দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ২৫ অক্টোবৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

আজি ২৫ অক্টোবৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৫ অক্টোবৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ইতিহাস
১৪১৫ চনত উত্তৰ ফ্ৰান্সৰ এগিনকোৰ্ট যুদ্ধত ইংলেণ্ডে জয়লাভ কৰে।
১৮১২ চনত যুদ্ধৰ সময়ত আমেৰিকাৰ ফ্ৰিগেট আমেৰিকাই ব্ৰিটিছ জাহাজ মেচিডোনিয়া দখল কৰে।
১৯১৭ চনত বলছেভিক (কমিউনিষ্ট) ভ্লাদিমিৰ ইলিচ লেনিনে ৰাছিয়াৰ ক্ষমতা দখল কৰে।
১৯২৪ চনত ভাৰতৰ ব্ৰিটিছ কৰ্তৃপক্ষই সুভাষ চন্দ্ৰ বসুক গ্ৰেপ্তাৰ কৰি দুবছৰ কাৰাগাৰত ভৰাই থয়।
১৯৫১ চনত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন আৰম্ভ হয়।
১৯৬২ চনত আমেৰিকাৰ লেখক জন ষ্টেইনবেকক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে ৰাষ্ট্ৰসংঘৰ ৫০ বছৰীয়া অধিৱেশনত ভাষণ দিয়ে।
২০০৫ চনত ইৰাকৰ নতুন সংবিধানে গণভোটত সংখ্যাগৰিষ্ঠতাৰে অনুমোদন লাভ কৰে।
২০০৯ চনত বাগদাদত হোৱা বোমা বিস্ফোৰণত ১৫৫ জন লোকৰ মৃত্যু হয় আৰু ৭২১ জন আহত হয়।