SSC GD পৰীক্ষাৰ ফলাফল শীঘ্ৰেই হ’ব ঘোষণাঃ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদি চাওক এই লেখা

SSC- এ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ সমুখত নিযুক্তিৰ এক সুৱৰ্ণ সুযোগেৰে মুকলি কৰিছিল জেনেৰেল ডিউটি (GD) কনিষ্টবল পদৰ নিযুক্তি প্ৰক্ৰিয়া। ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। এতিয়া SSC- এ শীঘ্ৰেই এই লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত ফলাফল চাব পাৰিব।

SSC GD পৰীক্ষাৰ ফলাফল শীঘ্ৰেই হ’ব ঘোষণাঃ পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদি চাওক এই লেখা

শীঘ্ৰেই ঘোষণা হ’ব SSC GDৰ ফলাফল

Published: 

15 Mar 2025 | 03:49 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ দেশৰ ব্যাপকসংখ্যক চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ সমুখত নিযুক্তিৰ এক সুৱৰ্ণ সুযোগেৰে মুকলি কৰিছিল জেনেৰেল ডিউটি (GD) কনিষ্টবল পদৰ নিযুক্তি প্ৰক্ৰিয়া। ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ SSCৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। এতিয়া SSC- এ শীঘ্ৰেই এই লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ ফলাফল চাব পাৰিব।

এই পৰীক্ষা চিবিটি (CBT) মোডত অনুষ্ঠিত হৈছিল। পৰীক্ষাত মুঠ ১৬০ নম্বৰৰ বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন আহিছিল। যোৱা ৪ মাৰ্চত এই লিখিত পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা মুকলি কৰা হয় আৰু প্ৰাৰ্থীসকলক এই উত্তৰ তালিকা সন্দৰ্ভত আপত্তি দাখিলৰ বাবে ৯ মাৰ্চলৈকে সময় দিয়া হৈছিল। প্ৰাৰ্থীৰ পৰা লাভ কৰা আপত্তিৰ বিবেচনা কৰি SSC- এ এতিয়া শীঘ্ৰেই ফলাফল ঘোষণা কৰিব।
ফলাফল ঘোষণাৰ লগে লগে প্ৰাৰ্থীসকলে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি চাব পাৰিব নিজৰ ফলাফল-

প্ৰথমে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in লৈ যাওক।

তাৰ পিছত হোম পেজত উপলব্ধ Resultৰ লিংকত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব আৰু এতিয়া Constable GD লিংকত ক্লিক কৰিব লাগিব।

এতিয়া পুনৰ এটা নতুন পেজ খোল খাব।

ইয়াৰ পিছত ফলাফলৰ পিডিএফ ফাইল মুকলি হ’ব।

ইয়াত প্ৰাৰ্থীসকলে ফলাফল পৰীক্ষা কৰিব লাগিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কম্পিউটাৰ ভিত্তিক লিখিত পৰীক্ষা, তাৰ পিছত শাৰীৰিক দক্ষতা পৰীক্ষা (PET), শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু চিকিৎসা পৰীক্ষা/নথিপত্ৰ পৰীক্ষণৰ আধাৰত প্ৰাৰ্থীৰ বাচনি কৰা হ’ব। নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু এছএছএফৰ কনিষ্টবল (GD), অসম ৰাইফলছৰ ৰাইফলমেন (GD) আৰু নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ কনিষ্টবলৰ মুঠ ৩৯,৪৮১ টা পদ পূৰণ কৰা হ’ব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাব পাৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...