Bank Job: স্নাতকৰ বাবে বেংকত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Bank Job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। এইবাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। গতিকে আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব।

Bank Job: স্নাতকৰ বাবে বেংকত ওলাইছে চাকৰিঃ কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

03 Dec 2025 | 04:49 PM

আপুনিও বেংকত চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আছে এক ভাল খবৰ। কিয়নো ওলাইছে চাকৰি। শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংক (SBI) য়ে কেইবাটাও পদৰ বাবে নিযুক্তি ঘোষণা কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত বেংকটোৱে স্পেচিয়েলিষ্ট অফিচাৰ (SO) পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ২৩ ডিচেম্বৰলৈ চলিব।

গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে বেংকৰ অফিচিয়েল ৱেবচাইট sbi.bank.in/careers ৰ জৰিয়তে আবেদন কৰিব পাৰে। ইয়াৰ অধীনত বেংকটোৱে মুঠ ৯৯৬ টা পদ পূৰ কৰিব।

পদৰ বিৱৰণ

জাৰি কৰা অধিসূচনা অনুসৰি, মুঠ পজৰ সংখ্যা ৫০৬ টা ভিপি ৱেলথ (এছআৰএম), ২০৬টা এভিপি ৱেলথ (আৰএম), আৰু ২৮৪টা কাষ্টমাৰ ৰিলেচনশ্বিপ এক্সিকিউটিভ পদ অন্তৰ্ভুক্ত কৰা হৈছে।

অৰ্হতা

  • ভিপি ৱেলথ (এছআৰএম)ৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। এম বি এ (বেংকিং/ফাইনেন্স/মাৰ্কেটিং) ত ৬০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
  • এভিপি ৱেলথ (আৰএম) পদৰ বাবে প্ৰাৰ্থীসকল স্নাতক হোৱা বাধ্যতামূলক। ফাইনেন্স, বেংকিং, মাৰ্কেটিঙত স্নাতকোত্তৰসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
  • কাষ্টমাৰ ৰিলেচনশ্বিপ এক্সিকিউটিভ পদৰ বাবে প্ৰাৰ্থীসকল স্নাতক হ’ব লাগিব।

বয়স

  • ভিপি ৱেলথৰ পদ ২৬ৰ পৰা ৪২ বছৰৰ ভিতৰত হ’ব লাগিব।
  • এভিপি ৱেলথৰ পদ ২৩ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।
  • কাষ্টমাৰ ৰিলেচনশ্বিপ এক্সিকিউটিভ পদৰ প্ৰাৰ্থীৰ বয়স ২০ ৰ পৰা ৩৫ ৰ ভিতৰত হ’ব লাগিব।

মাচুল

  • সাধাৰণ, অবিচি, ইডব্লিউএছঃ ৭৫০ টকা।
  • অনুসূচিত জাতি, অনুসূচিত জনজাতি, দিব্যাংগসকলৰৰ বাবে মাচুল নাই।

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি বেংকৰ অফিচিয়েল ৱেবচাইট sbi.bank.in লৈ যাওক।
  • এতিয়া Careers টেবত ক্লিক কৰক।
  • SO Apply লিংকটোত ক্লিক কৰক।
  • ৰেজিষ্টাৰ কৰক।
  • আবেদনত প্ৰয়োজনীয় তথ্য দিয়ক।
  • মাচুল জমা দিয়ক।
  • চাবমিট কৰক।

কেনেকৈ নিৰ্বাচন কৰা হ’ব

৫ বছৰৰ চুক্তিৰ ভিত্তিত প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। যিসকল প্ৰাৰ্থীক শ্বৰ্টলিষ্ট কৰা হয় সেইসকলক সাক্ষাৎকাৰৰ বাবে মাতিব। তাৰ পাছত মেধা তালিকা জাৰি কৰা হ’ব। এই সন্দৰ্ভত অধিক জানিবলৈ বেংকৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে ৮১,০০০ টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...