বন্ধ দুৱাৰৰ আঁৰত কি আছিল? ধৰ্মেন্দ্ৰক শেষবাৰ দেখা কৰিব গৈ আচৰিত হৈ পৰিছিল মুমতাজ…
ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পাছত অনুৰাগীসকলৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। সকলোৱে প্ৰশ্ন কৰিছে, কিয় দেউল পৰিয়াল মনে মনে আছে। ইয়াৰ মাজতে ধৰ্মেন্দ্ৰ অন্যতম প্ৰিয় অভিনেত্ৰী মুমতাজে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

ধৰ্মেন্দ্ৰ-মুমতাজ
বহুতৰে মনত এটা প্ৰশ্ন, কিয় অনুৰাগীয়ে শেষৰবাৰৰ বাবে ধৰ্মেন্দ্ৰক চাবলৈ নাপালে? কিয় সকলোৰে অজ্ঞাতে হ’ল ছুপাৰষ্টাৰগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া? কিয় ফুলেৰে সাজি নুঠিল বলীউডৰ হিমেনৰ শেষ যাত্ৰা? অনুৰাগীৰ মনত এনে বহু প্ৰশ্ন আছে যদিও দেউল পৰিয়াল এতিয়াও মনে মনে আছে। পিছে কিয় এনে কৰা হ’ল? দেউল পৰিয়াল নিশ্চুপ হৈ থাকিলেও এই সন্দৰ্ভত শেহতীয়াকৈ ধৰ্মেন্দ্ৰৰ প্ৰিয় অভিনেত্ৰী মুমতাজে সংবাদ মাধ্যমৰ আগত এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে ধৰ্মেন্দ্ৰ চিকিৎসালয়ত থকাৰ সময়ত তেওঁৰ সৈতে কি হৈছিল।
যোৱা ১১ নৱেম্বৰত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ সকলোফালে বিয়পি পৰিছিল। কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে স্পষ্ট কৰি দিছিল যে ধৰ্মেন্দ্ৰ সুস্থ আছে। ধৰ্মেন্দ্ৰ জীয়াই আছে। তাৰ পাছতে অভিনেত্ৰী মুমতাজে ধৰ্মেন্দ্ৰৰ খবৰ ল’বলৈ হাস্পাতাললৈ গৈছিল। কিন্তু তেতিয়াই সংঘটিত হয় আচৰিত ঘটনা।
সংবাদ মাধ্যমৰ আগত মুমতাজে কয় যে, “ধৰ্মেন্দ্ৰৰ সৈতে মোৰ ভাল বন্ধুত্ব আছিল। আমি যেতিয়াই লগ পাইছিলো বহু আড্ডা মাৰিছিলো। পৰিয়ালৰ সৈতেও আছিল ঘনিষ্ঠতা। গতিকে যেতিয়া মই ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি কথা জানিব পাৰিছিলো তেতিয়া নিজক ৰখাব পৰা নাছিলো। লগে লগে মই ব্ৰিচ কেণ্ডী হাস্পাতালত তেওঁক চাবলৈ উপস্থিত হৈছিলো। কিন্তু উপস্থিত হৈয়ে দেখো যে হাস্পাতালৰ বাহিৰত কটকটীয়া নিৰাপত্তা”।
তেওঁ আৰু কয় যে, “মই তেতিয়া ধৰ্মেন্দ্ৰ থকা কোঠাটোৰ সন্মুখত থিয় হৈ থকা নাৰ্ছগৰাকীক সুধিছিলো তেওঁৰ স্বাস্থ্যৰ বিষয়ে। তেওঁ কলে যে, ধৰ্মেন্দ্ৰ ভেন্টেলেচনত আছে। তাৰ পাছত মই তেওঁক চাম বুলি কোঠাত সোমাব লওতেই নাৰ্ছগৰাকীয়ে মোৰ হাতখনত ধৰি কয় যে এতিয়া নোসোমাব। মই বহুত অনুৰোধ কৰাৰ পাছতো তাত যাব দিয়া নহ’ল। মই কৈছিলো যে মাত্ৰ দূৰৰ পৰা তেওঁক চাম। আধা ঘন্টা ধৰি থিয় হৈ থকাৰ পাছতো মোক ধৰ্মেন্দ্ৰক চাব দিয়া নহ’ল। পাছত মই গ’ম পালো তেওঁক ৰিলিজ দিয়া বুলি। ইয়াৰ এসপ্তাহ পাছতেই আহে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ”। ধৰ্মেন্দ্ৰক শেষৰবাৰ দেখা কৰিব নোৱাৰি এতিয়া উচুপি উঠিছে মুমতাজ।
অন্য খবৰ পঢ়কঃ প্ৰায় ৫০০ কোটি টকা! হেমাৰ দুই কন্যাই ধৰ্মেন্দ্ৰৰ সম্পত্তিৰ পৰা কি বিচাৰে? ক’লে নিজেই…