জালিয়াতি ৰোধৰ উপায়: ২০২৬-ৰ পৰা NTA পৰীক্ষাত বাধ্যতামূলক হ’ব ফেচিয়েল বায়’মেট্ৰিক আৰু লাইভ ফটোগ্ৰাফী

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ বাবে ২০২৬ চনৰ পৰা কৰিব নতুন নিয়ম। পৰীক্ষাৰ সময়ত মুখৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ আৰু আবেদন পৰ্যায়ত লাইভ ফটোগ্ৰাফী ৰূপায়ণ কৰাৰ সিদ্ধান্ত। জানুৱাৰী মাহৰ পৰা JEE (মেইনছ)ৰ পৰা আৰম্ভ কৰি সকলো প্ৰৱেশ পৰীক্ষাতে পৰীক্ষাৰ নিৰাপত্তা শক্তিশালী কৰিব।

জালিয়াতি ৰোধৰ উপায়: ২০২৬-ৰ পৰা NTA পৰীক্ষাত বাধ্যতামূলক হ’ব ফেচিয়েল বায়’মেট্ৰিক আৰু লাইভ ফটোগ্ৰাফী
Updated On: 

23 Dec 2025 18:20 PM

National Testing Agency (NTA) ২০২৬ চনৰ পৰা পৰিচালনা কৰিবলগীয়া প্ৰৱেশ পৰীক্ষাসমূহৰ বাবে কেতবোৰ নতুন আৰু কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। পৰীক্ষাত হোৱা জালিয়াতি আৰু অনিয়ম ৰোধ কৰিবলৈ এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। এই নতুন নিয়মে প্ৰকৃত আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰিব আৰু পৰীক্ষা প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰি তুলিব।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উচ্চ শিক্ষা সচিব বিনীত যোশীয়ে কয় যে, তেওঁলোকে পৰীক্ষাৰ সময়ত মুখৰ বায়’মেট্ৰিক ব্যৱস্থা আৰু আবেদন দাখিলৰ সময়ত লাইভ ফটোগ্ৰাফী ৰূপায়ণ কৰিব।

তেওঁ লগতে কয় যে এইটো জানুৱাৰী মাহৰ পৰা, JEE (মেইনছ)ৰ পৰা কাৰ্যকৰী কৰা হ’ব। মুখৰ বায়’মেট্ৰিক পৰীক্ষণে মুখৰ অনন্য বৈশিষ্ট্য, যেনে চকুৰ মাজৰ দূৰত্ব বা নাকৰ আকৃতি বিশ্লেষণ কৰি সংৰক্ষিত তথ্যৰ সৈতে তুলনাৰ বাবে ডিজিটেল টেমপ্লেট তৈয়াৰ কৰি ব্যক্তিৰ পৰিচয় নিশ্চিত কৰা। প্ৰায়ে বিশ্লেষণৰ বাবে এআই ব্যৱহাৰ কৰে। ইফালে, অনলাইন আবেদন বা পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত ৱেবকেম বা ফোনযোগে বাস্তৱ সময়ৰ ফটো কেপচাৰ ব্যৱহাৰ কৰি ভুৱা প্ৰাৰ্থী ৰোধ কৰা হয়।

এন টি এৰ দ্বাৰা পৰিচালিত যুটীয়া প্ৰৱেশ পৰীক্ষা (মেইন) ২০২৬,২১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ। ২০১৭ চনত স্থাপিত এন টি এয়ে অভিযান্ত্ৰিকতাৰ বাবে যুটীয়া প্ৰৱেশ পৰীক্ষা (JEE) মেইনকে ধৰি ডাঙৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। চিকিৎসা বিজ্ঞানৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা-স্নাতক (NEET-UG); আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সাধাৰণ স্নাতক আৰু স্নাতকোত্তৰ কাৰ্যসূচীৰ বাবে CUET।

এই ব্যৱস্থাসমূহ ২০২৪ চনৰ NEET-UG পৰীক্ষাত নকল পদ্ধতিৰ বাতৰি ভাইৰেল হোৱাৰ পিছত গঠন কৰা ৰাধাকৃষ্ণন সমিতিৰ পৰামৰ্শৰ অংশ। চৰকাৰে নিযুক্তি দিয়া সমিতিখনে ভাৰতৰ প্ৰৱেশ পৰীক্ষা ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে, ডিজিটেলাইজেচন, নিৰাপত্তা, আৰু প্ৰক্ৰিয়াসমূহ সুশৃংখলিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি।

 

বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা