স্বামী বিবেকান্দৰ এটা কথাতেই গঢ়ি উঠিছিল টাটা সাম্ৰাজ্য, জাহাজত জামছেটজী টাটাক কি কৈছিল স্বামীজীয়ে?

সেইদিনা স্বামীজীয়ে জামছেটজীক উপদেশ দিছিল যে ভাৰতে কেৱল কেঁচামাল আমদানি কৰি উদ্যোগ গঢ়িব নোৱাৰে; বৰঞ্চ ভাৰতত এটা তীখাৰ কাৰখানা নিৰ্মাণ কৰাৰ প্ৰয়োজন। আৰু ইয়াৰ বাবে প্ৰথমে প্ৰয়োজন উচ্চমানৰ শিক্ষাৰ।

স্বামী বিবেকান্দৰ এটা কথাতেই গঢ়ি উঠিছিল টাটা সাম্ৰাজ্য, জাহাজত জামছেটজী টাটাক কি কৈছিল স্বামীজীয়ে?

স্বামীজী আৰু জামছেটজী

Published: 

13 Jan 2026 | 01:03 PM

বছৰটো আছিল ১৮৯৩ চন। জাপানৰ ইয়োকোহামাৰ পৰা কানাডাৰ ভেংকুৱাৰলৈ গৈ আছিল ‘এছ এছ এম্প্ৰেছ অৱ ইণ্ডিয়া’ জাহাজখন। সেই জাহাজখনৰ প্ৰথম শ্ৰেণীত লগ হৈছিল ভাৰতৰ দুজন মহান পুৰুষ, এজনৰ পিন্ধনত আছিল গেৰুৱা সাজ, আনজন আছিল ভাৰতৰ দূৰদৰ্শী উদ্যোগপতি। তেওঁলোক আন কোনো নহয়, স্বামী বিবেকানন্দ আৰু জামছেটজী টাটা।

অৱশ্যে কেৱল সাক্ষাৎকাৰেই নহয়, জাহাজৰ ডেকত থিয় হৈ থকা এই দুজন মহান ব্যক্তিৰ মাজত হোৱা কথা-বতৰাই ভাৰতীয় শিল্পীৰ উজ্জ্বল ইতিহাসৰ সৃষ্টি কৰিছিল। অৱশ্যে ইয়াৰ আৰম্ভ হৈছিল স্বামীজীৰ এটা শব্দৰে। সেই একক শব্দৰে সৃষ্টি হৈছিল টাটা সাম্ৰাজ্যৰ।

স্বামীজীয়ে চিকাগো ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল, আৰু জামছেটজী টাটা ওলাইছিল উদ্যোগৰ বাবে কেঁচামাল আৰু প্ৰযুক্তিৰ সন্ধান কৰিবলৈ। কথা-বতৰাৰ মাজতে স্বামীজীয়ে জামছেটজীক পোনপটীয়াকৈ সুধিলে, তেওঁ যি প্ৰযুক্তিৰ সন্ধানত গৈছিল, তাৰ চাবিকাঠী ইংৰাজৰ হাততেই থাকিব নে! কিয় তেওঁ বহিঃৰাষ্ট্ৰৰ পৰা তীখা আমদানি কৰিছিল?

সেইদিনা তেওঁ জামছেটজীক উপদেশ দিছিল যে ভাৰতে কেৱল কেঁচামাল আমদানি কৰি উদ্যোগ গঢ়িব নোৱাৰে; বৰঞ্চ ভাৰতত এটা তীখাৰ কাৰখানা নিৰ্মাণ কৰাৰ প্ৰয়োজন। আৰু ইয়াৰ বাবে প্ৰথমে প্ৰয়োজন উচ্চমানৰ শিক্ষাৰ। ভাৰতৰ যুৱক-যুৱতীসকলক বিজ্ঞান বিষয়ত শিক্ষিত হ’বলৈ পৰামৰ্শ দিছিল স্বামীজীয়ে। তেওঁ জামছেটজীক এখন উচ্চমানৰ শিক্ষানুষ্ঠান গঢ়ি তুলিবলৈ কয়। ইয়াৰ জৰিয়তেহে ভাৰতে উদ্যোগৰ ক্ষেত্ৰত প্ৰগতিৰ পথত আগবাঢ়িব পাৰিব।

স্বামীজীৰ যুক্তি জামছেটজীৰ অন্তৰত গভীৰভাৱে শিপাই আছিল। পিছত জামছেটজী টাটাই যেতিয়া ভাৰতত উচ্চমানৰ বৈজ্ঞানিক পৰীক্ষাগাৰ স্থাপনৰ পৰিকল্পনা কৰে, তেতিয়া তেওঁ স্বামীজীলৈ ১৮৯৮ চনত এখন চিঠিত লিখিছিল, “মই ভাবো আপোনাৰ সেই জাহাজখন মনত আছে। মই ভাৰতত এটা বৈজ্ঞানিক কেন্দ্ৰ স্থাপন কৰাৰ কথা ভাবিছো, য’ত আপোনাৰ দৰ্শন আৰু বিজ্ঞানৰ সংমিশ্ৰণ ঘটিব।”

যদিও সেই সময়ত স্বামীজী অসুস্থ আছিল, তথাপিও তেওঁ শিষ্য ভগ্নী নিবেদিতাক এই প্ৰকল্পৰ তদাৰক কৰিবলৈ পঠিয়াইছিল। ব্ৰিটিছ চৰকাৰৰ অসহযোগৰ সত্ত্বেও বিবেকানন্দৰ প্ৰেৰণা আৰু নিবেদিতাৰ উপস্থিতিৰ ফলত মহীশূৰৰ মহাৰাজৰ ভূমিত আজিৰ বিখ্যাত ‘ইণ্ডিয়ান ইনস্টিটিউট অৱ ছায়েন্স’ নিৰ্মাণ হ’ল। অৱশ্যে দুয়োজন মহান ব্যক্তিৰ কোনোৱেই এই প্ৰতিষ্ঠানটোৰ নিৰ্মাণৰ সম্পূৰ্ণ ৰূপ দেখা নাপালে।

আজিৰ টাটা ষ্টীল বা জামছেদপুৰ চহৰখন যি নৈতিকতা আৰু জনকল্যাণৰ ওপৰত থিয় হৈ আছে, সেই বীজ সেইদিনা জাহাজৰ ডেকত সিঁচা হৈছিল। জামছেটজী টাটা স্বামীজীৰ ‘মানুহ গঢ়া’ৰ দৰ্শনত ইমানেই পতিয়ন গৈছিল যে তেওঁ কেৱল লাভৰ বাবে নহয়, সমাজসেৱা আৰু বিজ্ঞানমনস্কতাক টাটা গোটৰ মূল ভেটি হিচাপে বাছি লৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব