LIC Recruitment 2025: ভাৰতীয় জীৱন বীমা নিগমত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

LIC Recruitment 2025: এল আই চিত হৈছে খালী পদ। যদি আপুনিও চাকৰিৰ সন্ধান কৰি আছে তেন্তে শীঘ্ৰে আবেদন কৰক।

LIC Recruitment 2025: ভাৰতীয় জীৱন বীমা নিগমত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ভাৰতীয় জীৱন বীমা নিগমত ওলাইছে চাকৰি

Published: 

17 Aug 2025 | 03:12 PM

LIC Recruitment 2025: ভাৰতীয় জীৱন বীমা নিগমে সহকাৰী প্ৰশাসনিক বিষয়া (AAO) আৰু সহকাৰী অভিযন্তা (AE) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে । ১৬ আগষ্টৰ পৰা আৰম্ভ হৈছে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া। ইচ্ছুক প্ৰাৰ্থীয়ে LIC licindia.in ৰ অফিচিয়েল ৱেবছাইটত গৈ ৮ ছেপ্টেম্বৰলৈকে আবেদন কৰিব পাৰিব। মুঠ ৮৪১টা পদৰ বাবে আবেদন কৰিব পাৰে।

মুঠ পদৰ সংখ্যা হৈছে সহকাৰী অভিযন্তা (AE)ৰ বাবে ৮১টা, সহকাৰী প্ৰশাসনিক বিষয়া (বিশেষজ্ঞ)ৰ বাবে ৪১০টা, সহকাৰী প্ৰশাসনিক বিষয়া (জেনেৰেল)ৰ বাবে ৩৫০টা। এই বিভিন্ন পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ কি অৰ্হতা থাকিব লাগে আৰু কেনেদৰে আবেদনকাৰী বাছনি কৰা হ’ব সেই বিষয়ে জানক।

LIC Vacancy 2025: অৰ্হতা কি?
এই বিভিন্ন পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। আবেদনকাৰীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। অ’বিচি শ্ৰেণীৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা ৩ বছৰ আৰু অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ৫ বছৰ শিথিল কৰা হৈছে। ২০২৫ চনৰ ১ আগষ্টৰ পৰা বয়স গণনা কৰা হ’ব।

LIC Bharti 2025: আবেদন মাচুল কিমান?

অনুসূচিত জাতি/জনজাতি/পিডব্লিউডিৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৮৫ টকা।যিহেতু আন সকলো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৭০০ টকা নিৰ্ধাৰণ কৰা হৈছে।

LIC Vacancy 2025 কেনেকৈ আবেদন কৰিব?

  1. LIC ৰ অফিচিয়েল ৱেবছাইট licindia.in ত যাওক।
  2. হোম পেজত দিয়া AAO Recruitment 2025 লিংকত ক্লিক কৰক।
  3. এতিয়া apply লিংকটোত ক্লিক কৰক।
  4. প্ৰ-পত্ৰ পূৰণ কৰি নথি-পত্ৰ আপলোড কৰক।
  5. মাচুল দি জমা দিব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব