দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
Published: 

02 Nov 2025 | 09:28 AM

আজি ২ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৭৭৪ চনত ইংলেণ্ডত ব্ৰিটিছ ইণ্ডিয়াৰ মুখ্য সেনাপতি ব্ৰিটিছ বিষয়া ৰবাৰ্ট ক্লাইভে আত্মহত্যা কৰে।

১৮৩৫ চনত ফ্ল’ৰিডাৰ অ’চেওলাত আমেৰিকাৰ থলুৱা বিভিন্ন গোটৰ মাজত দ্বিতীয় চেমিনোল যুদ্ধ আৰম্ভ হয়। এই যুদ্ধক ফ্ল’ৰিডা যুদ্ধ বুলিও কোৱা হয়।

১৮৫২ চনত ফ্ৰেংকলিন পিয়ৰ্চ আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়।

১৯১৪ চনত ৰাছিয়াই তুৰস্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৫০ চনত জৰ্জ বাৰ্নাৰ্ড শ্ব’ৰ ৯৭ বছৰ বয়সত মৃত্যু হয়।

১৯৮৬ চনত বেইৰুটত উগ্ৰপন্থীয়ে পণবন্দী কৰি ৰখা আমেৰিকান নাগৰিক ডেভিদ জেকবছনক মুকলি কৰি দিয়া হয়।

২০০১ চনত আমেৰিকাই আফগানিস্তানত বিশেষ বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।

২০০২ চনত মুফতি মহম্মদ ছায়েদে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।

২০০৫ চনত গোলাম নবী আজাদে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব