UCIL ত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। UCILয়ে কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে।

UCIL ত চাকৰি লাভৰ সুযোগ! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

04 Dec 2025 | 04:44 PM

পুনৰ ওলাইছে চাকৰি। ইউৰেনিয়াম কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। ইয়াৰ অধীনত UCIL য়ে মাইনিং মেট-চিকে ধৰি কেইবাটাও পদ পূৰণ কৰিব। ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ৩১ ডিচেম্বৰলৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে কোম্পানীৰ অফিচিয়েল ৱেবচাইট ucil.gov.in ত গৈ আবেদন কৰিব পাৰে।

পদৰ বিৱৰণ

এই নিযুক্ত প্ৰক্ৰিয়াৰ অধীনত কোম্পানীটোৱে ১০৭ টা পদ পূৰণ কৰিব। ইয়াৰ ৯৫টা মাইনিং মেট-চিৰ বাবে, লগতে ৯টা ৱাইণ্ডিং ইঞ্জিন ড্ৰাইভাৰ-বিৰ বাবে, আৰু ৩টা বয়লাৰ-কম-কম্প্ৰেছাৰ এটেণ্ডেণ্ট-এৰ বাবে।

অৰ্হতা

  • মাইনিং মেট-চি পদৰ বাবে প্ৰাৰ্থীসকলে খনি সঞ্চালকালয় (DGMS)ৰ দ্বাৰা জাৰি কৰা মাইনিং মেট/ফৰমেন (ধাতুৰ খনি) হিচাপে অনিষিদ্ধ দক্ষতাৰ প্ৰমাণপত্ৰ লাভ কৰিব লাগিব।
  • ৱাইণ্ডিং ইঞ্জিন ড্ৰাইভাৰ-বি পদৰ বাবে প্ৰাৰ্থীসকলে খনি সঞ্চালকালয় (ডিজিএমএছ)ৰ দ্বাৰা প্ৰদান কৰা মেট্ৰিক (মেট্ৰিক) + প্ৰথম শ্ৰেণীৰ উইণ্ডিং ইঞ্জিন ড্ৰাইভাৰ প্ৰমাণপত্ৰ লাভ কৰিব লাগিব।
  • বয়লাৰ-কম-কম্প্ৰেছাৰ এটেণ্ডেণ্ট-এ পদৰ বাবে আবেদনকাৰীয়ে চৰকাৰী ব’ৰ্ড (ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল)ৰ দ্বাৰা প্ৰদান কৰা মেট্ৰিক (মেট্ৰিক) + প্ৰথম শ্ৰেণীৰ বয়লাৰ পৰিচাৰকৰ প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব।

বয়স

মাইনিং মেট-চি পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ৪০ বছৰৰ অধিক হ’ব নালাগে। ৱাইণ্ডিং ইঞ্জিন ড্ৰাইভাৰ-বি পদৰ বাবে প্ৰাৰ্থীৰ বয়স সৰ্বোচ্চ ৩২ আৰু  বয়লাৰ-কম-কম্প্ৰেছাৰ এটেণ্ডেণ্ট-এৰ বাবে ই ৩০ বছৰ। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে শিথিলতা লাভ কৰিব।

মাচুল

  • সাধাৰণ, অবিচি, আৰু ইডব্লিউএছঃ ৫০০ টকা।
  • সংৰক্ষিত শ্ৰেণীৰ বাবে মাচুল নাই।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট ucil.gov.in যাওক।
  •  Recruitment লৈ যাওক।
  • Notification (Advt. UCIL-07/2025) লিংকত ক্লিক কৰক।
    পাছত আবেদনৰ বাবে তথ্য দাখিল কৰক।
  • পাচত চাবমিট কৰব।

অধিক জানিবলৈঃUCIL Vacancy 2025 Notification pdf 

কেনেকৈ নিৰ্বাচন হ’ব

লিখিত পৰীক্ষা, ট্ৰেড টেষ্ট, সাক্ষাৎকাৰ আদিৰ জৰিয়তে বাছনি কৰা হ’ব। এই ক্ষেত্ৰত অধিক জানিবলৈ কোম্পানীটোৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে বেংকত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...