এটা বিশেষ চিন, বন্দে ভাৰতত নাই, কিন্তু বাকীবোৰ ৰে’লত আছে, কি এই চিন আৰু ইয়াৰ বিশেষত্ব কি?

ভাৰতীয় আন সকলো যাত্ৰীবাহী ৰে’লত থকা ক্ৰছ চিনটো বন্দে ভাৰত এক্সপ্ৰেছত কিয় নাই? এই ক্ৰছ চিনটোৱে কি বুজাই? সেই সম্পৰ্কে সবিশেষ জানো আহক ।

এটা বিশেষ চিন, বন্দে ভাৰতত নাই, কিন্তু বাকীবোৰ ৰে’লত আছে, কি এই চিন আৰু ইয়াৰ বিশেষত্ব কি?

ভাৰতীয় ৰে'লৱে

Published: 

11 Apr 2025 15:13 PM

ভাৰতীয় ৰে’লৱেত যাত্ৰা কৰা আমাৰ বহুতেই হয়তো যাত্ৰীবাহী ৰে’লৰ শেষৰ ডবাত এটা ডাঙৰ ক্ৰছ চিন (X) লক্ষ্য কৰিছে, কিন্তু ৰে’লৰ শেষৰ দবাটোত কিয় এইদৰে চিহ্নিত কৰা হয়, তাৰ কাৰণটো কেতিয়াবা ভাবিছেনে বাৰু ? তাতোকৈ লক্ষণীয় কথাটো হ’ল ভাৰতৰ আটাইতকৈ প্ৰযুক্তিগতভাৱে উন্নত ৰে’ল বুলি জনাজাত বন্দে ভাৰত ৰে’লৰ শেষৰখন ডবাত ক্ৰছ চিহ্ন দেখা নাযায় । ভাৰতীয় যাত্ৰীবাহী ৰে’লত থকা ক্ৰছ চিনটো বন্দে ভাৰত এক্সপ্ৰেছত কিয় নাই । সেই সম্পৰ্কে সবিশেষ জানো আহক ।

বহু যাত্ৰীয়ে হয়তো লক্ষ্য কৰে আৰু ভাবে যে ৰেলখনৰ শেষৰ ডবাটোত থকা “X” চিহ্নটোৱে আচলতে কি বুজায় । বহুতেই ৰে’ল মন্ত্ৰণালয়ৰ এক্স হেণ্ডলতো এই বিষয়ে জানিবলৈ বিচাৰিছিল । ৰে’ল মন্ত্ৰালয়ৰ অফিচিয়েল এক্স একাউণ্টৰ এক পোষ্ট অনুসৰি হালধীয়া “X” চিনটোৱে বুজায় যে ৰেলখনে যাত্ৰাপথত কোনো ডবা এৰি নোযোৱাকৈ পাৰ হৈ গৈছে । এই প্ৰতীকটোৰ উপস্থিতিয়ে ৰে’লৱেৰ বিষয়াসকলকো ৰে’লখন সম্পূৰ্ণৰূপে পাৰ হৈ যোৱাৰ নিশ্চয়তা লাভ কৰাত সহায় কৰে ।

কিন্তু বন্দে ভাৰতত নাথাকে এই চিহ্ন । বন্দে ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতীয় ৰে’লৱেৰ দ্বাৰা পৰিচালিত অৰ্ধ-উচ্চ গতিৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ সেৱা । ই ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰে’ল হিচাপেও পৰিচিত । ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ আৰম্ভণি হৈছিল ২০১৯ চনত । নতুন দিল্লী-কানপুৰ-আলাহাবাদ-বাৰানসী পথত ২০১৯ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হৈছিল ।

বন্দে ভাৰত ৰে’লসমূহত ক্ৰছ চিন নোহোৱাৰ আঁৰৰ প্ৰকৃত কাৰণটো হ’ল বন্দে ভাৰত নন-ডিটাচেবল ডবা থকা সম্পূৰ্ণ সংহত ৰে’ল । এই ৰেলখনে পৃথক ইঞ্জিন অবিহনে দুয়ো দিশতে চলাচল কৰিব পাৰে । উন্নত সুৰক্ষা প্ৰযুক্তি আৰু বাস্তৱ সময়ৰ নিৰীক্ষণ ব্যৱস্থাৰে সজ্জিত এই ৰে’লখন, সেয়েহে ‘ক্ৰছ’ চিনৰ প্ৰয়োজনীয়তা ইয়াত নাই ।

উল্লেখযোগ্য যে গতানুগতিক যাত্ৰীবাহী ৰে’লৰ বাবে ‘ক্ৰছ’ চিহ্নটো প্ৰয়োজনীয় বুলি কোৱা হয় যদিও বন্দে ভাৰত ৰে’লৰ উচ্চ প্ৰযুক্তিৰ ডিজাইন আৰু গঠনৰ বাবে এই চিনটোৰ প্ৰয়োজন নাথাকে ।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey