দাম ৪৫ লাখ, ঐশ্বৰ্যৰ বিয়াত কোনে আটাইতকৈ দামী উপহাৰটো দিছিল?
জয়া-অমিতাভে তেওঁলোকৰ ‘বোৱাৰী’ৰ বাবে উপহাৰ হিচাপে দিছিল এডাল হীৰাৰে ভৰা মংগলসূত্ৰ। প্ৰশ্ন হয়, সেই মংগলসূত্ৰৰ দাম কিমান? আপুনিও শুনি আচৰিত হ’ব।

বচ্চন পৰিয়ালে অতি আড়ম্বৰেৰে আয়োজন কৰিছিল পুত্ৰৰ বিয়া। কোৱা হয় তেওঁলোকৰ একমাত্ৰ পুত্ৰ অভিষেক আৰু কইনা যেতিয়া ঐশ্বৰ্য ৰায় বচ্চন, তাতনো কিহৰ অভাৱ থাকিব? বিয়াত বচ্চন পৰিয়ালে ঐশ্বৰ্যক বিভিন্ন উপহাৰ দিছিল। কিন্তু সকলোকে বেছি আকৰ্ষণীয় উপহাৰটো আছিল ঐশ্বৰ্যৰ ডিঙিত থকা মংগলসূত্ৰ।
জয়া-অমিতাভে তেওঁলোকৰ ‘বোৱাৰী’ৰ বাবে উপহাৰ হিচাপে দিছিল এডাল হীৰাৰে ভৰা মংগলসূত্ৰ। প্ৰশ্ন হয়, সেই মংগলসূত্ৰৰ দাম কিমান? আপুনিও শুনি আচৰিত হ’ব।কোৱা হয় যে সেই মঙ্গলসূত্ৰৰ দাম সেই সময়ত প্ৰায় ৪৫ লাখ টকা আছিল। সেই সময়ত পৰিয়ালৰ সকলোৰে লগত সকলোৰে ভাল সম্পৰ্ক আছিল। সেইবাবেই বচ্চন পৰিয়ালে নিজৰ মৰমৰ বোৱাৰীৰ বাবে ইমান দামী উপহাৰ নিৰ্বাচন কৰিছিল।
বিয়াৰ পিছত কেইবাবছৰ ধৰি বিভিন্ন অনুষ্ঠানত ঐশ্বৰ্যৰ সেই মংগলসূত্ৰ পৰিধান কৰা দেখা গৈছিল ঐশ্বৰ্যক। অৱশ্যে যোৱা কেইবছৰমানৰ পাছত তেওঁক সেইডাল পিন্ধা দেখা নাই। এবাৰ ঐশ্বৰ্যই কৈছিল যে সন্তান জন্ম দিয়াৰ পিছত নিজক গহনাৰে ঢাকি ৰাখিব নিবিচাৰে।অৱশ্যে নিয়মবোৰো সলনি হ’ল৷ অভিষেক আৰু ঐশ্বৰ্যৰ বিচ্ছেদৰ উৰাবাতৰি যেতিয়া তুংগত আছিল, তেতিয়া বিশ্বসুন্দৰীয়ে কন্যা আৰাধ্যাৰ সৈতে পেৰিছ ফেশ্বন উইকত উপস্থিত হৈছিল। আৰু তাতেই তেওঁৰ ডিঙিত দেখা গ’ল ৰত্নৰে ভৰা মংগলসূত্ৰ। যিটো দৃশ্য দেখি অনুৰাগীসকলেও কিছু সকাহ পাইছিল।
তেওঁলোকৰ মৰমৰ নায়িকাৰ ডিঙিত সে হাৰডাল দেখি সকলোৱে ভাবি লৈছে যে তেওৰ আৰু স্বামীৰ মাজত সকলো ঠিকেই আছে। যদিও এই বিচ্ছেদৰ জল্পনা-কল্পনাৰ অন্ত পেলাবলৈ কিছু সময় লাগিছিল। শেহতীয়াকৈ নায়িকাগৰাকীয়ে শিৰত সেন্দূৰ লৈ খোজ দিছিল ৰেড কাৰ্পেটত। যিয়ে সকলোৰে মনৰ শংকা দূৰ কৰিছিল।