UPSC ৰ ২০২৪ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল প্ৰকাশ, শীৰ্ষত শক্তি ডুবে, চাওক শীৰ্ষ দহগৰাকী প্ৰাৰ্থীৰ নাম

আয়োগে মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে । ২০২৫ চনৰ ৭ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই সাক্ষাৎকাৰত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক সাক্ষাৎকাৰ গ্ৰহণ কৰা হয় ।

UPSC ৰ ২০২৪ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ফলাফল প্ৰকাশ, শীৰ্ষত শক্তি ডুবে, চাওক শীৰ্ষ দহগৰাকী প্ৰাৰ্থীৰ নাম

UPSC CSE 2024 ৰ ফলাফল ঘোষণা

Updated On: 

22 Apr 2025 16:01 PM

২০২৪ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে কেন্দ্ৰীয় লোকসেৱা আয়োগে । এই পৰীক্ষাত শক্তি ডুবেই সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে । প্ৰাৰ্থীসকলে UPSC ৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ত গৈ ৰোল নম্বৰ আৰু নামেৰে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব । সাক্ষাৎকাৰ আৰু মূল পৰীক্ষাত পোৱা নম্বৰৰ ভিত্তিত চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে ।

আয়োগে মুঠ ১০০৯ জন প্ৰাৰ্থীৰ ফলাফল প্ৰকাশ কৰিছে, য’ত সাধাৰণ শ্ৰেণীৰ ৩৩৫, ই ডব্লিউ এছৰ ১০৯, অ’বিচিৰ ৩১৮, অনুসূচিত জাতিৰ ১৬০ আৰু অনুসূচিত জাতি শ্ৰেণীৰ ৮৭ জন প্ৰাৰ্থী আছে । ২০২৫ চনৰ ৭ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ১৭ এপ্ৰিললৈ অনুষ্ঠিত হোৱা এই সাক্ষাৎকাৰত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক সাক্ষাৎকাৰ গ্ৰহণ কৰা হয় । সাক্ষাৎকাৰত মুঠ ২৮৪৫ গৰাকী প্ৰাৰ্থী উপস্থিত থাকে । নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত ইউ পি এছ চিয়ে ২৪১ গৰাকী প্ৰাৰ্থীক পৰৱৰ্তী পৰীক্ষণ পৰ্যন্ত অস্থায়ী কৰি ৰাখিছে ।

UPSC CSE ২০২৪ ৰ শীৰ্ষ ১০ গৰাকী উত্তীৰ্ণৰ তালিকা:

  1. শক্তি ডুবে
  2. হৰ্শিতা গোৱেল
  3. ডংগ্ৰে আৰ্চিট পৰাগ
  4. শ্বাহ মাৰ্গী চিৰাগ
  5. আকাশ গাৰ্গ
  6. কমল পুনিয়া
  7. আয়ুষী বংশাল
  8. ৰাজ কৃষ্ণ ঝা
  9. আদিত্য বিক্ৰম আগৰৱালা
  10. মায়ংক ত্ৰিপাঠী

UPSC CSE 2024 Final Result কেনেকৈ পৰীক্ষা কৰিব:

UPSC ৰ অফিচিয়েল ৱেবছাইট upsc.gov.in  লৈ যাওক

হোম পেজত দিয়া CSE 2024 Final Result লিংকত ক্লিক কৰক

ক্ৰীণত এটা PDF দেখা পাব

এতিয়া নাম আৰু ৰোল নম্বৰৰ সহায়ত ফলাফল পৰীক্ষা কৰক

UPSC CSE 2024 Final Result Download Link : প্ৰাৰ্থীসকলে এই লিংকত ক্লিক কৰিও ফলাফল পৰীক্ষা কৰিব পাৰিব ।

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক