ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
১৮৫৩ চনৰ ১৬ এপ্ৰিলত ভাৰতত প্ৰথমবাৰৰ বাবে ৰে’ল সেৱা আৰম্ভ হয় । সেই সময়ত মুম্বাই আৰু থানেৰ মাজত প্ৰথম যাত্ৰীবাহী ৰে’ল চলিছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

আজিৰ দিনটোতে আৰম্ভ হৈছিল ভাৰতীয় ৰে’লৱে । ১৮৫৩ চনৰ ১৬ এপ্ৰিলত ভাৰতত প্ৰথমবাৰৰ বাবে ৰে’ল সেৱা আৰম্ভ হয় । সেই সময়ত মুম্বাই আৰু থানেৰ মাজত প্ৰথম যাত্ৰীবাহী ৰে’ল চলিছিল। সেই যাত্ৰাই সলনি কৰিলে দেশৰ যাতায়ত ব্যৱস্থা ।
চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা
- নিজৰ অভিনয় আৰু হাস্যৰসেৰে সমগ্ৰ বিশ্বক হাঁহিবলৈ বাধ্য কৰা চাৰ্লি চেপলিনৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৬ এপ্ৰিলত ।
- ১৯১৯ চনৰ আজিৰ দিনটোতে অমৃতসৰত জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ পিছত মহাত্মা গান্ধীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ স্মৃতিত প্ৰাৰ্থনা আৰু অনশনৰ দিন ঘোষণা কৰে।
- ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছোভিয়েট চাবমেৰিনৰ আক্ৰমণত জাৰ্মান জাহাজ এখন ডুব যায় আৰু প্ৰায় ৭০০০ লোকৰ মৃত্যু হয়।
- ১৯৬৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ বিখ্যাত গ্ৰেট ট্ৰেইন ডকাইতি গোচৰত ১২ জন অপৰাধীক মুঠ ৩০৭ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।
- ১৯৭৬ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী হেৰল্ড উইলছনে পদত্যাগ কৰি সকলোকে আচৰিত কৰি তুলিছিল।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে ইৰাকৰ হালাবজা চহৰত ৰাসায়নিক আক্ৰমণত হাজাৰ হাজাৰ কুৰ্দি সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু হাজাৰ হাজাৰ লোক অসুস্থ হৈ পৰে। সেইদিনা টিউনিছত পিএলঅ’ৰ জ্যেষ্ঠ নেতা আবু জেহাদক হত্যা কৰা হৈছিল।
- ২০০২ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াত বিমান দুৰ্ঘটনাত ১২০ জন লোকে প্ৰাণ হেৰুৱাইছিল।
- ২০২৪ চনৰ আজিৰ দিনটোতে ছত্তীশগড়ৰ কাংকেৰ জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত ২৯ জন নক্সালবাদী নিহত হোৱাৰ লগতে তিনিজন জোৱান আহত হয়।
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension