টকা গণি ভাগৰিছিল বিষয়া, বস্তাই বস্তাই টকা কঢ়িওৱা হৈছিল ট্ৰাকত, আয়কৰ বিভাগৰ পাঁচটা ডাঙৰ অভিযানৰ বিষয়ে জানো আহক

অজয় দেৱগনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ৰেইড-২ ক লৈ দেখা গৈছে ব্যাপক চৰ্চা । আয়কৰ বিভাগৰ কাম-কাজৰ ধৰণটো ছবিখনত দেখুওৱা হৈছে । দেশত আয়কৰ বিভাগৰ অভিযানৰ কাহিনী ইতিহাসত লিপিবদ্ধ হৈ আছে । এই অভিযানে গোটেই দেশক স্তম্ভিত কৰি তুলিছিল । এনে ৫টা অভিযানৰ কাহিনী জানো আহক-

টকা গণি ভাগৰিছিল বিষয়া, বস্তাই বস্তাই টকা কঢ়িওৱা হৈছিল ট্ৰাকত, আয়কৰ বিভাগৰ পাঁচটা ডাঙৰ অভিযানৰ বিষয়ে জানো আহক

প্ৰতীকী ছবি

Published: 

06 May 2025 13:28 PM

আয়কৰ বিভাগে দেশত এনে বহু অভিযান চলাই আহিছে, যিবোৰ বছৰ বছৰ ধৰি মানুহৰ মনত সজীৱ হৈ আছে । এতিয়া আকৌ এবাৰ সেইবোৰ কাহিনী চৰ্চাৰ মাজলৈ আহিছে । এই আলোচনাৰ কাৰণ হৈছে বলীউড অভিনেতা অজয় ​​দেৱগনৰ ছবি ৰেইড-২ । অজয় দেৱগনৰ ২০১৮ চনৰ হিট ক্ৰাইম থ্ৰিলাৰ ছবি ৰেইডৰ ছিকুৱেল হৈছে ৰেইড-২ । ২০২৫ চনৰ ১ মে’ত মুক্তি পোৱা অজয় ​​দেৱগনৰ এই ছবিখনে মুক্তিৰ দিনৰ সংগ্ৰহৰ ক্ষেত্ৰত বহু ছবিৰ অভিলেখ ভংগ কৰিছে ।

এই ছবিখনৰ জৰিয়তে দেশত চলি থকা বৃহৎ অভিযান সন্দৰ্ভত আকৌ এবাৰ আৰম্ভ হৈছে চৰ্চা । আয়কৰ বিভাগে এজন ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন স্থানত ৯০টাতকৈও অধিক অভিযান চলাইছিল । অভিযানৰ কাহিনীৰ ভিতৰত কানপুৰত সংঘটিত অভিযানেও বাতৰিৰ শিৰোনাম দখল কৰিছে, য’ত ২৫০ কোটিৰো অধিক মূল্যৰ নগদ ধন উদ্ধাৰ হোৱাত সেই ধন নিবলৈ এখন ট্ৰাক মাতিব লগা হৈছিল । আহক আমি এনে পাঁচটা ডাঙৰ আয়কৰ অভিযানৰ বিষয়ে জানো, যিয়ে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছিল ।

চৰ্দাৰ ইন্দৰ সিঙৰ ৯০টা স্থানত অভিযান
১৯৮১ চনৰ ১৬ জুলাইত এই ঘটনা সংঘটিত হৈছিল । একেলগে ৯০ জনতকৈ অধিক আয়কৰ বিষয়াই এজন সুপৰিচিত ব্যৱসায়ী, পঞ্জাৱ বিধানসভাৰ প্ৰাক্তন সদস্য তথা ৰাজ্যসভাৰ সাংসদ চৰ্দাৰ ইন্দৰ সিঙৰ কানপুৰ চৌহদত অভিযান চলাইছিল । এই বিষয়াসকলৰ লগতে প্ৰায় ২০০ জন আৰক্ষীও আছিল । এই অভিযান তিনি ৰাতি দুদিন ধৰি চলিছিল । ইন্দৰ সিঙে দুবাৰ কানপুৰৰ মেয়ৰৰ দায়িত্বও পালন কৰিছিল । এই অভিযানত বিপুল পৰিমাণৰ লুকুৱাই ৰখা সম্পত্তি আৰু নগদ ধন জব্দ হয়, যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে । কানপুৰৰ তিলক নগৰ, লাজপত নগৰ আৰু আৰ্য নগৰত থকা চৰ্দাৰ ইন্দ্ৰ সিঙৰ ঘনিষ্ঠ সহযোগীসকলৰ বাসগৃহ, পাংকি আৰু ফজলগঞ্জৰ সিং ইঞ্জিনিয়াৰিং ৱৰ্কছ প্ৰাইভেট লিমিটেডৰ কাৰখানাতো অভিযান চলোৱা হয় ।

এই সকলোবোৰ ছীল কৰা হৈছিল । কানপুৰ, মছুৰী আৰু দিল্লীত অৱস্থিত লকাৰো খোলা হয় । অভিযানৰ প্ৰথম দিনাই কানপুৰত উদ্ধাৰ হয় নগদ ৯২ লাখ টকা । ইয়াৰ উপৰিও সোণ, গহনা আৰু ফিক্সড ডিপ’জিটো জব্দ কৰা হৈছিল । অভিযানটো দিল্লীত চলোৱাৰ সময়ত ৭২ হাজাৰ টকাৰ নগদ ধন আৰু ১১ লাখ টকাৰ ফিক্সড ডিপ’জিট ৰচিদো উদ্ধাৰ কৰা হয় । ইয়াৰ লগে লগে মুঠ ১.৩ কোটি টকা উদ্ধাৰ হয় । পৰৱৰ্তী দুদিনত উদ্ধাৰ হয় ৩০ লাখ টকাৰ সোণ । ৰিজাৰ্ভ বেংকৰ স্থানীয় শাখাক এই সকলোবোৰ গণনা কৰিবলৈ ১৮ ঘণ্টা সময় লাগিছিল । এই অভিযানটো ২০১৮ চনত মুক্তি পোৱা অজয় ​​দেৱগনৰ ছবি ৰেইডত দৃশ্যায়ন কৰা হৈছিল । এই অভিযানৰ পৰা উদ্ধাৰ হোৱা ধন আজি কম যেন লাগিব পাৰে কিন্তু সেই সময়ত, ই এক বৃহৎ পৰিমাণৰ ধন আছিল আৰু ই কেৱল ৰাজনৈতিক মহলতে নহয়, সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল ।

ধীৰাজ সাহুৰ ঘৰত অভিযান
২০২৩ চনত আয়কৰ বিভাগে আন এক বৃহৎ অভিযান চলাইছিল । কংগ্ৰেছ সাংসদ ধীৰাজ সাহুৰ ঝাৰখণ্ড আৰু ওড়িশাত থকা ঘৰত এই অভিযান চলোৱা হয় । ২০২৩ চনৰ ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযানত ৩৫১ কোটিৰো অধিক মূল্যৰ নগদ ধন আৰু প্ৰায় তিনি কেজি সোণৰ গহনা উদ্ধাৰ হয় । এই অভিযানৰ ফলত ভাৰতৰ যিকোনো তদন্তকাৰী সংস্থাই একেটা অভিযানতে সৰ্বাধিক ধন-সম্পত্তি জব্দ কৰিছিল । আচলতে এই অভিযান আৰম্ভ হৈছিল ওড়িশাৰ এখন ডিষ্টিলেৰীৰ পৰা, যিখন ধীৰাজ সাহুৰ সৈতে জড়িত আছিল ।

আতৰ ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হোৱা ধন কঢ়িওৱা হৈছিল ট্ৰাকত
কংগ্ৰেছৰ সাংসদ ধীৰাজ সাহুৰ বাসগৃহত অভিযান চলোৱাৰ পূৰ্বে ২০২১ চনৰ ডিচেম্বৰ মাহত কানপুৰস্থিত সুগন্ধি ব্যৱসায়ী পিযুষ জৈনৰ কিদৱাই নগৰৰ বাসগৃহত অভিযান চলাইছিল আয়কৰ বিভাগে । অতি সাধাৰণভাৱে জীৱন যাপন কৰা পিযুষ জৈনৰ ব্যৱসায় কানৌজত আছিল যদিও তেওঁ কানপুৰত বাস কৰিছিল ।

তেওঁৰ বিৰুদ্ধে অভিযান আগবঢ়াৰ লগে লগে বিষয়াসকল স্তম্ভিত হ’বলৈ ধৰে । অতি কম সময়ৰ ভিতৰতে জৈনৰ বাসগৃহৰ পৰা ২৫০ কোটিৰো অধিক মূল্যৰ নগদ ধন উদ্ধাৰ হয় । কিন্তু আচৰিত কথা পিযুষ জৈনে নিজে এখন পুৰণি স্কুটিৰে যাত্ৰা কৰিছিল । ইয়াৰ উপৰিও সকলো সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰও উদ্ধাৰ কৰা হয় । বিষয়াসকলে নগদ ধন গণনা কৰিবলৈ বৃহৎ সংখ্যক মেচিন অৰ্ডাৰ দিবলগীয়া হৈছিল । টকাখিনি ডাঙৰ ডাঙৰ বাকচত ভৰাই ট্ৰাকেৰে লৈ যোৱা হৈছিল ।

পিযুষ জৈনৰ ঘৰত ১২০ ঘণ্টাৰো অধিক সময় ধৰি চলে এই অভিযান আৰু এই সময়ছোৱাত ১৬টা সম্পত্তিৰ নথি-পত্ৰ উদ্ধাৰ হয়, ইয়াৰে বহু সম্পত্তি ডুবাইত আছিল । এই অভিযানৰ তদন্তৰ অন্তত পিযুষ জৈনক কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ আইনৰ অধীনত কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ।

চাহাৰা গ্ৰুপৰ বিৰুদ্ধে অভিযানত ১৩৫ কোটি টকা উদ্ধাৰ
দিল্লী আৰু নয়ডাত অৱস্থিত চাহাৰা গ্ৰুপৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান দেশৰ ভিতৰতে বৃহৎ অভিযানৰ ভিতৰত গণ্য কৰা হয় । এই অভিযানত ১৩৫ কোটি টকা নগদ ধন আৰু ১ কোটি টকাৰ গহনা উদ্ধাৰ কৰা হয় । কৰ ফাঁকিৰ গোচৰৰ তদন্তৰ সময়ত এই অভিযান চলোৱা হৈছিল । এই অভিযানৰ লগে লগে চাহাৰা গোটৰ আইনী যুদ্ধ আৰম্ভ হয় আৰু চাহাৰা গোটৰ মুৰব্বী সুব্ৰত ৰয়ক গ্ৰেপ্তাৰ কৰা হয় ।

বেংগালুৰুৰ পৰা উদ্ধাৰ বিপুল পৰিমাণৰ নতুন আৰু নিষিদ্ধ নোট
২০১৬ চনত এক হাই-প্ৰফাইল অভিযানত আয়কৰ বিভাগে বেংগালুৰুৰ দুজন অভিযন্তা আৰু দুজন ঠিকাদাৰৰ চৌহদত অভিযান চলাইছিল । এই অভিযানত মুঠ ৫.৭ কোটি টকা উদ্ধাৰ কৰা হয়, ইয়াৰে ৪.৮ কোটি টকা নতুন নোটৰ ৰূপত পোৱাৰ বিপৰীতে ৯০ লাখ টকা বিমুদ্ৰাকৃত নোটৰ ৰূপত উদ্ধাৰ কৰা হয় । এই অভিযানৰ সময়ত ৭ কেজি সোণ আৰু ৯ কেজিৰ গহনাও উদ্ধাৰ কৰা হয়, যাৰ মূল্য তেতিয়া ৫ কোটি টকা বুলি কোৱা হৈছিল । কেৱল এয়াই নহয়, পি ডব্লিউ ডিৰ অভিযন্তা এছ চি জয়চন্দ্ৰৰ ঘৰত পৰ্ছে লিমুজিন আৰু লেমবৰ্গিনিৰ দৰে গাড়ীও উদ্ধাৰ হয় ।

জীৱন সংগীৰ সন্মুখত এইকেইটা কাম ভুলতেও নকৰিব, গোটেই জীৱন ভুগিব লাগিব আপুনি!
মদ নে চিগাৰেট ! হৃদযন্ত্ৰৰ বাবে কোনটো বেছি বিপদজনক ?
একেলগে খায় নেকি পিঁয়াজ আৰু নহৰু? দেহৰ ভিতৰত ইয়াৰ কি প্ৰভাৱ পৰে, চাওক....
কম বয়সত ধনী হ'বলৈ চাণক্যৰ এই তিনিটা নীতি পালন কৰক...