শীঘ্ৰেই ওলাব বহু চাকৰিঃ পৰীক্ষাৰ সূচী ঘোষণা কৰিলে SSCএ, চাওক সবিশেষ…

শীঘ্ৰেই মুকলি হ’ব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ বহু পদৰ বাবে নিয়োগৰ সুযোগ। গতিকে চাকৰিৰ আশাৰে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে এই সুযোগতে কেন্দ্ৰীয় চাকৰিত নিয়োগ লাভৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে। ষ্টাফ চিলেকশ্যন কমিছন, চমুকৈ SSC- এ আগন্তুক ২০২৫-২৬ বৰ্ষৰ বাবে আংশিক পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।

শীঘ্ৰেই ওলাব বহু চাকৰিঃ পৰীক্ষাৰ সূচী ঘোষণা কৰিলে SSCএ, চাওক সবিশেষ…

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

07 Dec 2024 | 02:54 PM

চৰকাৰী চাকৰিৰ বাবে প্ৰচেষ্টা চলাই থকা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। শীঘ্ৰেই মুকলি হ’ব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ বহু পদৰ বাবে নিয়োগৰ সুযোগ। গতিকে চাকৰিৰ আশাৰে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলে এই সুযোগতে কেন্দ্ৰীয় চাকৰিত নিয়োগ লাভৰ সুৱৰ্ণ সুযোগ লাভ কৰিছে। ষ্টাফ চিলেকশ্যন কমিছন, চমুকৈ SSC- এ আগন্তুক ২০২৫-২৬ বৰ্ষৰ বাবে আংশিক পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। এই সময়সূচীৰ জৰিয়তে চৰকাৰী চাৰকৰি প্ৰত্যাশী প্ৰাৰ্থীসকলৰ বাবে এক বিস্তৃত গাইড প্ৰদান কৰিছে ষ্টাফ চিলেকশ্যন কমিছনে।

আয়োগে প্ৰকাশ কৰা এই পৰীক্ষাৰ সময়সূচী এতিয়া SSC – ৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। এই সূচীত SSC- এ অনুষ্ঠিত কৰা একাধিক নিযুক্তি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে। প্ৰকাশিত সূচীত নিযুক্তি সম্পৰ্কীয় অধিসূচনা কেতিয়া মুকলি কৰা হ’ব, আবেদন দাখিলৰ সময়সীমা, Tier-I আৰু Paper-I পৰীক্ষাৰ সময়সীমা আদি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

ষ্টাফ চিলেকশ্যন কমিছনৰ এই আংশিক সময়সীমা অনুসৰি ২০২৫ চনৰ জুন-জুলাই মাহত সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষা (CGL) অনুষ্ঠিত হ’ব। আনহাতে ২০২৫ চনৰ জুলাই-আগষ্টত সংযুক্ত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা (CHSL) অনুষ্ঠিত হ’ব। একেদৰে কনিষ্ঠ অভিযন্তা (চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল) পৰীক্ষা ২০২৫ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব।

অন্যান্য মূল পৰীক্ষা যেনে MTS, ষ্টেনোগ্ৰাফাৰ, উপ পৰিদৰ্শক (SI), জুনিয়ৰ হিন্দী অনুবাদক (JHT), আৰু বিভাগীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ তাৰিখ অন্তৰ্ভুক্ত কৰা হৈছে। SSC CGL Tier 1 পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া অহা বৰ্ষৰ ২২ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আৰু ২১ মে’ আবেদনৰ সময়সীমাৰ অন্ত পৰিব। আনহাতে SSC CHSL পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া ২৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু ২৫ জুনলৈকে আবেদন কৰিব পাৰিব।

দিল্লী আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ উপ-পৰিদৰ্শক পদৰ বাবে আবেদন প্ৰক্ৰিয়া ১৬ মে’ৰ পৰা আৰম্ভ হ’ব আৰু ১৪ জুনত অন্ত পৰিব। অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীয়ে আয়োগৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা পৰীক্ষাৰ সূচী চাব পাৰিব।  প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই থকা লাখ লাখ পৰীক্ষাৰ্থীক আগন্তুক নিযুক্তি পৰীক্ষা সন্দৰ্ভত স্পষ্টতা তথা সুবিধা প্ৰদান কৰাটোৱেই ষ্টাফ চিলেকশ্যন কমিছন, চমুকৈ SSCৰ লক্ষ্য।

আগন্তুক নিযুক্তি পৰীক্ষা সন্দৰ্ভত বিশদ সময়সীমাই চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলক পৰীক্ষাৰ বাবে সাজু হোৱাকৈ অধ্যয়ন পৰিকল্পনা ফলপ্ৰসূভাৱে তথা কৌশলগতভাৱে প্ৰস্তুত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট ৰোডমেপৰ সৈতে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। লগতে প্ৰাৰ্থীসকলক নিয়মিতভাৱে ষ্টাফ চিলেকশ্যন কমিছনৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...