Assam By-Elections 2024: ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন, কিমান সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ?

১৩ নৱেম্বৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এইবাৰ এই পাঁচটা বিধানসভা সমষ্টিত ৯ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

Assam By-Elections 2024: ১৩ নৱেম্বৰত ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন, কিমান সংখ্যক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ?

প্ৰতীকী ফটো

Updated On: 

19 Oct 2024 | 02:13 PM

অহা ১৩ নৱেম্বৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । এইবাৰ এই পাঁচটা বিধানসভা সমষ্টিত ৯ লাখৰো অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । এই কথা সদৰী কৰিছে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে । যোৱা লোকসভা নিৰ্বাচনত বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক কেইজন লোকসভালৈ নিৰ্বাচিত হয় । গতিকে খালী হৈ থকা এই পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

এই পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ ৯,১০,৬৬৫ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত ৪,৫৫,৯২৪ গৰাকী মহিলা ভোটাৰ থকাৰ বিপৰীতে ৪,৫৪,৭২২ জন পুৰুষ ভোটাৰ আছে । এই তথ্য প্ৰকাশ কৰিছে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে । বিষয়া গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এই উপ-নিৰ্বাচনত শাৰীৰিকভাৱে অক্ষম ৪,৩৮৯ জন আৰু ৮৫ বছৰৰ ওপৰৰ ৩,৭৮৮ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।

উল্লেখ্য যে, বঙাইগাঁও সমষ্টিত ১,৮২,৩৫৪ গৰাকী ভোটাৰ থকাৰ বিপৰীতে বিহালী সমষ্টিত ১,৩২,৫৮৯ গৰাকী, ধলাই সমষ্টিত ১,৯৭,৬৪২ গৰাকী, চিদলী সমষ্টিত ২,১৭,২৩৬ গৰাকী আৰু চামগুৰি সমষ্টিত ১,৮০,৮৫৪ গৰাকী ভোটাৰ আছে ।

এই উপ-নিৰ্বাচনটোত মুঠ ১০৭৮টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । চিদলী ২৭৩টা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ বিপৰীতে বেহালীত সৰ্বনিম্ন ১৫৪টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব । ইফালে বঙাইগাঁও সমষ্টিত ২৪৬ টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু চামগুৰি বিধানসভা সমষ্টিত ১৯৭ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । অহা ১৩ নৱেম্বৰ তাৰিখে এই পাঁচটা বিধানসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

মনকৰিবলগীয়া যে, ভোটিং মেছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা হোৱাৰ কথাও সদৰী কৰিছে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ আৰু ২৩ নৱেম্বৰত উপ-নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...