতিয়া মই পৰামৰ্শ দিয়াৰ চেষ্টা কৰো তেতিয়া তেওঁলোকে বাধা দিয়ে। তেওঁলোকে একেবাৰেই মোৰ কথা নুশুনে”।
অন্য খবৰ পঢ়কঃ মোৰ স্বামী আৰু কন্যাই লাজ পোৱা কাম মই… কিয় অশান্তি হৈছিল ঐশ্বৰ্য ৰায়ৰ পৰিয়ালত…