Jobs: ওলাইছে চাকৰিঃ আৰম্ভণি দৰমহা ৩৫,০০০ ৰ অধিক! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চাকৰি বিচাৰি থকা প্ৰত্যাশীসকলৰ বাবে আছে এক ভাল খবৰ। পুনৰ ৰেলৱেত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২০০০ ৰো অধিক পদ পূৰণ কৰা হ'ব। গতিকে যোগ্য আৰু ইচ্ছুকসকলে আবেদন কৰিব পাৰে।

Jobs: ওলাইছে চাকৰিঃ আৰম্ভণি দৰমহা ৩৫,০০০ ৰ অধিক! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

17 Nov 2025 | 06:23 PM

অভিযান্ত্ৰিক তথা ইঞ্জিনিয়াৰিং ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়ি তুলিব বিচৰা যুৱক-যুৱতীসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো ওলাইছে চাকৰি। ৰে’লৱে নিযুক্তি ব’ৰ্ড (RRB)য়ে লৈ আহিছে এক ডাঙৰ সুযোগ। শেহতীয়াকৈ ঘোষণা কৰিছে নিযুক্তি প্ৰক্ৰিয়া। RRB JE ২০২৫ৰ অধীনত কনিষ্ঠ অভিযন্তাকে ধৰি ২৫৬৯ টা পদ পূৰ কৰা হ’ব। ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া ৩১ অক্টোবৰৰ পৰা চলি আছে আৰু ই ১০ ডিচেম্বৰলৈ চলিব।

এই নিযুক্তি প্ৰক্ৰিয়াত কাৰিকৰীৰ বিভিন্ন পদ অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত DMS, CMA আদি অন্যতম। গতিকে আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

পদৰ বিৱৰণ আৰু যোগ্যতা

RRB য়ে CEN 05/2025 ৰ অধীনত মুঠ ২,৫৬৯টা জুনিয়ৰ ইঞ্জিনিয়াৰ (জে ই), ডিপো মেটেৰিয়েল অধীক্ষক (ডি এম এছ), আৰু কেমিকেল এণ্ড মেটালাৰ্জিকেল এচিষ্টেণ্ট (চি এম এ) পদ পূৰ কৰিব। ইঞ্জিনিয়াৰিঙত ডিপ্লমা বা বি.টেক/বি.ই. এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ তিনিবছৰৰ ডিপ্লমা বা বি.টেক.বি.ই. (মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, চিভিল, প্ৰডাকশ্যন, অটোমোবাইল, ইনচট্ৰুমেন্টছ বা অন্যত) অৰ্হতা থাকিব লাগিব। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৩৩ বছৰৰ ভিতৰত হ’ব লাগিব।

মাচুল

  • সাধাৰণ, অবিচি, ইডব্লিউএছঃ ৫০০ টকা।
  • অনুসূচিত জাতি, অনুসূচিত জনজাতি, দিব্যাংগ, মহিলা, প্ৰাক্তন সেনাঃ ২৫০ টকা।
  • তৃতীয় লিংগৰ বাবে মাচুলৰ প্ৰয়োজন নাই।

দৰমহা কিমান

ৰে’লৱেৰ এই কাৰিকৰী পদসমূহ লেভেল-৬ পে স্কেলৰ অন্তৰ্গত, আৰম্ভণিৰ দৰমহা প্ৰায় ৩৫,৪০০ টকা, আৰু গ্ৰেড পে আৰু ভাট্টা।

বাছনি প্ৰক্ৰিয়া

পদসমূহৰ বাবে বাছনি প্ৰক্ৰিয়া ৪টা পৰ্যায়ত অনুষ্ঠিত হ’ব। এইকেইটা- চিবিটি-আই, চিবিটি-II, নথিপত্ৰ পৰীক্ষণ, আৰু চিকিৎসা পৰীক্ষা। এই পদৰ বাবে মাচুল জমা দিয়াৰ শেষ তাৰিখ ১২ ডিচেম্বৰ। ১৩ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ আবেদন সংশোধন কৰিব পাৰিব। অধিন জানিবলৈ আৰ আৰ বিৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ Jobs: অৰ্হতা স্নাতক, খালী পদ প্ৰায় ২৭০০ টা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...