CHSL ২০২৪ টায়াৰ-২ পৰীক্ষাৰ অস্থায়ী ‘Answer Key’ মুকলি, আপত্তি কেনেকৈ দাখিল কৰিব ? জানক

SSC কম্বাইণ্ড হাইয়াৰ চেকেণ্ডৰী লেভেল (CHSL) ২০২৪ টায়াৰ-২ পৰীক্ষাৰ অস্থায়ী 'Answer Key' মুকলি কৰিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ পৰীক্ষা কৰিব পাৰিব। এই সন্দৰ্ভত কাইলৈ ​​২৮ নৱেম্বৰলৈকে প্ৰাৰ্থীয়ে আপত্তি দাখিল কৰিব পাৰিব।

CHSL ২০২৪ টায়াৰ-২ পৰীক্ষাৰ অস্থায়ী Answer Key মুকলি, আপত্তি কেনেকৈ দাখিল কৰিব ? জানক

Answer Key

Updated On: 

27 Nov 2024 | 04:49 PM

কৰ্মচাৰী বাছনি আয়োগে (SSC) কম্বাইণ্ড হাইয়াৰ চেকেণ্ডৰী লেভেল (CHSL) ২০২৪ টায়াৰ-২ পৰীক্ষাৰ অস্থায়ী ‘Answer Key’ মুকলি কৰিছে। পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ পৰীক্ষা কৰিব পাৰিব। এই সন্দৰ্ভত কাইলৈ ​​২৮ নৱেম্বৰলৈকে প্ৰাৰ্থীয়ে আপত্তি দাখিল কৰিব পাৰিব।

২০২৪ চনৰ ১৮ নৱেম্বৰত দেশৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হৈছিল CHSL টায়াৰ-২ পৰীক্ষা। অস্থায়ী ‘Answer Key’ৰ সন্দৰ্ভত আপত্তি দাখিল কৰা প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ বাবে ১০০ টকা মাচুল জমা দিব লাগিব। আয়োগে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি, ২৮ নৱেম্বৰৰ সন্ধিয়া ৪ বজাৰ পিছত পোৱা আপত্তিসমূহ বিবেচনা কৰা নহ’ব।

‘Answer Key’ৰ সন্দৰ্ভত কেনেকৈ আপত্তি দাখিল কৰিব?

  • প্ৰথমে SSC ssc.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
  • হোম পেজত দিয়া লগইন টেবত ক্লিক কৰক।
  • প্ৰয়োজনীয় সবিশেষ যেনে পঞ্জীয়ন নম্বৰ আদি পূৰ্ণ কৰক ।
  • এতিয়া প্ৰশ্নটো বাছি লওক আৰু মাচুল জমা দি আপত্তি দাখিল কৰক ।

SSC CHSL টায়াৰ-২ ফলাফল কেতিয়া প্ৰকাশ পাব ?

অস্থায়ী ‘Answer Key’ত পোৱা আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত চূড়ান্ত ‘Answer Key’ আৰু ফলাফল ঘোষণা কৰা হ’ব। পৰীক্ষাত সফল প্ৰাৰ্থীক নথি পৰীক্ষণৰ বাবে মাতিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব। ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু কাৰ্যালয় আৰু বিভিন্ন সাংবিধানিক সংস্থা, বিধিগত সংস্থাৰ বাবে SSC CHSL নিযুক্তি পৰীক্ষাৰ জৰিয়তে নিম্ন বিভাগীয় কেৰাণী (এল ডি চি)/কনিষ্ঠ সচিবালয় সহায়ক (জে এছ এ), আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ (ডি ই অ)কে ধৰি বিভিন্ন বিভাগত নিযুক্তি দিয়া হয় ।

শীতত এই তিনিবিধ খাদ্য হৈ উঠিব আপোনাৰ হৃদযন্ত্ৰৰ শত্ৰু! বিপদৰ পূৰ্বে চাওক এতিয়াই
আলু বাকলিৰ উপকাৰিতা জানিলে পেলাবলৈ মন নকৰিব!
গুপ্তাংগত বিষ ? প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰে নেকি? নকৰিব ভুল!
ডায়েবেটিছত মহৌষধি হ’ব পাৰে তিতা কেৰেলা, এইদৰে ব্যৱহাৰ কৰিলে পাব সুফল
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ
কংগ্ৰেছক কটাক্ষ কৰি কি ক'লে মুখ্যমন্ত্ৰীয়ে?
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?