বাতৰি কাকতৰ তলত কিয় ৪ টা ৰঙীন বিন্দু থাকে? এই ৰঙীন বিন্দুৰ অৰ্থ কি জানো আহক

কিছুমান লোকৰ আজিও বাতৰি কাকতৰ সৈতে আবেগ জড়িত হৈ আছে। আপুনি হয়টো লক্ষ্য কৰিছে প্ৰতিদিনে পঢ়া বাতৰি কাকতৰ তলত ভিন্ন ৰঙৰ বিন্দু থাকে, ইয়াৰ আঁৰত কি কাৰণ আছে জানেনে?

বাতৰি কাকতৰ তলত কিয় ৪ টা ৰঙীন বিন্দু থাকে? এই ৰঙীন বিন্দুৰ অৰ্থ কি জানো আহক
Published: 

28 Nov 2025 | 03:00 PM

প্ৰতিখন বাতৰি কাকতৰ পৃষ্ঠাৰ তলত প্ৰায় ৪টাকৈ ৰঙীন বিন্দু দেখা যায়। ইমান ডাঙৰ বাতৰি কাকতখনত এই সৰু বিন্দু দিয়াৰ কাৰম বাতৰি কাকততে আছে। এই বিন্দুৰ চাৰিটা ৰঙেৰে বাতৰি কাকতৰ শিৰোণাম লিখা হয়!ইয়াক CMYK কালাৰ মোড বোলা হয়। ইয়াৰ অৰ্থ কি জানো আহক?

এই বিন্দুবোৰে বাতৰি কাকতত সঠিক ৰঙৰ আৰ্হি সৃষ্টি কৰিবলৈ মাৰ্কাৰ হিচাপে কাম কৰে। শৈশৱত আমাক শিকাইছিল যে ৰঙা, হালধীয়া আৰু নীলা এনেকুৱা ৰং যিবোৰ আমি আন ৰঙৰ সহায়ত সৃষ্টি কৰিব নোৱাৰো। এইবোৰক প্ৰাথমিক ৰং বোলা হয়।

কিন্তু এই তিনিটা ৰঙৰ সহায়ত আমি নিশ্চিতভাৱে বিভিন্ন ধৰণৰ ৰং সৃষ্টি কৰিব পাৰো। যিকোনো দুটা প্ৰাথমিক ৰং সমান পৰিমাণে ব্যৱহাৰ কৰিলে তৃতীয় এটা ৰং গঠন হয়, যাক গৌণ ৰং বোলা হয়। উদাহৰণস্বৰূপে- ৰঙা + হালধীয়া = কমলা, হালধীয়া + নীলা = সেউজীয়া, ৰঙা + নীলা = বেঙুনীয়া ইত্যাদি।

এতিয়া প্ৰাথমিক ৰঙৰ আৰ্হি প্ৰিন্টাৰতো ব্যৱহাৰ কৰা হয়। মাত্ৰ আৰু এটা ৰং ক’লা ইয়াত যোগ কৰা হৈছে। CMYK ত C মানে Cyan, আৰু সহজ ভাষাত ইয়াৰ অৰ্থ নীলা। M মানে মেজেন্টা, অৰ্থাৎ গোলাপী, Y মানে হালধীয়া আৰু K মানে ক’লা। বাতৰি কাকতৰ পৰা আলোচনী, ভিজিটিং কাৰ্ড, ফ্লেক্স বেনাৰ আৰু সকলো চৰকাৰী চিঠি, সকলোবোৰ ৪টা ৰঙেৰে ছপা হয়।

এই চাৰিটা ৰং সঠিক অনুপাতত ৰাখি যিকোনো ৰং সৃষ্টি কৰিব পাৰি। ফটো এখন ছপাবলৈ এই সকলোবোৰ ৰঙীন প্লেট এটা পৃষ্ঠাত পৃথকে পৃথকে ৰখা হয় আৰু ছপা কৰাৰ সময়ত একে শাৰীতে থাকে।

কেতিয়াবা বাতৰি কাকতৰ ছবিবোৰ যদি ধোঁৱা ধোঁৱা দেখা যায়, তেন্তে ইয়াৰ অৰ্থ হ’ল এই চাৰিটা ৰঙৰ প্লেটবোৰ ওপৰা-ওপৰিকৈ সোমাই গৈছে। ইয়াৰ অৰ্থ হ’ল যদি কোনো ৰঙৰ বিন্দু আন এটা ৰঙৰ বিন্দুৰ ওপৰত পৰে, তেন্তে বুজিব যে সেই পৃষ্ঠাত ছপা কৰা ছবিবোৰৰ ৰংবোৰো বেয়া আৰু দাগী হ’ব।

কিতাপ ছপা কৰাৰ সময়তো CMYK চিহ্ন থাকে যদিও পৃষ্ঠা কাটি থাকোঁতে আঁতৰাই পেলোৱা হয়। এই ৰঙৰ ধৰণটো ব্ৰ’চাৰ আৰু ভিজিটিং কাৰ্ডতো ব্যৱহাৰ কৰা হয়। ঈগল প্ৰিন্টিং ইনকৰ্পৰেশ্যন কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ১৯০৬ চনত চিএমৱাইকে ব্যৱহাৰ কৰিছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...