সলনি হৈছে প্ৰেমৰ সংজ্ঞা, সলনি হৈছে প্ৰেমৰ প্ৰকৃতি…এতিয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত প্ৰেম!
নতুন প্ৰজন্মৰ আবেগ, সম্পৰ্ক, বিচ্ছেদ, মনৰ খেলিমেলি আদি পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক অভিনৱ পাঠ্যক্ৰম। স্নাতক মহলাত মনোবিজ্ঞান বিষয়ৰ এই ঐচ্ছিক পাঠ্যক্ৰম ২০২৫-২৬ শিক্ষাবৰ্ষত আৰম্ভ কৰা হৈছে।

এতিয়া পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত প্ৰেম!
সময়ৰ লগে লগে সলনি হৈছে সম্পৰ্কৰ পৰিভাষা। সলনি হৈছে প্ৰেম-ভালপোৱাৰ সংজ্ঞা। প্ৰেমৰ সম্পৰ্ক, যাক সাধাৰণভাৱে ইংৰাজীত কোৱা হয় Relationship, এতিয়া Relationship ৰ সৈতে আন এটা শব্দও জড়িত হৈ পৰিছে, যাক কোৱা হয় Situationship। পূৰ্বতে যি প্ৰেমৰ সংজ্ঞা আছিল আৰু নৱ প্ৰজন্মৰ মাজত যি প্ৰেমৰ সংজ্ঞা তাৰ মাজত পাৰ্থক্য আছে। সলনি হৈছে প্ৰেমৰ সজ্ঞা।
ইয়াৰ মাজতেই নতুন প্ৰজন্মৰ আবেগ, সম্পৰ্ক, বিচ্ছেদ, মনৰ খেলিমেলি আদি পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিল্লী বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে এক অভিনৱ পাঠ্যক্ৰম। ‘Negotiating Intimate Relationships’, স্নাতক মহলাত মনোবিজ্ঞান বিষয়ৰ এই ঐচ্ছিক পাঠ্যক্ৰম ২০২৫-২৬ শিক্ষাবৰ্ষত আৰম্ভ কৰা হৈছে।
বন্ধুত্ব কেনেকৈ প্ৰেমলৈ পৰিণত হয়, দীৰ্ঘম্যাদী সম্পৰ্ক কিমান স্থায়ী হয়, আৰু ‘ৰেড ফ্লেগ’ কেতিয়া আৰম্ভ হয়, সকলোবোৰ এই পাঠ্যক্ৰমত বুজোৱা হ’ব। এই পাঠ্যক্ৰমে নতুন প্ৰজন্মক কেৱল প্ৰেম-ভালপোৱা বুজিবলৈ নিশিকায়, সম্পৰ্কৰ ভিতৰৰ আৱেগ আৰু দায়িত্বক নতুন দৃষ্টিৰে চাবলৈ শিকাব।
এই পাঠ্যক্ৰমত নতুনত্বও আছে। ছাত্ৰ-ছাত্ৰীসকলে কেৱল কিতাপৰ পৰাই নহয়, জীৱন কাহিনীৰ পৰাও শিকিব। প্ৰতি সপ্তাহত তিনিটা বক্তৃতা আৰু এটা টিউটৰিয়েল চেচনত চিনেমাৰ বিশ্লেষণ থাকিব। গ্ৰুপ আলোচনাও অব্যাহত থাকিব। একে সময়তে ছ’চিয়েল মিডিয়াৰ পৰা বিভিন্ন উদাহৰণৰ জৰিয়তে সম্পৰ্কৰ মনোবিজ্ঞানৰ বিষয়েও ব্যাখ্যা কৰা হ’ব।
ডিজিটেল যুগে সম্পৰ্কৰ প্ৰকৃতি সলনি কৰি দিছে—ডেটিং এপ, ছ’চিয়েল মিডিয়া, আৰু ভাৰ্চুৱেল অন্তৰংগতাৰ সৈতে পূৰ্বতকৈ অধিক জটিল হৈ পৰিছে নতুন প্ৰজন্মৰ জীৱন। দিনক দিনে বৃদ্ধি পাইছে সম্পৰ্কৰ অস্থিৰতা, মানসিক চাপ, আনকি হিংসাৰ ঘটনা। এনে পৰিৱৰ্তিত পৰিস্থিতিত এই পাঠ্যক্ৰমে আপোনাক সম্পৰ্কত ‘বিৰূপ’ আচৰণ, ঈৰ্ষা, অনাস্থা, আৰু সম্পৰ্ক বিচ্ছেদৰ পিছত মানসিক ভাৰসাম্য ঘূৰাই অনাৰ কৌশল কেনেকৈ গ্ৰহণ কৰিব পাৰি, সেই বিষয়েও শিকাব।
ছাত্ৰ-ছাত্ৰীসকলে সম্পৰ্কৰ ভিতৰত কেনেকৈ সীমা নিৰ্ধাৰণ কৰিব লাগে সেই বিষয়েও শিকিব পাৰিব। লগতে সম্পৰ্কৰ বাহিৰত সীমা নিৰ্ধাৰণ কৰিবলৈও শিকিব। সকলো কেমিষ্ট্ৰীক সন্মান জনাই দিনটোৰ শেষত কেনেকৈ সুস্থ আৰু সন্মানপূৰ্বক সম্পৰ্ক গঢ়ি তুলিব পাৰি, আৰু কেতিয়া কোনো কথাত ‘না’ ক’ব লাগে সেই বিষয়েও শিকিব পাৰিব।
বিশেষজ্ঞসকলৰ মতে এই পাঠ্যক্ৰমত জেন-জিক শিকোৱা হ’ব যে কেনেকৈ সম্পৰ্কত সচেতন, দায়িত্বশীল আৰু মানসিকভাৱে পৰিপক্ক হ’ব পাৰি। মুঠতে ই কেৱল প্ৰেমৰ পাঠ নহয়, জীৱনৰ পাঠ, যিয়ে আপোনাক কেনেকৈ প্ৰেম কৰিব লাগে তাৰ লগতে নিজৰ যত্ন ল’ব লাগে সেই বিষয়েও শিকাব।