দশম উত্তীৰ্ণৰ বাবে চাকৰি, দৰমহা ৪০,০০০ ৰো অধিক! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
RBI Job: আপুনিও দশম উত্তীৰ্ণ হৈ চাকৰি বিচাৰি আছে নেকি? তেন্তে আছে এক ভাল খবৰ। পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে।

চাকৰি
আপুনি যদি দশম উত্তীৰ্ণ আৰু চাকৰি বিচাৰি আছে, তেন্তে আছে এক ভাল খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) য়ে কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কাৰ্যালয় পৰিচাৰক (Office Attendant)ৰ প্ৰায় ৫৭২ টা পদ পূৰ কৰিব। এই আবেদন প্ৰক্ৰিয়াৰ এক বিশেষ দিশ হ’ল যে, স্নাতক উত্তীৰ্ণই ইয়াৰ অধীনত আবেদন কৰিব নোৱাৰে। কেৱল দশম উত্তীৰ্ণই লাভ কৰিব সুবিধা। এই আবেদন প্ৰক্ৰিয়া ১৫ জানুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হৈছে আৰু ৪ ফেব্ৰুৱাৰীলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন।
পদৰ বিৱৰণ
এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ৫৭২ টা পদ পূৰ কৰা হ’ব। ইয়াৰে ২৯১টা অসংৰক্ষিত প্ৰাৰ্থীৰ বাবে, ৮৩টা অ’বিচি, ৫১টা ইডব্লিউএছ, ৫৮টা এছটি, ৮৯টা এছচিৰ বাবে। ইয়াৰ অধীনত দিল্লী, মুম্বাই, কলকাতা, কানপুৰ-লক্ষ্ণৌ, জয়পুৰ, পাটনা, গুৱাহাটী, আৰু হায়দৰাবাদকে বিভিন্ন কেন্দ্ৰত পদ পূৰণ কৰা হ’ব।
আবেদন প্ৰক্ৰিয়া
এই পদৰ বাবে আবেদন কৰিবলৈ যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট, opportunities.rbi.org.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।
যোগ্যতা
এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত প্ৰাৰ্থীসকলে দশম উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ সময় ১৮ ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব।
মাচুল
- সাধাৰণ, অ’বিচি, আৰু ইডব্লিউএছঃ ৪৫০ টকা।
- সংৰক্ষিত শ্ৰেণীঃ ৫০ টকা।
দৰমহা
নিৰ্বাচিত প্ৰাৰ্থীসকলে আৰম্ভণিত বেচিক দৰমহা ২৪,২৫০ টকা লাভ কৰিব। সকলো ভাট্টা মিলি আৰম্ভণিৰ মুঠ দৰমহা প্ৰতিমাহে ৪৬,০২৯ টকা হ’ব। বেংকৰ পৰা আবাস লাভ নকৰিলে অতিৰিক্ত ১৫ শতাংশ HRA লাভ কৰিব।
নিৰ্বাচন প্ৰক্ৰিয়া
নিৰ্বাচিত প্ৰাৰ্থীসকলক অনলাইন লিখিত পৰীক্ষাৰ দ্বাৰা নিৰ্বাচন কৰা হ’ব। এই পৰীক্ষাত ৰিজনিং, জেনেৰেল ইংৰাজী, জেনেৰেল এৱাৰনেছ আদিকে ধৰি কেইবাটা বিষয়ৰ ১২০ টা প্ৰশ্ন থাকিব। পৰীক্ষাৰ সময় হব ৯০ মিনিট। এই পৰীক্ষাত উত্তীৰ্ণসকলক পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে মতা হ’ব।
অন্য খবৰ পঢ়কঃ ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ সুযোগ! লাভ কৰিব ৩০,০০০ টকা, কেনেকৈ জানক…