ভয়ংকৰ! এই ৫ টা কাহিনীয়ে বুকু কঁপাই তুলিব আপোনাৰ…

বৰ্তমান দেশত HMPV নামৰ ভাইৰাছত বহু শিশু আক্ৰান্ত হৈছে। কিন্তু কেৱল বাস্তৱ ক্ষেত্ৰতে নহয়, বহু ভয়ংকৰ ভাইৰাছৰ ওপৰত কেইবাখন ছবিও নিৰ্মাণ হৈছে।

ভয়ংকৰ! এই ৫ টা কাহিনীয়ে বুকু কঁপাই তুলিব আপোনাৰ...

ছবি

Edited By: 

Manas Borah | Updated On: 07 Jan 2025 | 06:28 PM

বৰ্তমান দেশত এক ভাইৰাছৰ খবৰ তীব্ৰগতিত বিয়পি পৰিছে। HMPV নামৰ ভাইৰাছত আক্ৰান্ত হৈছে কেইবাটাও শিশু। ইয়াৰ পূৰ্বে কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিছিল। অৱশ্যে কেৱল বাস্তৱ ক্ষেত্ৰতে নহয় আমি এনে বহু কাহিনী শুনিছো য’ত এটা ভাইৰাছে সকলো শেষ কৰি দিব পাৰে। চলচ্চিত্ৰ জগতো ইয়াৰ ব্যতিক্ৰম নহয়। ভাইৰাছ বা কোনো ধৰণৰ এপ’কেলিপছে কেনেকৈ বিশ্ব ধ্বংস কৰে তাৰ ওপৰত বহু ছবি নিৰ্মাণ হৈছে। আজি আমি এনে কেইখনমান ছবিৰ বিষয়ে উল্লেখ কৰিম য’ত এপ’কেলিপছ বা মহামাৰীক বিষয়বস্তু হিচাপে লৈ কাহিনী তৈয়াৰ কৰা হৈছে।

আউটব্ৰেক (Outbreak (1995)

বুলফগেং পিটাৰছনৰ দ্বাৰা পৰিচালিত এই ছবিখনত বান্দৰে বিয়পোৱাৰ এটা ভাইৰাছৰ বিষয়ে দেখুওৱা হৈছে। এই ছবিখনত উপস্থাপন কৰা হৈছে যে কেনেকৈ আফ্ৰিকাৰ বৰ্ষাৰণ্যৰ পৰা অনা বান্দৰৰ পৰা এটা ভাইৰাছ সৰ্বত্ৰে বিয়পি পৰে। পৰৱৰ্তী সময়ত বিজ্ঞানীসকলে কেনেদৰে কঠোৰ পৰিশ্ৰম কৰি এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা হৈছে ইয়াৰ বিষয়ে ছবিখনত দেখুওৱা হৈছে। এই ছবিখনত কেভিন স্পেচি, মৰ্গান ফ্ৰীমেন, ডাষ্টিন হফমেনৰ দৰে বহু তাৰকাই অভিনয় কৰিছে।

কন্টেজিয়ন (Contagion (2011)

কোৰোনা ভাইৰাছৰ ত্ৰাসৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ষ্টিভেন ছ’ডাৰবাৰ্গৰ ২০১১ চনৰ ছবি ‘কণ্টেজিয়ন’। এই ছবিখনত গ্ৱেনেথ পেলট্ৰ’, মেৰিয়ান কটিলাৰ্ড, ব্ৰাইয়ান ক্ৰেনষ্টন, মেট ডেমন, লৰেন্স ফিচবাৰ্ন, জুড ল, কেট উইন্সলেট আৰু জেনিফাৰে অভিনয় কৰিছে। ২০০৯ চনত ছোৱাইন ফ্লু ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ওপৰত আধাৰিত এই ছবিখন।

টুৱেলফ মাংকিজ (12 Monkeys (1995)

এই কাহানীত এনে এখন পৃথিৱীৰ বিষয়ে কোৱা হৈছে য’ত মানৱ জাতিটো ইতিমধ্যে নিঃশেষ হৈ গৈছে। এনে সময়ত এজন ব্যক্তিক ভৱিষ্যতৰ পৰা অতীতলৈ পঠিওৱা হয় যাতে এই ভাইৰাছ কেনেকৈ বিয়পি, ইয়াৰ কাৰণ কি এই বিষয়ে জানিব পৰা যায়। টেৰী গিলিয়ামৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ব্ৰেড পিট আৰু ব্ৰুচ উইলিছে ইয়াত ভাল প্ৰদৰ্শন কৰিছে।

৯৩ ডেজ (93 Days (2016)

এই ছবিখন ২০১৬ চনত মুক্তি লাভ কৰিছিল। ছবিখনত ইব’লাৰ দৰে ভাইৰাছ দেখুৱাবলৈ চেষ্টা কৰা হৈছে। ছবিখন পৰিচালনা কৰিছে ষ্টিভ গুকাছৰে। লগতে অভিনয় কৰিছে ডেনি গ্লভাৰ আৰু বিম্বো মেনুৱেল আদিৰ দৰে বহু জনপ্ৰিয় অভিনেতা- অভিনেত্ৰীয়ে। আপুনি ইচ্ছা কৰিলে নেটফ্লিক্সত এই ছবি চাব পাৰে।

ট্ৰেইন টু বুচান (Train to Busan (2016)

এই কোৰিয়ান ছবিখন এটা জম্বি ভাইৰাছৰ ওপৰত নিৰ্মিত। এই বিপজ্জনক ভাইৰাছ মানুহক কেনেকৈ জম্বিলৈ ৰূপান্তৰিত কৰে তাৰ পাছত কেনেকৈ মানুহক হত্যা কৰে তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। জম্বিৰে ভৰা ৰে’লত এজন পিতৃয়ে কন্যাৰ সৈতে কেনেকৈ জীয়াই থাকে তাৰ কাহিনী ছবিখনত দেখুওৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...