ভাগ্য! পিতৃয়ে উপাৰ্জন কৰিছিল ১০০ টকা, পুত্ৰ হ’লগৈ সেনাৰ লেফটেনেণ্ট

তেওঁ কয়, এয়া মোৰ ব্যক্তিগত সফলতা নহয়, সেই সফলতা প্ৰতিজনৰ যিয়ে ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন দেখে। যদি মোৰ দৰে এজন যুৱক, দৈনিক শ্ৰমিকৰ পুত্ৰই এনে কাম কৰিব পাৰে তেন্তে যিকোনো মানুহেই কৰিব পাৰিব। 

ভাগ্য! পিতৃয়ে উপাৰ্জন কৰিছিল ১০০ টকা, পুত্ৰ হলগৈ সেনাৰ লেফটেনেণ্ট

ভাৰতীয় সেনা

Published: 

15 Dec 2024 12:19 PM

চেষ্টাৰ অসাধ্য একো নাই! এই কথাষাৰি যেন বাৰে বাৰে প্ৰমাণ কৰি আহিছে একাংশই। নিজৰ লক্ষ্য স্থিৰ থাকিলে পৃথিৱীৰ কোনো শক্তি আপোনাৰ বাবে বাধা হ’ব নোৱাৰে এই কথা যেন পুনৰ প্ৰমাণ কৰি দিলে এজন ভাৰতীয় যুৱকে। এই যুৱকজনে দেখুৱাই দিলে যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। কষ্ট,ধৈৰ্য, একাগ্ৰতাৰ ফলত সকলোৱে উন্নতিৰ শিখৰত উপনীত হ’ব পাৰে। এই কাহিনী এজন ভাৰতীয় সেনা জোৱানৰ। যিয়ে দৰিদ্ৰতাক ভৰিৰে মোহাৰি পৰিয়ালক গৌৰৱান্বিত কৰি যোগদান কৰিছে ভাৰতীয় সেনাৰ লেফটেনেন্ট হিচাপে। ২৩ বছৰীয়া যুৱক কবিলনৰ কাহিনী বহুজনৰ প্ৰেৰণাৰ কাৰক হ’ব পাৰে।

শনিবাৰে অনুষ্ঠিত ভাৰতীয় সামৰিক একাডেমীৰ পাছিং আউট পেৰেডত আনুষ্ঠানিকভাৱে ভাৰতীয় সেনাবাহিনীত যোগদান কৰে তেওঁ। এই সময় কেৱল তেওঁৰ বাবেই নহয়, তেওঁৰ পৰিয়ালৰ বাবেও আছিল গৌৰৱৰ ক্ষণ। কবিলন তামিলনাডুৰ মদুৰৈ ওচৰৰ এখন সৰু গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ ভেট্ৰিচেলভাম পিয়ে দৈনিক মজুৰি শ্ৰমিক হিচাপে কাম কৰিছিল, প্ৰতিদিনে মাত্ৰ ১০০ টকা উপাৰ্জন কৰিছিল।  বৰ্তমান তেওঁৰ পিতৃ পেৰালাইছি হৈ হুইল চেয়াৰত আছে। পুত্ৰৰ সফলতাত অতি আনন্দিত হৈছে এইগৰাকী পিতৃ। জানিব পৰা মতে প্ৰায় ৩ বছৰ পূৰ্বে যুৱকজনৰ মাতৃ কৰ্কট ৰোগ আৰু কোৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল।

লেফটেনেন্ট কবিলনে কয় যে, ইয়াৰ পূৰ্বে মই বহুবাৰ বিফল হৈছিলো। কিন্তু মই প্ৰতিৰক্ষা বাহিনীত যোগদান কৰিব বিচাৰিছিলো। সেয়ে বাৰে বাৰে চেষ্টা কৰি গৈছিলো আৰু অৱশেষত মই ভাৰতীয় সেনাত যোগদান কৰিলো।তেওঁ লগতে কয়, এয়া মোৰ ব্যক্তিগত সফলতা নহয়, সেই সফলতা প্ৰতিজনৰ যিয়ে ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন দেখে। যদি মোৰ দৰে এজন যুৱক, দৈনিক শ্ৰমিকৰ পুত্ৰই এনে কাম কৰিব পাৰে তেন্তে যিকোনো মানুহেই কৰিব পাৰিব।

মেলুৰ গাঁৱৰ এই যুৱকজনে চৰকাৰী স্কুলৰ পৰাই পঢ়া শুনা সমাপ্ত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অন্না বিশ্ববিদ্যালয়ৰ পৰা ছিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পূৰ্বেও সেনাত ভৰ্তিৰ বাবে তেওঁ কেইবাবাৰো আবেদন কৰিছিল কিন্তু প্ৰতিবাৰেই অসফল হৈছিল। তাৰ পাছতো তেওঁ হাৰ মনা নাছিল আৰু অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয়।

মাতৃৰ মৃত্যুৰ পাছতেই তেওঁ পৰিয়ালৰ সকলো দায়িত্ব নিজৰ কান্ধত পাতি লৈছিল। সেই সময়ত ভাতৃয়ে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু পিতৃৰ অৱস্থা বেয়া আছিল। কাবিলনে পঢ়া শুনা পৰিয়ালৰ চোৱা চিতাৰ লগতে নেশ্যনেল ডিজাষ্টাৰ ৰেচপন্স ফৰ্চ (এন ডি আৰ এফ)ৰ অধীনত স্বেচ্ছামূলক উদ্ধাৰকাৰী বাহিনী ডেল্টা স্কোয়াডত যোগদান কৰিছিল। অশেষ কষ্ট, ত্যাগৰ অন্তত কেবিলনে যোগদান কৰে ভাৰতীয় সেনাত।

বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
শৰীৰত বেয়া কলেষ্টেৰল কম কৰে এই ৫ খাদ্যই! জানক সকলো...
ইউৰিক এচিড হ’লে এনে খাদ্য হ’ব পাৰে বিপজ্জনক, অন্যথা হ’ব পাৰে অধিক সমস্যা
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা