NCRTC ত ওলাইছে চাকৰিঃ দৰমহা ৭৫,০০০ প্ৰতিমাহ, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

JOB: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। NCRTC ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি NCRTC কেইবাটাও খালী পদ পূৰণ কৰিব।

NCRTC ত ওলাইছে চাকৰিঃ দৰমহা ৭৫,০০০ প্ৰতিমাহ, কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

30 Mar 2025 | 04:41 PM

নেশ্যনেল কেপিটেল ৰিজন ট্ৰান্সপোৰ্ট কৰ্পাৰেশ্যন লিমিটেড অৰ্থাৎ NCRTC য়ে কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি NCRTC য়ে অভিযান্ত্ৰিক (engineering) আৰু কাৰিকৰী (technical)  বিভাগত খালী থকা পদ পূৰণ কৰিব। জানিব পৰা মতে, এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ৭২ টা খালী পদ পূৰ কৰা হ’ব। গতিকে প্ৰাৰ্থীসকলে অৰ্হতা আৰু যোগ্যতা অনুসৰি এই পদৰ বাবে আবেদন কৰিব পাৰে। প্ৰাৰ্থীয়ে NCRTCৰ অফিচিয়েল ৱেবচাইট ncrtc.in ত গৈ আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ২৪ মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু ই ২৪ এপ্ৰিললৈ চলিব।

অৰ্হতা

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী সংশ্লিষ্ট ক্ষেত্ৰত ৩ বছৰৰ ডিপ্লমা, আই টি/বি চি এ/বি এছ চি কম্পিউটাৰ বিজ্ঞান, বি বি এ/বি বি এম, হোটেল মেনেজমেণ্টত স্নাতক ডিগ্ৰী বা আই টি আই এন চি ভি টি/এছ চি ভি টি প্ৰমাণপত্ৰ থাকিব লাগিব।

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে ১০০০ টকা মাচুল জমা কৰিব লাগিব।

বয়সঃ প্ৰাৰ্থীসকলৰ নূন্যতম বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স ২৫ বছৰ নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা প্ৰদান কৰা হ’ব।

দৰমহাঃ নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১৮,২৫০ টকাৰ পৰা ৭৫,৮৫০ টকালৈকে দৰমহা লাভ কৰিব। পদ আৰু কামৰ ওপৰত নিৰ্ভৰ কৰি দৰমহা ভিন্ন হ’ব।

কেনেকৈ আবেদন কৰিব

  • আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে প্ৰথমে এনচিআৰটিচিৰ ৱেবছাইট ncrtc.in যাব লাগিব।
  • ইয়াৰ পিছত কেৰিয়াৰ শিতানত গৈ ‘Apply Link’ ত ক্লিক কৰক।
  • নতুনকৈ পঞ্জীয়ন কৰাৰ পিছত প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰি আবেদন মাচুল জমা কৰিব লাগিব।
  • আবেদন পত্ৰ চাবমিট কৰক।
  • ইয়াৰ পিছত ইয়াৰ প্ৰিন্টআউট ৰাখক।

বাছনি প্ৰক্ৰিয়া

কম্পিউটাৰ বেছড টেষ্ট (চিবিটি)ৰ জৰিয়তে পৰীক্ষাৰ্থীৰ বাছনি কৰা হ’ব। ইয়াৰ পিছত মেডিকেল ফিটনেছ টেষ্ট আৰু মেৰিট লিষ্টৰ ভিত্তিত চূড়ান্ত নিৰ্বাচন কৰা হ’ব।

 

অন্য খবৰ পঢ়কঃ ৰে’লৱেত ওলাইছে চাকৰি, খালী ৯,৯৭০ টা পদ, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...