NEET-UG পৰীক্ষাৰ চূড়ান্ত মেৰিট লিষ্ট প্ৰকাশঃ টপাৰৰ তালিকাত ১৭ জন পৰীক্ষাৰ্থী

আজি প্ৰকাশ কৰা হৈছে NEET-UG পৰীক্ষাৰ চূড়ান্ত মেৰিট লিষ্ট। এই সংশোধিত তালিকাত ১৭ জন টপাৰে স্থান লাভ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি টপাৰৰ তালিকাত প্ৰথম স্থানত আছে দিল্লীৰ মৃদুল মান্য আনন্দ। ৰাজস্থানৰ সৰ্বাধিক চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ ১৭ ৰ ভিতৰত স্থান লাভ কৰিছে।

NEET-UG পৰীক্ষাৰ চূড়ান্ত মেৰিট লিষ্ট প্ৰকাশঃ টপাৰৰ তালিকাত ১৭ জন পৰীক্ষাৰ্থী

NEET-UG পৰীক্ষাৰ মেৰিট লিষ্ট প্ৰকাশ

monjit-dutta
Published: 

26 Jul 2024 20:49 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই আজি প্ৰকাশ কৰিছে NEET-UG পৰীক্ষাৰ চূড়ান্ত মেৰিট লিষ্ট। পূৰ্বে ঘোষিত বিতৰ্কিত ফলাফলত ৬১ গৰাকী টপাৰে স্থান লাভ কৰিছিল যদিও এতিয়া নতুন তালিকাত ১৭ জন টপাৰেহে স্থান পাইছে। এই ১৭ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাত এশ শতাংশ নম্বৰ, অৰ্থাৎ ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিছে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বৃহস্পতিবাৰে NTAই NEET-UG পৰীক্ষাৰ সংশোধিত ফলাফল ঘোষণা কৰিছিল। এই পৰীক্ষাত ২৪ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

আজি প্ৰকাশিত তালিকা অনুসৰি টপাৰৰ তালিকাত প্ৰথম স্থানত আছে দিল্লীৰ মৃদুল মান্য আনন্দ। ৰাজস্থানৰ সৰ্বাধিক চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে শীৰ্ষ ১৭ ৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে দিল্লীৰ ২ জন, উত্তৰ প্ৰদেশৰ ২ জন, বিহাৰৰ ১ জন, পঞ্জাৱৰ ১ জন, পশ্চিম বংগৰ ১ জন, মহাৰাষ্ট্ৰৰ ৩ জন, তামিলনাডুৰ ১ জন, কেৰালাৰ ১ জন আৰু চণ্ডীগড়ৰ এজন ছাত্ৰই স্থান পাইছে টপাৰৰ তালিকাত।

চূড়ান্ত মেৰিট লিষ্টৰ পিছত নূন্যতম যোগ্যতা অৰ্জনৰ কাট অফো হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে অসংৰক্ষিত শ্ৰেণীৰ বাবে ১৬৪ নম্বৰ কাট অফ আছিল যদিও এতিয়া অসংৰক্ষিত শ্ৰেণীৰ কাট অফ ১৬২ নম্বৰলৈ হ্ৰাস পাইছে। একেদৰে অ’বিচিৰ ক্ষেত্ৰত কাট অফ ১৬৩ৰ পৰা ১৬১ নম্বৰলৈ হ্ৰাস পাইছে। আনহাতে অনুসূচিত জাতি আৰু জনজাতি শ্ৰেণীৰ ক্ষেত্ৰত কাট অফ ১২৯ৰ পৰা ১২৭লৈ হ্ৰাস পাইছে।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে NTAৰ অফিচিয়েল ৱেবছাইট exams.nta.ac.in/NEET ত মেৰিট লিষ্ট আৰু টপাৰৰ তালিকা চাব পাৰিব। মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত এতিয়া ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদে প্ৰকাশ কৰিব কাউন্সেলিং সূচী। সফল প্ৰাৰ্থীসকলে এমবিবিএছ, বিডিএছকে ধৰি অন্যান্য চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কাউন্সেলিং প্ৰক্ৰিয়াত অৱতীৰ্ণ হ’ব।

এই কাউন্সেলিঙত পৰীক্ষাত পোৱা ৰেংক অনুসৰি আসন আবণ্টন দিয়া হ’ব। মুঠ ৪টা পৰ্যায়ত ৰাষ্ট্ৰীয় চিকিৎসা পৰিষদৰ এই কাউন্সেলিং হ’ব। উল্লেখ্য যে যোৱা ৫ মে’ত দেশৰ ৫৭১খন চহৰৰ ৪ হাজাৰ ৭৫০টা কেন্দ্ৰত NEET-UG পৰীক্ষা অনুষ্ঠিত হৈছিল। ৪ জুনত এই পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হৈছিল আৰু এই ফলাফলত ৬৭ গৰাকী প্ৰাৰ্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰে।

কিন্তু ইয়াৰ পিছতে পৰীক্ষাত অনিয়ম তথা প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হয় আৰু ইয়াক কেন্দ্ৰ কৰি দেশজুৰি প্ৰতিবাদৰ সূচনা হৈছিল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি বৃ্হস্পতিবাৰে NEET-UG পৰীক্ষাৰ সংশোধিত ফলাফল ঘোষণা কৰিছিল।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক