উত্তৰ-পূবৰ বাবে আন এক সাফল্যৰ বতৰা, দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত মিজোৰাম

ULAS- নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ অধীনত মিজোৰামক আনুষ্ঠানিকভাৱে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য। ৰাজ্যৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ উপস্থিতিত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) জয়ন্ত চৌধুৰীয়ে আইজলত এই কথা ঘোষণা কৰাৰ লগতে এই সাফল্যৰ বাবে তেওঁক প্ৰমাণ পত্ৰও প্ৰদান কৰে।

উত্তৰ-পূবৰ বাবে আন এক সাফল্যৰ বতৰা,  দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত মিজোৰাম

প্ৰতীকি ফটো

Updated On: 

21 May 2025 11:49 AM

উত্তৰ-পূবৰ অগ্ৰণী ৰাজ্য মিজোৰামে এক ডাঙৰ সাফল্য লাভ কৰিছে। ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে মিজোৰাম। মঙলবাৰে (২০ মে’) এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। কেৰালাকে ধৰি সকলো ৰাজ্যক পিছ পেলাই উত্তৰ-পূবৰ এই ৰাজ্যখনে দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখেও ২০২৪ চনত সম্পূৰ্ণ সাক্ষৰতাৰ লক্ষ্যত উপনীত হৈছিল।

ULAS- নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচীৰ অধীনত মিজোৰামক আনুষ্ঠানিকভাৱে সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়। এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য। এই অনুষ্ঠানত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) জয়ন্ত চৌধাৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ উপস্থিতিত আইজলত এই কথা ঘোষণা কৰাৰ লগতে এই কৃতিত্বৰ বাবে প্ৰমাণ পত্ৰও প্ৰদান কৰে।

শিক্ষাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি

শিক্ষাৰ ক্ষেত্ৰত মিজোৰামে গঢ়িছে এই নতুন অভিলেখ। এতিয়া ৰাজ্যখন কোনো অশিক্ষিত ব্যক্তি নাই। ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিয়ে (১৫ বছৰৰ ওপৰৰ) এতিয়া পঢ়া-শুনা কৰিব পৰাকৈ সক্ষম হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি মিজোৰামে ULLAS অৰ্থাৎ নৱভাৰত সাক্ষৰতা কাৰ্যসূচীৰ অধীনত এই সফলতা লাভ কৰিছে। লাখ লাখ মানুহক সাক্ষৰ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনে । নিউ লিটাৰেচি মিছনৰ অধীনত ৯৭ শতাংশ সাক্ষৰতা লাভৰ ক্ষেত্ৰত যিকোনো ৰাজ্যক সম্পূৰ্ণ সাক্ষৰ বুলি ঘোষণা কৰা হয়।

ULLAS নামেৰে নৱ লিটাৰেচি মিছন কাৰ্যসূচীৰ ঘোষণা

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১১ চনৰ লোকপিয়লত দেশৰ সাক্ষৰতাৰ হাৰ আছিল ৭৯.০৪ শতাংশ। ২০১১ চনৰ লোকপিয়লত মিজোৰামৰ সাক্ষৰতাৰ হাৰ ৯১.৩৩%, যিটো দেশৰ ভিতৰতে তৃতীয় স্থানত আছিল। ULLAS আঁচনিৰ অধীনত ২০২৩ চনত সমগ্ৰ ৰাজ্যতে এক সমীক্ষা চলোৱা হৈছিল।৩,০২৬ জন নিৰক্ষৰ লোক চিনাক্ত কৰা হৈছিল, ইয়াৰে ১,৬৯২ জনেই দৈনিক পঢ়া-শুনা আৰম্ভ কৰিছিল। ইয়াৰ পিছত সাক্ষৰতাৰ হাৰ ৯৮.২০% হয়। ইয়াৰ বাবে চৰকাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিশেষজ্ঞ, ক্লাষ্টাৰ সম্পদ সমন্বয়ককে ধৰি ২৯২ জন স্বেচ্ছাসেৱক নিযুক্তি দিয়ে। এই লোকসকলে লগ হৈ সকলোকে পঢ়োৱাত সহায় কৰিছিল। ২০২৩ চনৰ জুলাই মাহত ULLAAS নামৰ নতুন সাক্ষৰতা অভিযান কাৰ্যসূচী ঘোষণা কৰিছিল শিক্ষা মন্ত্ৰালয়ে।য’ত সাক্ষৰতাৰ নতুন মানদণ্ড নিৰ্ধাৰণ কৰাৰ লগতে ৰাজ্যসমূহক এই অভিযানত দ্ৰুতগতিত আগবাঢ়ি যাবলৈও উৎসাহিত কৰা হৈছিল।

দৰমহা ৩০ কোটি, পাছে কিয় বহুতে নিবিচাৰে এই চাকৰি? কাৰণ শুনিলে হ'ব আচৰিত...
পুনৰ কোৰোনা! ক'ভিড-১৯ ৰ JN.1 ভেৰিয়েন্টৰ লক্ষণসমূহ জানেনে? জানক...
আমেৰিকা নে ৰাছিয়া ? কাৰ পাৰমাণৱিক শক্তি বেছি ? ভাৰতৰ শক্তি কিমান ?
শত্ৰুক কি কৰা উচিত ? ক্ষমা নে প্ৰতিশোধ ! এই ক্ষেত্ৰত চাণক্যই কি পৰামৰ্শ দিছে জানক...