দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ৬ ছেপ্টেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস
আজি ৬ ছেপ্টেম্বৰ । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ৬ ছেপ্টেম্বৰ কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৭৭৬ চনত গুৱাডেলুপ দ্বীপত ধুমুহাত ছহাজাৰৰো অধিক লোকৰ মৃত্যু হয়।
১৮৬৯ চনত পেনচিলভেনিয়াৰ এভনডেলত খনিৰ অগ্নিকাণ্ডত ১১০ জন লোকৰ মৃত্যু হয়।
১৯০৫ চনত আটলান্টা লাইফ ইনশ্বুৰেন্স কোম্পানী আৰম্ভ হয়।
১৯১৪ চনত ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত মাৰ্নে যুদ্ধ আৰম্ভ হয়।
১৯৩৯ চনত দক্ষিণ আফ্ৰিকাই নাজী জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৯৪৮ চনত জুলিয়ানা নেদাৰলেণ্ডৰ ৰাণী হয়।
১৯৯৮ চনত জাপানী চলচ্চিত্ৰ প্ৰযোজক তথা পৰিচালক ‘আকিৰা কুৰোছাৱা’ৰ মৃত্যু হয়।
২০০৩ চনত পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মাহমুদ আব্বাছে পদত্যাগ কৰে।
২০০৬ চনত মেক্সিকোৰ শাসকীয় কনজাৰ্ভেটিভ পাৰ্টিৰ ফেলিপে কেলডেৰনক নতুন ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয়।