CSIR UGC NET পৰীক্ষাৰ বাবে আৰম্ভ আবেদন প্ৰক্ৰিয়াঃ কেতিয়ালৈকে হ’ব আবেদন প্ৰক্ৰিয়া, চাওক

ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (JRF) আৰু লেকচাৰশ্বিপ (LS), সহকাৰী অধ্যাপক পদ, বা পি এইচ ডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্ণয় কৰিবলৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। বছৰত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয়। প্ৰথমে জুন মাহত আৰু দ্বিতীয়টো ডিচেম্বৰ মাহত অনুষ্ঠিত হয় এই পৰীক্ষা।

CSIR UGC NET পৰীক্ষাৰ বাবে আৰম্ভ আবেদন প্ৰক্ৰিয়াঃ কেতিয়ালৈকে হ’ব আবেদন প্ৰক্ৰিয়া, চাওক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

26 Sep 2025 | 11:24 AM

নেচনেল টেষ্টিং এজেঞ্চী, চমুকৈ NTA- CSIR-UGC NET ডিচেম্বৰ ২০২৫ৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। ইতিমধ্যে এই পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট csirnet.nta.nic.in ত গৈ এই পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব। ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (JRF) আৰু লেকচাৰশ্বিপ (LS), সহকাৰী অধ্যাপক পদ, বা পি এইচ ডি কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্যতা নিৰ্ণয় কৰিবলৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।

বছৰত দুবাৰকৈ এই পৰীক্ষা অনুষ্ঠিত হয় প্ৰথমে জুন মাহত আৰু দ্বিতীয়টো ডিচেম্বৰ মাহত অনুষ্ঠিত হয় এই পৰীক্ষা। এতিয়া ডিচেম্বৰ মাহৰ CSIR-UGC NET পৰীক্ষাৰ বাবে আাবেদন আৰম্ভ হৈছে ২৫ ছেপ্টেম্বৰ, অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা এই CSIR-UGC NET পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

প্ৰকাশ পোৱা অধিসূচনা মতে, ২৪ অক্টোবৰলৈকে ইচ্ছুক প্ৰাৰ্থীসকলে এই পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব আবেদনৰ পিছত প্ৰাৰ্থীসকলে ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ আবেদন পত্ৰত সংশোধন কৰিব পাৰিব। এই পৰিক্ষাৰ বাবে প্ৰাৰ্থীৰ পঞ্জীয়নৰ মাচুলো অধিসূচনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে

জেনেৰেল শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদন মাচুল ১,১৫০ টকা পৰিশোধ কৰিব লাগিব আনহাতে EWS আৰু OBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে ৬০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব ইয়াৰ বিপৰীতে SC, ST, আৰু PwD প্ৰাৰ্থীৰ বাবে পঞ্জীয়ন মাচুল ৩২৫ টকা নিৰ্ধাৰণ কৰা হৈছে

প্ৰাৰ্থীসকলে আবেদন মাচুল ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI বা নেট বেংকিঙৰ জৰিয়তে এই ধনৰাশি পৰিশোধ কৰিব পাৰিব। পঞ্জীয়ন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ২৫ অক্টোবৰ। এই পৰীক্ষাৰ বাবে কিদৰে আবেদন কৰিব পাৰিব, চাওক

প্ৰথমে অফিচিয়েল ৱেবছাইট csirnet.nta.nic.in চাওক।

হোম পেজত CSIR UGC NET December 2025 Registration টেবত ক্লিক কৰক।

আপোনাৰ সবিশেষ তথ্য পূৰ কৰক আৰু পঞ্জীয়ন কৰক।

আবেদন পত্ৰ পূৰণ কৰি প্ৰয়োজনীয় সকলো নথিপত্ৰ আপলোড কৰক।

মাচুল পৰিশোধ কৰি এতিয়া চাবমিট কৰক।

চৰকাৰী অধিসূচনা অনুসৰি অহা ১৮ ডিচেম্বৰত দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব CSIR-UGC NET ডিচেম্বৰ ২০২৫ পৰীক্ষা। প্ৰথম শ্বিফ্টত পুৱা ৯:০০ বজাৰ পৰা ১২:০০ বজালৈ আৰু দ্বিতীয় শ্বিফ্টত ৩:০০ বজাৰ পৰা ৬:০০ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব। অধিক তথ্যৰ বাবে চৰকাৰী অধিসূচনা চাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...