Teacher’s Day 2025 speech: ‘শিক্ষক দিৱস’ৰ ভাষণ, সকলোৱে কৰিব প্ৰশংসা…

Teacher's Day 2025 Speech in Assamese: ৫ ছেপ্টেম্বৰত সমগ্ৰ দেশতে শিক্ষক দিৱস ২০২৫ উদযাপন কৰা হ'ব। এই দিৱসটো হৈছে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা প্ৰকাশ কৰাৰ আটাইতকৈ বিশেষ অনুষ্ঠান। শিক্ষক দিৱসৰ দিনা ভাষণ কেনেকৈ প্ৰস্তুত কৰিব লাগে সেই বিষয়ে জানো আহক।

Teacher’s Day 2025 speech: শিক্ষক দিৱসৰ ভাষণ, সকলোৱে কৰিব প্ৰশংসা...

শিক্ষক দিৱসৰ ভাষণ

Updated On: 

02 Sep 2025 00:50 AM

প্ৰতি বছৰৰ দৰে এইবাৰো ৫ ছেপ্টেম্বৰ ২০২৫ তাৰিখে সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হ’ব।এই দিৱসটো প্ৰতি বছৰে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা মহান দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত পালন কৰা হয়।শিক্ষক দিৱসৰ উদ্দেশ্য কেৱল উপহাৰ দিয়াই নহয়, আপোনাৰ শিক্ষকসকলক শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা। বহু ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক কাৰণত ব্যয়বহুল উপহাৰ দিব নোৱাৰে যদিও প্ৰকৃত হৃদয়ৰ পৰা দিয়া এটা ভাষণ তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ সন্মান বুলি প্ৰমাণিত হ’ব পাৰে।

শিক্ষক দিৱসৰ ভাষণ

সন্মানীয় অধ্যক্ষ, লগতে ইয়াত উপস্থিত থকা শিক্ষাগুৰু আৰু মোৰ মৰমৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ফালৰ পৰা শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো। আজি ৫ ছেপ্টেম্বৰ উপলক্ষে আমি সকলোৱে ইয়াত গোট হৈ শিক্ষক দিৱস উদযাপন কৰিছো। আজি ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন, যিজনে সমগ্ৰ জীৱন শিক্ষাৰ বাবে উৎসৰ্গা কৰিছিল।

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী মহান দাৰ্শনিক, শিক্ষক আৰু স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতিৰ লগতে ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁ কৈছিল, ‘শিক্ষকসকলক এটা জাতিৰ মেৰুদণ্ড’।

শিক্ষকে আমাক কেৱল কিতাপৰ জ্ঞান দিয়াই নহয় জীয়াই থকাৰ কলাও শিকায়। তেওঁলোক আমাৰ পথ প্ৰদৰ্শক, বন্ধুৰ লগতে প্ৰেৰণাৰ উৎস। যেনেকৈ ম’ম এডালে নিজে জ্বলি আনক পোহৰ দিয়ে, ঠিক সেইদৰে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা শিক্ষকসকলেও আমাৰ জীৱনটো পোহৰেৰে ভৰাই তোলাৰ প্ৰয়াস কৰে।

আজিৰ দিনটোত আমি মনত ৰখা উচিত যে আমি আমাৰ শিক্ষকসকলক সদায় সন্মান কৰিব লাগে। তেওঁলোকৰ শিক্ষাক আমাৰ জীৱনত কাৰ্যকৰী কৰাৰ বাবে কাম কৰা উচিত আৰু তেওঁলোকৰ প্ৰচেষ্টাক আমাৰ জীৱনত সাৰ্থক কৰি তোলাৰ পদক্ষেপ লোৱা উচিত।

শেষত মোৰ প্ৰতিগৰাকী শিক্ষাগুৰুক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। কাৰণ তেওঁলোক নাথাকিলে আমি আমাৰ সপোনবোৰো পূৰণ কৰিব নোৱাৰো। লগতে সপোনৰ সঠিক দিশটোও চিনি নাপালোঁহেঁতেন। শিক্ষক দিৱসৰ দিনা সকলো শিক্ষাগুৰুলৈ মোৰ প্ৰণাম।

ধন্যবাদ! জয় হিন্দ!

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক দিৱসৰ চমু ভাষণ…

গোটেই দিনটো অৱসাদ বা এলাহ ভাৱ অনুভৱ কৰে নেকি? বিপদৰ পূৰ্বেই কৰক এইসমূহ কাম
কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...