NTAই আনিছে নিযুক্তিৰ সুযোগঃ ওলাইছে বহু চাকৰি, চাওক নিযুক্তি সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই একাধিক খালী পদ পূৰণৰ বাবে নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে নিৰ্ধাৰণ কৰা যোগ্যতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে NTAৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ পূৰ্বে NTAই এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কি কি অৰ্হতা নিৰ্ধাৰণ কৰিছে তথা কিদৰে আবেদন কৰিব পাৰিব, সেই বিষয়ে চাওক।

NTAই আনিছে নিযুক্তিৰ সুযোগঃ ওলাইছে বহু চাকৰি, চাওক নিযুক্তি সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য

NTAই আনিছে নিযুক্তিৰ সুযোগ

Published: 

16 Dec 2024 13:29 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই চাকৰি প্ৰত্যাশী শিক্ষিত যুৱক-যুৱতীসকললৈ আনিছে নিযুক্তিৰ সুৱৰ্ণ সুযোগ। পৰীক্ষা সংস্থাটোৱে বহু পদৰ বাবে মুকলি কৰিছে নিযুক্তি প্ৰক্ৰিয়া। নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত একাধিক খালী পদ পূৰণৰ বাবে NTAই নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। এই পদসমূহৰ বাবে নিৰ্ধাৰণ কৰা যোগ্যতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে NTAৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ পূৰ্বে NTAই এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে কি কি অৰ্হতা নিৰ্ধাৰণ কৰিছে তথা কিদৰে আবেদন কৰিব পাৰিব, সেই বিষয়ে চাওক-

NTA ৰ এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ বি ই/বিটেক, এমটেক, কম্পিউটাৰ বিজ্ঞানত এম এছ চি, এমচিএ, এম বি এ, এল এল বি, এল এল এম ডিগ্ৰীৰ ভিতৰত যিকোনো এটা ডিগ্ৰী থাকিব লাগিব। লগতে প্ৰাৰ্থীসকলে কমেও ৬০ শতাংশ নম্বৰ বা সমপৰ্যায়ৰ গ্ৰেড লাভ কৰিব লাগিব। ইয়াৰ উপৰিও আবেদনকাৰীৰ কমেও দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

যিকোনো চৰকাৰী সংস্থা তথা বিভাগ, CPSEs, স্বায়ত্তশাসিত সংস্থা, বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানৰ দৰে খণ্ডৰ পৰা এই কৰ্ম অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে গৱেষণা, ফেল’শ্বিপ, বা ইন্টাৰশ্বিপৰ সময়ক কৰ্ম অভিজ্ঞতা হিচাপে গণ্য কৰা নহ’ব। অহা ৩১ ডিচেম্বৰৰ ভিতৰত এই পদসমূহৰ বাবে আবেদন দাখিল কৰিব লাগিব প্ৰাৰ্থীসকলে। আবেদনৰ অন্তিম তাৰিখৰ পৰা আবেদনকাৰীৰ বয়স নূন্যতম ৪০ বছৰ হ’ব লাগিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলে cbtc.nta.ac.in/ypro/register ত উপলব্ধ আবেদন পত্ৰ পূৰণ কৰি অনলাইন আবেদন কৰিব লাগিব। প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত আবেদনকাৰীয়ে সম্পূৰ্ণ কৰা আবেদন আৰু প্ৰয়োজনীয় নথি-পত্ৰৰ পিডিএফ ইমেইলৰ জৰিয়তে recruitmentyp@nta.ac.in ত জমা দিব লাগিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে recruitmentyp@nta.ac.in ত যোগাযোগ কৰিব পাৰে।

নিৰ্বাচিত প্ৰাৰ্থীসকল মূলতঃ নতুন দিল্লীস্থিত নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAৰ মুখ্য কাৰ্যালয়ত নিযুক্তি প্ৰদান কৰা হ’ব। অৱশ্যে প্ৰয়োজন অনুসৰি অন্য আঞ্চলিক কাৰ্যালয়তো নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব পাৰে। এই পদবীত নিযুক্ত কৰ্মচাৰীসকলে ৬০ হাজাৰ টকাৰ মাহিলী দৰমহা লাভ কৰে। অৱশ্যে এই পদসমূহৰ চৰকাৰী মৰ্যাদা নাথাকিব, কণ্ট্ৰেকচুৱেল হিচাপেহে এই পদত নিযুক্তি লাভ কৰিব।

শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!
গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...