আজি অসম দিৱস, চাওঁ আহক ২ ডিচেম্বৰৰ দিনটোৰ ইতিহাস…

২ ডিচেম্বৰ তাৰিখটো বৰ অসমৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ আগমনৰ স্মৃতিত অসম দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগতে এই দিনটোত ঘটা আন আন ঘটনা পৰিঘটনা চাওঁ আহক।

আজি অসম দিৱস, চাওঁ আহক ২ ডিচেম্বৰৰ দিনটোৰ ইতিহাস...
Updated On: 

02 Dec 2025 10:21 AM

আজিৰ ২ ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হৈছে। ২ ডিচেম্বৰ তাৰিখটো বৰ অসমৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ আগমনৰ স্মৃতিত অসম দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি প্ৰায় ৬০০ বছৰ ধৰি চলোৱা আহোম শাসন প্ৰতিষ্ঠাপক চাওলুং চুকাফাক সন্মান জনাই এই দিৱস পালন কৰা হয়। অসমৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিক সংহতিৰ প্ৰসাৰৰ বাবে সাংস্কৃতিক অনুষ্ঠান, সংগীত, নৃত্যৰে এই দিৱস উদযাপন কৰা হয়।

১২২৮ চনৰ ২ ডিচেম্বৰৰ দিনটোতে চাওলুং চ্যুকাফাৰ লগতে আহোমসকল সৌমাৰত উপস্থিত হৈ আহোম ৰাজ্য বা মু’ঙ দ’ন চ’ন খাম স্থাপন কৰিছিল। ১৯৮৭ চনৰ পৰা এই দিনটোত “অসম দিৱস” হিচাপে পালন কৰি আহিছে সমগ্ৰ অসমবাসীয়ে। কোৱা হয় যে, এই দিৱসটো উদযাপন কৰাৰ আৰম্ভণি কৰিছিল ভীমকান্ত বুঢ়াগোহাঁয়ে। ১৯৭২ চনত আৰম্ভ কৰা তেওঁৰ প্ৰচেষ্টাৰ ফলতে অসম দিৱস উদয়াপনৰ আৰম্ভণি ঘটে।

অন্যান্য ঘটনা পৰিঘটনা

২০০৮ চনত পঞ্জাৱ নেচনেল বেংকে এফচিএনআৰৰ সুতৰ হাৰ কৰ্তন কৰে।

২০০৬ চনত ফিলিপাইনছত আগ্নেয়গিৰিৰ ফলত ২০৮ জন লোকৰ মৃত্যু হয় আৰু ২৬১ জন আহত হয়।

২০০৫ চনত পাকিস্তান চৰকাৰে ধৰ্মীয় ঘৃণা আৰু সন্ত্ৰাসবাদক উচটনি দিয়া শিক্ষা আৰু সাহিত্য প্ৰকাশ কৰাত মাদ্ৰাছাক নিষিদ্ধ কৰা আইন প্ৰণয়ন কৰে।

১৯৯৯ চনত ভাৰতত বীমা খণ্ডত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ অনুমোদন লাভ কৰে।

১৯৮৯ চনত বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী হয়। তেওঁ ১৯৮৯ চনৰ ২ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ১০ নৱেম্বৰলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।

১৯৭৬ চনত ফিডেল কাষ্ট্ৰো কিউবাৰ ৰাষ্ট্ৰপতি হয়। ১৮৪৮ চনত প্ৰথম ফ্ৰান্স জোচেফ অষ্ট্ৰিয়াৰ সম্ৰাট হয়।

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
দৰিদ্ৰতা অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই ৩ সংকেত...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী