Assam by election: উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন! সাজু কেইবাজনো প্ৰাৰ্থী…

উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। আজি মনোনয়ন দিব কেইবাগৰাকীও প্ৰাৰ্থীয়ে । উল্লেখ্য যে ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই সমষ্টিকেইটা- বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাই। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা সমষ্টিতে ইতিমধ্যে আৰম্ভ হৈছে  প্ৰচাৰ অভিযান।

Assam by election: উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন! সাজু কেইবাজনো প্ৰাৰ্থী...

উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন!

Published: 

25 Oct 2024 | 11:32 AM

ৰাজ্যত এতিয়া বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ। ৫ সমষ্টিৰ বাবে ইতিমধ্যে মনোনয়ন দাখিল কৰিছে শাসক-বিৰোধীৰ বহু প্ৰাৰ্থীয়ে।  উপ-নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিন। আজি মনোনয়ন দিব কেইবাগৰাকীও প্ৰাৰ্থীয়ে । উল্লেখ্য যে ৫ সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অসমত অনুষ্ঠিত হ’ব বিধানসভাৰ উপ- নিৰ্বাচন। এই সমষ্টিকেইটা- বিহালী, ছিদলী, চামগুৰি, বঙাইগাঁও আৰু ধলাই। উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা সমষ্টিতে ইতিমধ্যে আৰম্ভ হৈছে  প্ৰচাৰ অভিযান।

আজি মনোনয়ন দাখিল কৰিব জয়ন্ত বৰাই৷ বিহালী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা৷ মনোনয়ন দাখিল পৰ্বত অংশ ল’ব কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই৷ চামগুৰিৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই দাখিল কৰিব মনোনয়ন৷ শৰ্মাক সংগ দিব দলৰ সভাপতি ভৱেশ কলিতাই৷ লগতে সংগ দিব কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়কে৷ মনোনয়ন দাখিলৰ পূৰ্বে জখলাবন্ধাৰ মন্দিৰত কৰিব পূজা-অৰ্চনা৷

আজি মনোনয়ন দাখিল কৰিব বঙাইগাঁৱৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে। ইয়াৰোপৰি সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়েও আজি দাখিল কৰিব মনোনয়ন। অসম সন্মিলিত মৰ্চাৰ বিহালীৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়েও আজি দাখিল কৰিব মনোনয়ন। লক্ষ্মীকান্তৰ মনোনয়ন দাখিলত সংগ দিব লুৰীণজ্যোতি গগৈ আৰু অজিত ভূঞাই। লগতে উপস্থিত থাকিব অসম সন্মিলত মঞ্চৰ বহু নেতা কৰ্মী।দিনৰ ১ বজাত মোনোনয়ন পত্ৰ দাখিল কৰিব অসম সন্মিলত মঞ্চৰ সমৰ্থিত চিপিআই(এম এল)ৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে।

ইফালে অন্তিম দিনটোত মনোনয়ন দাখিল কৰিব আম আদমী পাৰ্টীৰ বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী অনন্ত গগৈয়ে। প্ৰাৰ্থীগৰাকীক সংগ দিব আম আদমী পাৰ্টীৰ ৰাজ্যিক সম্পাদক সহ বহু নেতা-কৰ্মীয়ে। চামগুৰিতো আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে আজি দাখিল কৰিব মনোনয়ন। মনোনয়ন পত্ৰ দাখিল কৰিব ছিদলীৰ BPF প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...