Assam by-elections : ভাগ্য কাৰ ফুলিল ? উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে…

এই উপ-নিৰ্বাচনটোত বিজেপিয়ে অসমৰ ধলাই সমষ্টিৰ বাবে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে চামগুৰি সমষ্টিত প্ৰাৰ্থীত্ব দিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক। একেদৰে নিজৰ হাতত ৰখা আনটো সমষ্টি বিহালীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিছে দিগন্ত ঘাটোৱাৰক ।

Assam by-elections : ভাগ্য কাৰ ফুলিল ? উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে...

বিজেপিয়ে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম

Updated On: 

19 Oct 2024 | 10:01 PM

১৩ নৱেম্ববৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত বিভিন্ন কথা বতৰা চৰ্চা থকাৰ সময়তে আজি উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বিজেপিয়ে । উল্লেখ্য যে, ৰাজ্যত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে তিনিটা সমষ্টি নিজৰ হাতত ৰখাৰ বিপৰীতে দুটা সমষ্টিৰ মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিছে ।

নিজৰ হাতত ৰখা তিনিটা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে শাসকীয় বিজেপিয়ে । এই উপ-নিৰ্বাচনটোত বিজেপিয়ে অসমৰ ধলাই সমষ্টিৰ বাবে নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে চামগুৰি সমষ্টিত প্ৰাৰ্থীত্ব দিছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক। একেদৰে নিজৰ হাতত ৰখা আনটো সমষ্টি বিহালীত বিজেপিয়ে প্ৰাৰ্থীত্ব দিছে দিগন্ত ঘাটোৱাৰক ।

উল্লেখ্য যে, বঙাগাঁও বিধানসভা সমষ্টি আৰু চিডলী বিধানসভা সমষ্টি ক্ৰমে অসম গণ পৰিষদ আৰু ইউ পি পি এলক দিয়াৰ বাবে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল । ৰাজ্যিক পৰ্যায়ত বিজেপিয়ে অগপ আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতাত থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি সদৰী কৰিছিল ৰাজ্যিক বিজেপিৰ নেতৃত্বই ।

ইফালে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আজি অসমৰ লগতে বিহাৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু পশ্চিম বংগত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নামও ঘোষণা কৰিছে ।

১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ আৰু ৩০ অক্টোবৰৰ ভিতৰত নাম প্ৰত্যাহাৰ কৰিব পাৰিব। ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ।

লগতে পঢ়ক : Assam By-Elections 2024: ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন, কিমান সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...