Railway Job: পৰীক্ষা নিদিয়াকৈ ৰে’লৱেত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
Railway Job 2025: পুনৰ ওলাইছে ৰে'লৱেত চাকৰি। গতিকে আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ।গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।

চাকৰি
ৰে’লৱেত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চল ৰেলৱে ১১০৪টা পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে ৰে’লৱেৰ চৰকাৰী ৱেবছাইট ner.indianrailways.gov.in ত গৈ আবেদন কৰিব পাৰে। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু ই ১৫ নৱেম্বৰলৈ চলিব।
পদ
এই নিযুক্তি প্ৰক্ৰিয়া এপ্ৰেণ্টিছশ্বিপৰ অধীনত পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত বিভিন্ন এপ্ৰেণ্টিছ পদ আছে। ১৬ অক্টোবৰৰ পৰা এই আবেদন প্ৰক্ৰিয়া চলি আছে আৰু ১৫ নৱেম্বৰলৈ চলিব।
অৰ্হতা
প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা ৫০% নম্বৰ লাভ কৰি দশম ব’ৰ্ড পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। সংশ্লিষ্ট ব্যৱসায়ত আই টি আইৰ প্ৰমাণ পত্ৰও থাকিব লাগিব।
ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ বয়স ১৫ বছৰৰ কম নহয় আৰু ২৪ বছৰৰ অধিক হ’ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। অবিচিসকলে ৩ বছৰ, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলে ৫ বছৰ আৰু দিব্যাংগসকলে ১০ বছৰ বয়সৰ শিথিলতা লাভ কৰিব।
অধিক জানিবলৈঃ Railway Apprentice Vacancy 2025 Notification pdf
মাচুল
আবেদনকাৰীৰ মাচুল ১০০ টকা। অৱশ্যে অনুসূচিত জাতি-জনজাতি, মহিলা আৰু দিব্যাংগসকলক মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। মাচুল অনলাইনযোগে দিব লাগিব।অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে উত্তৰ পূৰ্বাঞ্চল ৰেলৱেৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।
কেনেকৈ নিৰ্বাচন
মেৰিট লিষ্টৰ অধীনত প্ৰাৰ্থীক নিৰ্বাচন কৰা হ’ব। মেট্ৰিকত প্ৰাৰ্থীসকলে ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। লগতে আই টি আই পৰীক্ষাত উত্তীৰ্ণৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব। অধিক জানিবলৈ আপুনি ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।
অন্য খবৰ পঢ়ক- দ্বাদশ উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…