Teacher’s day 2025 speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিক্ষক দিৱস’ৰ চমু ভাষণ আৰু ৰচনা…

Teacher's day: প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতেই জন্ম হৈছিল সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ। তেওঁ আছিল একেধাৰে শিক্ষক, দাৰ্শনিক, ৰাজনীতিবিদ আদি।

Teachers day 2025 speech: ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষক দিৱসৰ চমু ভাষণ আৰু ৰচনা...

শিক্ষক দিৱসৰ ৰচনা

Updated On: 

01 Sep 2025 22:12 PM

প্ৰতিবছৰে দেশত ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতেই জন্ম হৈছিল ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক, শিক্ষক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ। তেওঁ দেশৰ বাবে আগবঢ়াই যোৱা অৱদানৰ বাবে ১৯৫৪ চনত ভাৰত চৰকাৰৰ পৰা সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰিছিল। এইগৰাকী মহান ব্যক্তিক উদ্দেশ্য কৰিয়েই প্ৰতিবছৰে শিক্ষক দিৱস পালন কৰা হয়। এইগৰাকী মহান ব্যক্তিৰ বিষয়ে তলত সবিশেষ উল্লেখ কৰা হ’ল। ইয়াৰোপৰি তলত দিয়া ধৰণে শিক্ষক দিৱসৰ ভাষণ বা ৰচনা লিখাৰ ধাৰণা এটা পাব পাৰে।

ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তিৰুাটানী তেলেগুভাষী এটা ব্ৰাহ্মণ পৰিয়ালত। এই স্থান বৰ্তমান তামিলনাডুৰ তিৰুভাল্লুৰ জিলাত আছে। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বেপল্লী বীৰসমিয়াহ আৰু মাতৃ আছিল সীতাম্মা। সৰুৰে পৰা অতি কষ্টৰে ডাঙৰ দীঘল হৈছিল ৰাধাকৃষ্ণণ।

ৰাধাকৃষ্ণণ শৈশৱ গাঁৱৰ বিভিন্ন ধৰ্মীয় স্থানত পাৰ হৈছিল। পৰৱৰ্তী সময়ত ৰাধাকৃষ্ণণে তিৰুপতিৰ খ্ৰীষ্টান মিছনেৰী প্ৰতিষ্ঠান লুথাৰিয়ান মিছন স্কুলত অধ্যয়ন আৰম্ভ কৰে। সৰুৰে পৰা তেওঁ আছিল অতি মেধাৱী। কোৱা হয়, ১২ বছৰ অধ্যয়নৰ সময়ছোৱাত ৰাধাকৃষ্ণনে বাইবেলৰ গুৰুত্বপূৰ্ণ অংশও মুখস্থ কৰিছিল। ১৯০২ চনত মেট্ৰিক পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে বৃত্তিও লাভ কৰিছিল। ইয়াৰ পিছত ১৯০৫ চনত তেওঁ কলা অনুষদৰ পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। দৰ্শন বিষয়ত তেওঁ এম এ কৰিছিল আৰু পাছলৈ সেই হাবিদ্যালয়তে অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ড° ৰাধাকৃষ্ণনে তেওঁৰ প্ৰবন্ধ আৰু ভাষণৰ জৰিয়তে বিশ্ববাসীক ভাৰতীয় দৰ্শনৰ সৈতে পৰিচয় কৰাই দিছিল। তেওঁৰ লেখাৰ প্ৰশংসা সমগ্ৰ বিশ্বত আজিও হয়।

মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ শিৱকামু নামৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। সেই সময়ত পত্নীৰ বয়স আছিল মাত্ৰ ১০ বছৰ। শিৱকামুৱে কোনো বিশেষ শিক্ষা লাভ কৰা নাছিল যদিও তেলেগু ভাষাৰ ওপৰত তেওঁৰ বিশেষ জ্ঞান আছিল। তেওঁ ইংৰাজী পঢ়িব আৰু লিখিবও জানিছিল। তাৰ পাছতে দুয়োৰে মাজলৈ এটা কন্য়া সন্তান আহিছিল। বিয়াৰ পাছত ৰাধাকৃষ্ণণে পঢ়াৰ লগতে টিউচন আদিও কৰিছিল। মাত্ৰ ২০ বছৰ বয়সত তেওঁ গৱেষণা পত্ৰ লিখিছিল। ইমানেই নহয় বেদ-উপনিষদ আদিকে ধৰি সকলো দিশৰ জ্ঞান তেওঁ লৈছিল।

মাত্ৰ ২১ বছৰ বয়সত ৰাধাকৃষ্ণণে মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত কনিষ্ঠ প্ৰবক্তা হিচাপে দৰ্শনৰ পাঠদান আৰম্ভ কৰে। ১৯১০ চনত তেওঁ শিক্ষকতাৰ প্ৰশিক্ষণ লৈছিল। সেই সময়ত তেওঁৰ দৰমহা আছিল মাত্ৰ ৫০ টকা। ৰাধাকৃষ্ণণে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল। সকলোৰে লগত সহজে খাব খাব পাৰিছিল তেওঁ। ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো আছিল তেওঁৰ জনপ্ৰিয়তা। এবাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ জন্মদিন পালন কৰিবলৈ আহিছিল, তেতিয়াই তেওঁ কৈছিল যে- তোমালোকে যদি মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা তেন্তে মই সুখ পাম। কোৱা হয়, তাৰ পাছত ১৯৬২ চনৰ ৫ ছেপ্টেম্বৰৰ পৰা শিক্ষক দিৱস পালন কৰি অহা হৈছে।

ইয়াৰোপৰি ৰাজনীতিতো আছিল তেওঁৰ বিশেষ দখল। তেওঁ আছিল দেশৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি। কেৱল দেশতেই নহয়, বিশ্বতো ৰাধাকৃষ্ণে নিজৰ জ্ঞানৰ সহায়ত দপদপাই ফুৰিছিল। তেওঁৰ ভাষণৰ প্ৰশংসা সমগ্ৰ বিশ্বই কৰিছিল। এইগৰাকী মহান ব্যক্তিৰ স্মৃতিতে প্ৰতিবছৰে শিক্ষক দিৱস পালন কৰা হয়। এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হৈছিল ১৯৭৫ চনৰ ১৭ এপ্ৰিলত।

প্ৰতিগৰাকী শিক্ষকৰে কাৰোবাৰ নহয় কাৰোবাৰ জীৱনত প্ৰভাৱ থাকে। শিক্ষক নহ’লে কোনোৱে হয়তো এই পৃথিৱীৰ সৈতে ভালদৰে চিনাকী হ’বই নোৱাৰিলে হয়। গতিকে প্ৰতিগৰাকী শিক্ষকলৈ মোৰ পৰম শ্ৰদ্ধা নিবেদিছো।

 

(যদি আপুনি শিক্ষক দিৱসত ভাষণ দিব বিচাৰে, তেন্তে প্ৰথমে সভাত থকা ব্যক্তিসকলক সম্বোধন কৰি ল’ব। পাছত ভাষণৰ আৰম্ভণি কৰিব। লগতে শেষত ধন্যবাদ দিব।)

 

অন্য খবৰ পঢ়কঃ Teacher’s Day 2025 speech: এনেদৰে দিয়ক ‘শিক্ষক দিৱস’ৰ ভাষণ, লাভ কৰিব প্ৰশংসা…

 

গোটেই দিনটো অৱসাদ বা এলাহ ভাৱ অনুভৱ কৰে নেকি? বিপদৰ পূৰ্বেই কৰক এইসমূহ কাম
কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...