UCO Bank job: স্নাতক উত্তীৰ্ণ সকলৰ বাবে ভাল খবৰ! এই পদৰ বাবে এনেকৈ কৰক আবেদন…

Assam JOB: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো আপুনিও লাভ কৰিব পাৰে চাকৰি। UCO বেংকত কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন।

UCO Bank job: স্নাতক উত্তীৰ্ণ সকলৰ বাবে ভাল খবৰ! এই পদৰ বাবে এনেকৈ কৰক আবেদন...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Jan 2025 11:52 AM

স্নাতক উত্তীৰ্ণ হৈ চাকৰি বিচাৰি থকাসকলৰ বাব ভাল খবৰ। কিয়নো আপুনিও পাব পাৰে বেংকত চাকৰি কৰাৰ সুযোগ। শেহতীয়াকৈ UCO বেংকে কেইবাটাও পদৰ বাবে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। ইয়াৰ অধীনত UCO বেংকে স্থানীয় বেংক বিষয়া (LBO) পদত নিযুক্তি প্ৰদান কৰিব। বৰ্তমান সময়ত চলি আছে আবেদন প্ৰক্ৰিয়া। যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ২ ফেব্ৰুৱাৰী, ২০২৫ ত শেষ হ’ব। গতিকে তাৰ পূৰ্বে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বেংকটোৱে মুঠ ২৫০টা স্থানীয় বেংক বিষয়াৰ পদত নিযুক্তি দিব। প্ৰাৰ্থীয়ে নিজৰ পছন্দৰ ৰাজ্যৰ বাবে আবেদন কৰিব পাৰে।

যোগ্যতা

বেংকটোৱে জাৰি কৰা জাননী অনুসৰি এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী যিকোন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব। ইয়াৰোপৰি আবেদনকাৰীৰ বয়স ২০ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব। অবিচি শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত ৩ বছৰ ৰেহাই পোৱাৰ লগতে এছ চি, এছ টি আদিয়ে ৫ বছৰৰ ৰেহাই পাব।

নিৰ্বাচন প্ৰক্ৰিয়া

আবেদনকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া লিখিত পৰীক্ষাৰ জৰিয়তে হ’ব। য’ত ৰিজনিং আৰু কম্পিউটাৰ যোগ্যতা, সাধাৰণ/অৰ্থনীতি/বেংকিং সজাগতা, ইংৰাজী ভাষা, আৰু তথ্য বিশ্লেষণৰ সৈতে জড়িত প্ৰশ্ন থাকিব।প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কৰ্তন কৰা হ’ব। লিখিত পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীক বেংকৰ দ্বাৰা নথি পৰীক্ষণৰ বাবে মাতিব।

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ SC/ST/PwD শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১৭৫ টকা মাচুল আদায় দিব লাগিব। ইয়াৰ বিপৰীতে অন্য শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৮৫০ টকা মাচুল আদায় দিব লাগিব। প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে আবেদন মাচুল দাখিল কৰিব পাৰিব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি UCO বেংকৰ অফিচিয়েল ৱেবচাইট ucobank.com ত যাওক।
  • ‘Career’ অথবা ‘Recruitment ত গৈ LBO পদৰ লিংক খোলক।
  • আবেদন পত্ৰ ভালদৰে পঢ়ি প্ৰয়োজনীয় তথ্য দাখিল কৰক।
  • আপোনাৰ শ্ৰেণী অনুসৰি আবেদন মাচুল আদায় দিয়ক।
  • আবেদন চাবমিট কৰি এটা কপি নিজৰ সৈতে ৰাখিব।
  • UCO বেংকৰ পদৰ বিষয়ে জানিবলৈ – ক্লিক কৰক 

পদৰ সংখ্যা-

বেংকৰ জাননী অনুসৰি  খালী থকা পদৰ মুঠ সংখ্যা ২৫০ টা। ইয়াৰে অসমৰ বাবে খালী পদৰ সংখ্যা ৩০ টা। ইয়াৰ বিপৰীতে গুজৰাটৰ খালী পদৰ সংখ্যা ৫৭ টা, মহাৰাষ্ট্ৰৰ ৭০ টা, কৰ্ণাটকৰ ৩৫ টা, ত্ৰিপুৰাৰ ১৩টা, চিক্কিমৰ ৬টা, নাগালেণ্ডৰ ৫টা, মেঘালয়ৰ ৪ টা, কেৰালাৰ ১৫ টা, তেলেংগানাৰ ১০টা, জম্মু-কাশ্মীপপ ৫টা পদ খালী আছে।

 

অন্য খবৰ পঢ়কঃ NALCO: দশম আৰু দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি! এনেকৈ কৰক আবেদন…

 

২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...