SSCৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কৰিছিল নেকি আবেদন? মুকলি হ’ল চিটি শ্লিপ, এতিয়াই কৰক ডাউনলোড

SSC- এ ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডিৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্কিল টেষ্টৰ পৰীক্ষাৰ বাবে চিটি শ্লিপ মুকলি কৰিছে। আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ নিজা পঞ্জীয়ন নম্বৰ পূৰ কৰি প্ৰাৰ্থীসকলে চিটি শ্লিপ ডাউনলোড কৰিব পাৰিব।

SSCৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কৰিছিল নেকি আবেদন? মুকলি হ’ল চিটি শ্লিপ, এতিয়াই কৰক ডাউনলোড

প্ৰতিনিধিত্বমূলক ছবি

Published: 

08 Apr 2025 16:02 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষতো ব্যাপক নিযুক্তিৰ সুযোগ মুকলি কৰিছিল। বিভিন্ন পদবীৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগতে SSC- এ ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডিৰ বাবেও আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল। এতিয়া আয়োগে এই নিযুক্তি প্ৰক্ৰিয়াৰ স্কিল টেষ্টৰ পৰীক্ষাৰ বাবে চিটি শ্লিপ মুকলি কৰিছে। আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ নিজা পঞ্জীয়ন নম্বৰ পূৰ কৰি প্ৰাৰ্থীসকলে চিটি শ্লিপ ডাউনলোড কৰিব পাৰিব। লিখিত পৰীক্ষাত সফল পৰীক্ষাৰ্থীসকলে দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ’ব।

SSC- ৰ এই ষ্টেন’গ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডিৰ দক্ষতা পৰীক্ষা অহা ১৬ আৰু ১৭ এপ্ৰিলত অনুষ্ঠিত হ’ব। দক্ষতা পৰীক্ষাৰ বাবে মুঠ ৩৫,৯৫৫ গৰাকী পৰীক্ষাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে। ইয়াৰে ৯,৩৪৫জন প্ৰাৰ্থী চি গ্ৰেড পদৰ বাবে আৰু ২৬,৬১০জন প্ৰাৰ্থী ডি গ্ৰেড পদৰ বাবে। আয়োগে ইতিমধ্যে কোন তাৰিখে প্ৰাৰ্থীসকলক এডমিট কাৰ্ড প্ৰদান কৰা হ’ব, সেই বিষয়েও সদৰী কৰিছে।

আয়োগে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ড পৰীক্ষাৰ তাৰিখৰ দুদিন পূৰ্বে অৰ্থাৎ ১৪ এপ্ৰিলত মুকলি কৰা হ’ব। পৰীক্ষাৰ্থীসকলে মনত ৰখা উচিত যে এডমিট কাৰ্ড অবিহনে কোনো পৰীক্ষাৰ্থীকে পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি চিটি শ্লিপ ডাউনলোড কৰিব পাৰিব-

প্ৰথমে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাওক।

হোম পেজত দিয়া Login টেবত ক্লিক কৰক।

এতিয়া পঞ্জীয়ন নম্বৰৰ তথ্য পূৰ কৰক।

ইয়াৰ পিছতে পৰীক্ষাৰ চিটি শ্লিপ আপোনাৰ স্ক্ৰীণত দেখা পাব।

এতিয়াই চিটি শ্লিপ পৰীক্ষা কৰি ডাউনলোড কৰক।

ষ্টেন’গ্ৰাফী দক্ষতা পৰীক্ষাত টাইপিং স্পীড পৰীক্ষা কৰা হ’ব। এই পৰীক্ষাত চি গ্ৰেডৰ বাবে প্ৰতি মিনিটত ১০০ শব্দ আৰু ডি গ্ৰেডৰ বাবে প্ৰতি মিনিটত ৮০ শব্দ নিৰ্ধাৰণ কৰা হৈছে। প্ৰাৰ্থীসকলে টাইপিং পৰীক্ষা তেওঁলোকে নিৰ্বাচন কৰা একেটা ভাষাতে দিব লাগিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...