EPFO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগে নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন আহ্বান কৰিছে।

EPFO ত ওলাইছে চাকৰিঃ কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

25 Jul 2025 | 01:20 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে  ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। এই ক্ষেত্ৰত UPSC য়ে এক অধিসূচনা জাৰি কৰিছে, যাৰ অধীনত কেইবাটাও পদ পূৰণ কৰা হ’ব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।  কেন্দ্ৰীয় লোকসেৱা আয়োগে এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২৩০ টা বলবৎকাৰী বিষয়া/ একাউণ্ট বিষয়া আৰু সহকাৰী প্ৰভিডেণ্ট ফাণ্ড আয়ুক্ত পদ (Enforcement Officer/ Accounts Officer and Assistant Provident Fund Commissioner )ত নিযুক্তিৰ বাবে নিয়োগ জাননী প্ৰকাশ কৰিছে।

এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ২৯ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ই ১৮ আগষ্টলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

পদৰ নামঃ বলবৎকাৰী বিষয়া/ একাউণ্ট বিষয়া (. Enforcement Officer/ Accounts Officer )

  • পদৰ সংখ্যাঃ ১৫৬টা।
  • দৰমহাঃ লেভেল-০৮ মেট্ৰিস্ক 7th CPC ৰ অধীনত।

বয়স

  • জেনেৰেলঃ ৩০
  • অবিচিঃ ৩৩
  • এছচি/এছটিঃ ৩৫
  • দিব্যাংগঃ ৪০

পদৰ নামঃ সহকাৰী ভৱিষ্য নিধি আয়ুক্ত (Assistant Provident Fund Commissioner)

  • পদৰ সংখ্যাঃ ৭৪
  • দৰমহাঃ লেভেল ১০,মেট্ৰিস্ক 7th CPC ৰ অধীনত।

বয়স

  • জেনেৰেলঃ ৩৫
  • অবিচিঃ ৩৮
  • এছচি/এছটিঃ ৪০
  • দিব্যাংগঃ ৪৫

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি UPSC Recruitment Portal ত যাওক।
  • তাৰ পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত “Online Application Form” ত ক্লিক কৰক আৰু ৰেজিষ্টেশ্যন কৰক।
  • Online Application Form” ত লিংক আৰু লগ ইন কৰক।
  • নিজৰ ব্যক্তিগত তথ্য দাখিল কৰক।
  • মাচুল আদায় কৰক।
  • চাবমিট কৰক।

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক 

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ! ওলাইছে চৰকাৰী চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...