একেটা শিক্ষা বৰ্ষত দুবাৰ নামভৰ্তি, একেলগে দুটা ডিগ্ৰী পাঠ্যক্ৰম! UGCএ প্ৰকাশ কৰিছে নতুন নিৰ্দেশনা

বিশ্ববিদ্যালয় অনুদান আয়োগে উচ্চ শিক্ষাক অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে নতুন নিৰ্দেশনাৰ খচৰা প্ৰকাশ কৰিছে। নতুন নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলে এটা শিক্ষা বৰ্ষত দুবাৰকৈ নামভৰ্তি কৰিব পাৰিব। তদুপৰি প্ৰাৰ্থীয়ে এটা শিক্ষা বৰ্ষতে দুটা স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব।

একেটা শিক্ষা বৰ্ষত দুবাৰ নামভৰ্তি, একেলগে দুটা ডিগ্ৰী পাঠ্যক্ৰম! UGCএ প্ৰকাশ কৰিছে নতুন নিৰ্দেশনা

UGCৰ নতুন নিৰ্দেশনা

Published: 

06 Dec 2024 | 04:14 PM

উচ্চ শিক্ষাক অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ। এই উদ্দেশ্যে আয়োগে নতুন নিৰ্দেশনাৰ খচৰা প্ৰকাশ কৰিছে। এই নতুন নিয়মসমূহে উচ্চ শিক্ষাত অধিক নমনীয়তা আনিব বুলি বিশ্বাস কৰা হৈছে। লগতে উচ্চ শিক্ষাত অনুশাসনমূলক কঠোৰতা আঁতৰাই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বহুবিষয়ক শিক্ষণৰ সুযোগ প্ৰদান কৰিব বুলিও ধাৰণা কৰা হৈছে। আয়োগৰ এই নিৰ্দেশনা উচ্চ শিক্ষানুষ্ঠানসমূহে প্ৰৱৰ্তন কৰিবলৈ সাজু হ’লে ছাত্ৰ-ছাত্ৰীসকলে বছৰত দুবাৰকৈ নামভৰ্তি কৰিব পাৰিব।

ইউজিচিৰ অধ্যক্ষ এম জগদীশ কুমাৰে এই সন্দৰ্ভত কয় যে স্নাতক আৰু স্নাতকোত্তৰত নামভৰ্তিৰ বাবে যোগ্যতাক আয়োগে বিদ্যালয় শিক্ষাৰ কঠোৰ অনুশাসন-নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ পৰা পৃথক কৰি ৰাখিছে। এই নিয়মসমূহৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰিলে যিকোনো পাঠ্যক্ৰমত অধ্যয়ন কৰিব পাৰিব।

এম জগদীশ কুমাৰে লগতে কয় যে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰধান বিষয়ত ৫০ শতাংশ ক্ৰেডিট লাভ কৰাৰ বিকল্প লাভ কৰিব, আনহাতে বাকী ক্ৰেডিট দক্ষতা বিকাশ, এপ্ৰেণ্টিছশ্বিপ বা বহুবিষয়ক বিষয়ত আবণ্টন দিব পাৰিব। ইয়াৰ ফলত সামগ্ৰিক বিকাশৰ প্ৰসাৰ ঘটিব বুলি তেওঁ লগতে কয়। এই সংস্কাৰৰ জৰিয়তে ভাৰতীয় উচ্চ শিক্ষাই বিশ্বৰ মানদণ্ড পূৰণ কৰিবলৈ বিকশিত হ’ব বুলি ইউজিচিৰ অধ্যক্ষগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে।

ইউজিচিয়ে জাৰি কৰা খচৰা নিৰ্দেশনা অনুসৰি স্নাতক ডিগ্ৰীৰ সময়সীমা তিনি-চাৰি বছৰ আৰু স্নাতকোত্তৰ ডিগ্ৰী সাধাৰণতে এবছৰ বা দুবছৰ হ’ব। অৱশ্যে স্নাতক ডিগ্ৰীৰ সময়সীমাৰ ক্ষেত্ৰত কিছু কম বেছি হ’ব পাৰে। আনহাতে স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে বা পিছত ডিগ্ৰী সম্পূৰ্ণ কৰিব পাৰে। পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বছৰত দুবাৰকৈ দেশৰ ৬খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰিব।

ইফালে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী সুকান্ত মজুমদাৰে শেহতীয়াকৈ ৰাজ্যসভাত কয় যে জুলাই/আগষ্ট আৰু জানুৱাৰী/ফেব্ৰুৱাৰী মাহত বছৰত দুবাৰকৈ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে অনুমোদন দিয়া হৈছে। তেওঁ কয় যে বছৰত দুবাৰকৈ নামভৰ্তিৰ এই নিয়ম কেৰালা বিশ্ববিদ্যালয়, পঞ্জাৱ বিশ্ববিদ্যালয়, ৰাজস্থান বিশ্ববিদ্যালয়, হায়দৰাবাদ, তেজপুৰ আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে।

এই বিশ্ববিদ্যালয়সমূহে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা বছৰত দুবাৰকৈ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইউজিচিয়ে জাৰি কৰা খচৰা নিৰ্দেশনা অনুসৰি প্ৰাৰ্থীয়ে এটা শিক্ষা বৰ্ষতে দুটা স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। দুয়োটা পাঠ্যক্ৰমতে ছাত্ৰ-ছাত্ৰীয়ে নিয়মীয়া, দূৰৱৰ্তী শিক্ষাৰ দৰে যিকোনো ধৰণৰ শিক্ষা ব্যৱস্থাত নামভৰ্তি কৰিব পাৰিব।

পাঠ্যক্ৰমৰ সময়ছোৱাত বিভিন্ন ক্ৰেডিট যোগ কৰি ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰম সলনি কৰিবলৈও অনুমতি লাভ কৰিব। এই দুয়োটা ডিগ্ৰীয়েই অৱশ্যে বৈধ ডিগ্ৰী হ’ব। ইউজিচিয়ে জাৰি কৰা খচৰা নিৰ্দেশনা সন্দৰ্ভত ২৩ ডিচেম্বৰ বা তাৰ পূৰ্বে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। পৰৱৰ্তী শৈক্ষিক বৰ্ষৰ পৰা এই নিয়ম কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰা হৈছে। এই খচৰা নিৰ্দেশনা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অফিচিয়েল ৱেবছাইট ugc.gov.in ত উপলব্ধ। যিকোনো ব্যক্তিয়ে এই নিৰ্দেশনা পৰীক্ষা কৰি নিজৰ মতামত আগবঢ়াব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব