চাকৰি বিচাৰি আছে নেকি? কেইবাটাও পদৰ বাবে ৰেলৱেত ওলাইছে চাকৰি, এনেদৰে কৰক আবেদন
পুনৰ ওলাইছে চাকৰি! এইবাৰ ৰেলৱেত কেইবাটাও পদৰ বাবে চাকৰি ওলাইছে। দক্ষিণ-পূব ৰেলৱেই এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰিছে।

ৰেলৱে
আপুনিও বিচাৰি আছে নেকি চাকৰি? তেন্তে এই খবৰ আপোনাৰ বাবে! কিয়নো এইবাৰ ওলাইছে ৰেলৱেত চাকৰি। দক্ষিণ-পূব ৰেলৱেই এপ্ৰেণ্টিছ পদৰ নিযুক্তিৰ বাবে আবেদন বিচাৰি জাননী জাৰি কৰিছে। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে আৰ আৰ চি দক্ষিণ-পূব ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in আৰু iroams.com/RRCSER24/ ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি পৰীক্ষাৰ জৰিয়তে ৰেলৱে মুঠ ১৭৮৫ টা এপ্ৰেণ্টিছ পদ পূৰণ কৰিব। এই পদৰ বাবে আবেদনৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ২৭ ডিচেম্বৰ, ২০২৪ লৈ চলিব।
আপুনিও যদি ৰেলৱেত চাকৰি কৰিব বিচাৰিছে তেন্তে এবাৰ ভাগ্য পৰীক্ষা কৰি চাব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২৭ ডিচেম্বৰৰ পাছত কোনো প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহয়।
South Eastern Railway Apprentice Recruitment 2024: যোগ্যতা
এই পদৰ বাবে আবেদন কৰিবৰ বাবে প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা মেট্ৰিকৰ সৰ্বনিম্ন ৫০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। ঐচ্ছিক বিষয়ক বাদ দি এই নম্বৰ পাব লাগিব প্ৰাৰ্থীয়ে। লগতে এন চি ভি টি/এছ চি ভি টিৰ দ্বাৰা প্ৰদান কৰাল আই টি আই উত্তীৰ্ণ প্ৰমাণ পত্ৰও থাকিব লাগিব।
বয়স
এই পদসমূহত আৱেদন কৰিবলৈ ২০২৫ চনৰ ১ জানুৱাৰীৰ ভিতৰত প্ৰাৰ্থীৰ ন্যুনতম বয়স ১৫ বছৰ হ’ব লাগিব আৰু ২৪ বছৰৰ অধিক হ’ব নোৱাৰিব। মেট্ৰিক বা জন্মৰ প্ৰমাণ পত্ৰত লিপিবদ্ধ বয়সৰ ভিত্তিত পৰীক্ষাৰ্থীৰ বয়স নিৰ্ণয় কৰা হ’ব।
কেনেকৈ হ’ব নিৰ্বাচন
এই পদসমূহত প্ৰাৰ্থী নিৰ্বাচন মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হব। প্ৰতিটো ট্ৰেডত মেট্ৰিকত পোৱা নম্বৰৰ শতাংশৰ ভিত্তিত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ’ব, য’ত নূন্যতম ৫০% (এগ্ৰিগেট) নম্বৰ থাকিব। সকলো বিষয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰ গণনা কৰা হ’ব ।কোনো বিষয় বা বিষয়ৰ গোটৰ নম্বৰৰ ভিত্তিত ইয়াক গণনা কৰা নহয়।
আবেদন
এই পদসমূহৰ বাবে আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ১০০ টকা দিব লাগিব, আনহাতে অনুসূচিত জাতি/অনুসূচিত জনজাতি/পিডব্লিউডি/মহিলা প্ৰাৰ্থীসকলক এই আবেদন মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। ডেবিট বা ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ইউপিআই বা ই-ৱালেট ব্যৱহাৰ কৰি মাচুল পৰিশোধ কৰিব পাৰিব। অধিক তথ্যৰ বাবে আপুনি rrcser.co.in ৱেবচাইট চাব পাৰে।
আৰু পঢ়কঃ FCI ত ওলাইছে চৰকাৰী চাকৰি! কেনেকৈ কৰিব আবেদন, জানক কেতিয়ালৈ আছে সময়…