Railway Job: দ্বাদশ উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Railway Job: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। এইবাৰ ওলাইছে ৰে'লৱেত চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। ইয়াৰ অধীনত ৰে'লৱে কেইবাটা পদ পূৰ কৰিব।

পুনৰ ওলাইছে চাকৰি
চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ বাবে আছে এক ভাল খবৰ। ২৮ অক্টোবৰত ৰে’লৱে ভৰ্তি বোৰ্ড (RRB)য়ে দ্বাদশ পৰ্যায়ৰ অ-কাৰিকৰী জনপ্ৰিয় শ্ৰেণী (NTPC) ৰ পদ পূৰণৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে RRB ৰ অফিচিয়েল ৱেবচাইট rrbapply.gov.in ত গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ২৭ নৱেম্বৰলৈ চলিব। ইয়াৰ অধীনত মুঠ ৩০৫৮ টা পদ পূৰণ কৰা হ’ব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।
পদৰ সংখ্যা
মুঠ পদসমূহৰ ভিতৰত আছে ২৪২৪ টা পদ কমাৰ্চিয়েল কম টিকট ক্লাৰ্ক, ১৬৩ টা পদ জুনিয়ৰ ক্লাৰ্ক কম টাইপিষ্ট, ৩৮৪ টা পদ কাউণ্টছ ক্লাৰ্ক কম টাইপিষ্ট, আৰু আৰু ৭৭ টা পদ ট্ৰেইন ক্লাৰ্কৰ।
অৰ্হতা
প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা দ্বাদশ উত্তীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি, প্ৰাৰ্থীসকলে বয়সৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব।
মাচুল
- সাধাৰণ/OBC/EWS শ্ৰেণীঃ ৫০০ টকা।
- SC/ST/EBC/Female/Transgender প্ৰাৰ্থীঃ ২৫০ টকা।
- চিবিট পৰীক্ষাত অৱতীৰ্ণ হোৱা সাধাৰণ/অবিচি/ইডব্লিউএছ পৰীক্ষাৰ্থীক ৪০০ টকা আৰু অনুসূচিত জাতি/এছটি/ইবিচি/মহিলা/তৃতীয় লিংগৰ প্ৰাৰ্থীক ২৫০ টকা ঘূৰাই দিয়া হ’ব।
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি RRB ৰ অফিচিয়েল ৱেবচাইট rrbapply.gov.in লৈ যাওক।
- NTPC Inter Level Recruitment 2025 Apply লিংকত ক্লিক কৰক।
- ৰেজিষ্টাৰ কৰক।
- আবেদন পত্ৰত প্ৰয়োজনীয় সকলো নথি পত্ৰ প্ৰদান কৰক।
- আবেদন মাচুল দিব।
- পাছত চাবমিট কৰিব
অধিসূচনা চাবলৈঃ RRB NTPC 12th Lavel 2025 Notification pdf
কেনেকৈ নিৰ্বাচন হ’ব
প্ৰাৰ্থীসকলক চিবিটি ১, চিবিটি পৰীক্ষা, দক্ষতা পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ, আৰু চিকিৎসা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব।
দৰমহা
Commercial cum Ticket Clerk পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ২১,৭০০ টকা (Level-3) দৰমহা লাভ কৰিব। লগতে Junior Clerk cum Typist পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১৯,৯০০ টকা (Level-2), Accounts Clerk cum Typist পদৰ বাবে প্ৰাৰ্থীসকলে প্ৰতিমাহে ১৯,৯০০ টকা (Level-2) আৰু আৰু Train Clerk ৰ নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১৯,৯০০ (স্তৰ-২)টকাকৈ লাভ কৰিব।
অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে ইছৰোত ওলাইছে চাকৰিঃ ক’ত,কেনেকৈ আবেদন কৰিব জানক…