আমিৰ খানৰ আছে অবৈধ সন্তানঃ পৰিয়ালৰ সৈতে সম্পৰ্ক শেষ কৰি ভাতৃয়ে ভেদ কৰিলে ডাঙৰ ৰহস্য…

বলীউড অভিনেতা আমিৰ খান সন্দৰ্ভত বিস্ফোৰক মন্তব্য ভাতৃৰ। আমিৰ আৰু পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক শেষ কৰি তেওঁ কয় যে, আমিৰৰ আছে এটি অবৈধ সন্তান।

আমিৰ খানৰ আছে অবৈধ সন্তানঃ পৰিয়ালৰ সৈতে সম্পৰ্ক শেষ কৰি ভাতৃয়ে ভেদ কৰিলে ডাঙৰ ৰহস্য...

আমিৰ খান

Updated On: 

19 Aug 2025 | 02:33 PM

জনপ্ৰিয় অভিনেতা আমিৰ খানক বলীউডৰ মিষ্টাৰ পাৰফেক্ট বুলি কোৱা হয়। বলীউড জগতখনৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। ইয়াৰ মাজতে কিছুমান খবৰ সঁচা হয় আৰু কিছুমান হয় উৰা বাতৰি। কিন্তু শেহতীয়াকৈ আমিৰ খান সন্দৰ্ভত তেওঁৰ ভাতৃয়ে এক ডাঙৰ মন্তব্য কৰিছে। শেহতীয়াকৈ আমিৰ খানৰ ভাতৃ ফৈছল খানে মুম্বাইত এক সংবাদমেল সম্বোধন কৰি কয় যে তেওঁ আমিৰ খান আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্চিন্ন কৰিছে।

আমিৰৰ ভাতৃয়ে অভিযোগ উত্থাপন কৰে যে, ৰীণাৰ সৈতে বিবাহৰ সম্পৰ্কত থকাৰ সময়ত আমিৰ খানে কিৰণ ৰাওৰ লগতো প্ৰেমৰ সম্পৰ্কত আছিল। আনকি এগৰাকী সাংবাদিকৰ পৰা তেওঁৰ এটি অবৈধ সন্তানো আছে। আমিৰৰ ভাতৃৰ এই ভাষ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ কয় যে, তেওঁ আমিৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছে। তেওঁ দাবী কৰে যে, আমিৰৰ ৩ টা সন্তানৰ উপৰি এটা অবৈধ সন্তানো আছে।

ফৈছল খানে কয় যে, মোৰ পৰিয়ালে মোক বিয়া পতাৰ কথা কৈ আছিল। আমিৰৰ সেই সময়ত ৰীণা দত্তৰ সৈতে বিয়া হৈছিল। কিন্তু সেই সময়ত তেওঁ জেছিকাৰ সৈতে সম্পৰ্কত আছিল। বিয়া অবিহনে তেওঁলোকৰ এটি সন্তানো আছিল। তেওঁ কয় যে যেতিয়া মই পৰিয়ালৰ প্ৰতি ক্ষোভিত হৈ পৰিছিলো ভাবিছিলো এখন চিঠি লিখিম। তেওঁলোকে মোক বিয়া পাতিবলৈ হেঁচা দি আছিল। এনে পৰিস্থিতিত মই সিদ্ধান্ত লৈছিলো যে কোন কেনেকুৱা সেয়া মই দেখুৱাম। মোৰ ভনী নিখাতৰ তিনিবাৰ বিয়া হৈছে। আমিৰৰ ৰীণাৰ লগত বিবাহ বিচ্ছেদ হৈছিল। কিন্তু তেওঁৰ জেছিকা হাইনছৰ সৈতে সম্পৰ্ত আছিল। জেছিকাৰ পৰা তেওঁৰ এটি অবৈধ সন্তান আছে। সেই সময়ত কিৰণৰ লগতো তেওঁ লিভ-ইনত আছিল। মোৰ দেউতাই দুবাৰ বিয়া পাতিছিল আৰু মোৰ সম্পৰ্কীয় ভগ্নীয়েও দুবাৰ বিয়া পাতিছে।

জেছিকা কোন

উল্লেখ্য যে, ২০০৫ চনত আমিৰ আৰু জেছিকাৰ অবৈধ সন্তানৰ কথা প্ৰকাশ পাইছিল। কিন্তু ইয়াৰ দায়িত্ব আমিৰ খানে গ্ৰহণ কৰা নাছিল। জেচিকা আছিল এগৰাকী বিদেশী সাংবাদিক, তেওঁ কৰ্মসূত্ৰে ভাৰতলৈ আহিছিল। সেই সময়ত তেওঁ আমিৰক লগ পাইছিল আৰু পাছলৈ প্ৰেমত পৰিছিল। সেই সময়ত তেওঁ গৰ্ভৱতী হৈছিল। আমিৰে জেছিকাক সন্তান গৰ্ভপাত কৰোৱাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল কিন্তু জেছিকাই সেই দাবী মানি লোৱা নাছিল। জেছিকাই কৈছিল যে, তেওঁ সন্তানটি অকলে ডাঙৰ-দীঘল কৰিব। আমিৰ খানৰ ভাতৃৰ মতে, জেছিকা আৰু আমিৰৰ সেই সন্তান এতিয়াও আছে।

 

 

অন্য খবৰ পঢ়কঃ বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস আছে নেকি? সাৱধান, হ’ব পাৰে এই ডাঙৰ সমস্যা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...